Friday, May 3, 2024
HomeUncategorizedশিলপুতা আঞ্চলিক সুঁৱেৰী উৎসৱ উদযাপন

শিলপুতা আঞ্চলিক সুঁৱেৰী উৎসৱ উদযাপন

প্ৰকাশিত তাৰিখঃ ২২ এপ্ৰিল, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম গুৱাহাটী সমষ্টি তথা ৰাভা হাছং পৰিষদীয় এলেকাৰ শিলপুতাৰ মুকলি বাকৰিত আজি সুঁৱেৰী উৎসৱ উদ্‌যাপন কৰা হয়। শিলপুতাত আঞ্চলিকভাৱে উদ্‌যাপন কৰা সুঁৱেৰী উৎসৱে এইবাৰ দ্বিতীয়টো বৰ্ষত ভৰি দিছে। আজিৰ সুঁৱেৰী উৎসৱৰ বাকৰিত কুমাৰবড়ীস্থিত মাটিফুটা ফুটুকীবাৰী দেৱালয়, বৰফুলগুৰি, ধোপগুৰি, বেহেনাপাৰা চতুৰ্ভূজ সত্ৰ, টাঙ্গনপাৰা, চল্লি, গোসাঁইডুবি, শিলপুতা, কাৰিপাৰা আদি ৯খন গাঁৱৰ বিগ্ৰহ স্থাপন কৰে। পূৰ্বতে মাটিফুটা ফুটুকীবাৰী দেৱালয়, বৰফুলগুৰী, ধোপগুৰী আৰু বেহেনাপাৰা সত্ৰৰ বিগ্ৰহ স্থাপনেৰে বহুৱা নদীৰ পাৰত আঞ্চলিক ভিত্তিত সুঁৱেৰী উৎসৱ উদ্‌যাপন কৰি আহিছিল।

উল্লেখনীয় যে, প্ৰতিটো বৰ্ষৰ দৌল উৎসৱৰ পিছৰ সাত দিনত আৰু ৮ ব’হাগ (৯ বিহু)ত সুঁৱেৰী উৎসৱ        উদ্‌যাপন কৰি আহিছিল। লোককথা অনুসৰি– প্ৰথমটো ‘বেল খোৱা’ আৰু দ্বিতীয়টো ‘আম খোৱা’ সুঁৱেৰী বুলি জনাজাত আছিল। অতি পুৰণিকালৰ পৰা প্ৰচলন ঘটা এই সুঁৱেৰী উৎসৱ উদ্‌যাপনৰ বাবে আয়োজক কমিটিৰ হাতত নিজা ভূমি নাছিল। সময়ৰ সোঁতত সুঁৱেৰী উদ্‌যাপনৰ বাবে মুকলি পথাৰৰ অভাৱ হৈছিল। সেয়ে বিগত ২০২৩ বৰ্ষৰপৰা সমষ্টিটোৰ শিলপুতালৈ সুঁৱেৰী উৎসৱ স্থানান্তৰ কৰা হয়।

আজি দিনৰ ১২ বজাৰপৰা শিলপুতাৰ মুকলি বাকৰিত সুঁৱেৰী উৎসৱৰ বিগ্ৰহ সমূহ স্থাপন কৰে। সৰুফুলগুৰি সত্ৰীয়া দলে দধিমন্থন, বিভিন্ন গাঁৱৰপৰা অহা আয়তী নামৰীয়া দল, বিহু লগতে জনগোষ্ঠীয় নৃত্য–গীতে সূঁৱেৰী উৎসৱৰ বাকৰি মুখৰ কৰি তোলে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward