Monday, April 29, 2024
HomeARTICLEবিশ্বায়নৰ যুগত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত হ'ব কিদৰে?

বিশ্বায়নৰ যুগত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত হ’ব কিদৰে?

প্ৰকাশিত তাৰিখঃ ২৩ অক্টোবৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

সমাজবাদী সকলৰ মতে সাম্ৰাজ্যবাদেই হৈছে পূঁজিবাদৰ বিকাশৰ সৰ্ব্বোচ্চ স্তৰ। ৰুছ বিপ্লৱৰ প্ৰধান কাৰিকৰ ভ্লাডিমিৰ ইলচ লেনিনে Imperialism the Highest Stage of Capitalism নামৰ গ্ৰন্থত তত্বগত বিচক্ষণতাৰে দেখুৱাইছে যে পূঁজিবাদী ব্যৱস্থাটোৱে ইয়াৰ ব্যৱস্থাগত প্ৰতিদ্বন্দিতামূলক প্ৰক্ৰিয়াৰে লাভ কৰা বিকাশৰ সৰ্ব্বোচ্চ স্তৰ হৈছে সাম্ৰাজ্যবাদ। সকলো দিশতে ৰাহিপণ্য উৎপাদনৰ অনিবাৰ্য পৰিণাম স্বৰূপে পূঁজিবাদে নিজৰ স্বাৰ্থত পৃথিৱীৰ বজাৰ দখলৰ চেষ্টা কৰিবলৈ বাধ্য। সেইমতে বিশ্বৰ বজাৰ নিজৰ মাজত ভাগ কৰিবলৈ বাধ্য আৰু অৱশেষত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামৰিক নিয়ন্ত্ৰণৰ প্ৰয়োজন। বজাৰ দখলৰ বাবে শান্তিপূৰ্ণ অৱস্থানৰ লগতে যুদ্ধৰ দৰে ধ্বংসাত্মক কাৰ্যও হ’ব পাৰে। সাম্ৰাজ্যবাদী বিকাশৰ এই স্তৰটো ১ম বিশ্ব যুদ্ধৰ পৰা ২য় বিশ্ব যুদ্ধৰ ভিতৰতে এই বিকশিত অৱস্থা পালে। বিকাশৰ এই উত্তৰ আধুনিক পৰ্বটোৱেই গোলকীয় (Global) আৰু বৰ্তমানৰ বিশ্বায়ন। ছোভিয়েট মহাসংঘ পতনৰ পিছত ইয়েই একমাত্ৰ শক্তি হৈ সমগ্ৰ বিশ্ব পৰিচালনা কৰিছে। (বিশ্বায়নৰ যুগত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত হ’ব কিদৰে?)

সাম্ৰাজ্যবাদ যিহেতু পূঁজিবাদৰ চৰম পতনৰ স্তৰ সেয়ে ইয়াৰ ধ্বংসাত্মক দিশটোৱেহে বিশ্বক চলাই নিব। সেইমতে বজাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰ– ৰাজনীতি–সংস্কৃতি–শিক্ষা– একেবাৰে তৃণমূলৰ পৰিয়াল আৰু ব্যক্তিলৈ, নগৰৰ পৰা গাঁৱলৈ এই বিশ্বায়নৰ সম্প্ৰসাৰণ– নামঘৰৰ মণিকূটলৈকে– একো বাকী নাই। বাহ্যিক ৰূপহে (Form) আমাৰ– মৰ্মবস্তু (Content) বিশ্বায়নৰ। তেনেক্ষেত্ৰত খিলঞ্জীয়া/ থলগিৰি/ থানগিৰিৰ কিবা বাকী থাকিবগৈনে বা আছেগৈনে?

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কৈ গৈছে– ‘মণিকূট পোৱাৰ আগতে সমূলে নিপাত কৰ’। থলগিৰিৰ অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰথমে সমাজখনক বিশ্বায়নৰ বিষাক্ত বতাহৰ পৰা মুক্ত কৰিব লাগিব। তাৰ প্ৰাণকেন্দ্ৰ নগৰবোৰক গ্ৰাম্য অৰ্থনৈতিৰে ঘেৰি ৰাখিব লাগিব– বেৰা দিব লাগিব। অৰ্থনীতি গঢ়াৰ সকলো সম্ভাৱনাবোৰ চিনাক্ত কৰি বিকশাই তুলিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward