Monday, April 29, 2024
HomeARTICLEনতুন সভ্যতাৰ বুৰঞ্জী লিখিবলৈ

নতুন সভ্যতাৰ বুৰঞ্জী লিখিবলৈ

প্ৰকাশিত তাৰিখঃ ১৬ অক্টোবৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

১৫ জানুৱাৰী ১৮৯৭ চনত স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) শিক্ষা সভ্যতা, জ্ঞানৰ প্ৰসংগত কৈছিল– That is the case over the whole world in spite of education and learning. But education has yet to be in the world and civilization– civilization has begun nowhere yet. 99.9% of the human face are more on loss savages even now। (নতুন সভ্যতাৰ বুৰঞ্জী লিখিবলৈ)

প্ৰশ্ন হ’ল ঊনৈশ শতিকাৰ এই বক্তব্য আজিও সত্য নেকি? একৈশ শতিকাত? কিহৰ বাবে? ধৰ্ম আছে– দেৱত্ব নাই। শিক্ষা আছে– পৰিপূৰ্ণতা নাই। গণতন্ত্ৰ আছে, সমাজতন্ত্ৰ আছে– কিন্তু হিংস্ৰতা? নে সভ্যতাৰ জখলাডাল ভঙা? জ্ঞান–বিজ্ঞান–প্ৰযুক্তিৰ বিকাশ ঘটিয়েই আছে। অৰ্থনীতিয়েও নৱ নৱ ৰূপ লৈছে। লগতে সংস্কৃতি–ৰাজনীতিয়েও। বাট্ৰাণ্ড ৰূচেলে বিশ্বৰ চৰকাৰৰ কথা ভাবিছিল। তাৰ আগতে কাৰ্লমাৰ্ক্সৰ সপোন– এখন শোষণহীন শ্ৰমজীৱিৰ পৃথিৱীৰ।

অথচ বিশ্ব আজি হিংস্ৰ–বৰ্ব্বৰ যুগতেই। বিবেকানন্দই কোৱা ৯৯.৯% Savages even now। হয় তেনে এটা সময়তে বাস কৰিও বিশ্বৰ দলিত, শোষিত শ্ৰমজীৱি নিম্নবৰ্গৰ জনগণে এই অৱস্থাৰ পৰিৱৰ্তনৰ বাবে অহৰহ যত্ন কৰি আছে। আজিৰ পৃথিৱী থিয় হৈ আছে কিছু পৰিমাণৰ অন্ধবিশ্বাস আৰু যুক্তিহীনতাক সাৰথি কৰি। ভাৰতবৰ্ষত ই প্ৰকট। এই যুঁজ দিবলৈ হ’লে ইয়াত জীৱিত আৰু সক্ৰিয় হৈ থকা সামন্তবাদৰ সমস্ত অৱশেষ ছিন্ন–ভিন্ন কৰি দিব লাগিব। লগতে ধ্বংস কৰিব লাগিব বণিয়া ব্ৰিটিছৰ এৰি থৈ যোৱা সমস্ত অপশাসনৰ অৱশিষ্ট।

এজন ইংৰাজ অকলশৰীয়া হৈ থাকোতে শিক্ষিত মানুহ। ভদ্ৰলোক দুজন ইংৰাজ মিলিলেই বেপাৰ। তিনিজন ইংৰাজ মানে সংগঠন আৰু সাম্ৰাজ্যৰ সম্প্ৰসাৰণ। বিপৰীতে তিনিজন ভাৰতবাসী পাঁচ মিনিটো একেলগে থাকিব নোৱাৰে। বৃহৎ সংগঠনৰ প্ৰশ্নই নুঠে। দেশৰ সাম্ৰাজ্যবাদ বিৰোধী জাতীয় মুক্তি সংগ্ৰামখনেই তাৰ প্ৰমাণ। দেশৰ স্বাধীনতা তাৰ প্ৰমাণ।

সেয়ে আজি দেশৰ জনতাৰ যুদ্ধ বিশেষকৈ নিম্নবৰ্গৰ– শিক্ষা আৰু সভ্যতাৰ বাবে। একৈশ শতিকা হৈছে ধৰ্মনিৰপেক্ষতা, প্ৰগতিশীলতা, আধুনিকতা আৰু নতুন সভ্যতাৰ বুনিয়াদ গঢ়া।

সমগ্ৰ দেশবাসী যেন একোজন একলব্য। গুৰু আছে যদিও গুৰু নাই। অভিমন্যুৰ দৰে চক্ৰবেহুৰ পৰা ওলোৱা পথ নেজানে। অথচ বেহু ৰচনা কৰিছে নিজৰ কুটুমসকলে। পাঁচ হেজাৰ বছৰৰ সভ্যতা ১৭৫৭–১৯৪৭ চনৰ ভিতৰতে খতম।

সেয়ে একলব্যই ১৭৫৭ চনৰ পলাশীৰ যুদ্ধৰ আগলৈ উভতি গৈ জগৎ চেঠ সকলক চিনাক্ত কৰিব লাগিব। এই অপসংস্কৃতিৰ পৰা মুক্ত কৰিব লাগিব নিজক। বুৰঞ্জীৰ লিকে লিকে নতুন বুৰঞ্জী নতুন মহাকাব্য ৰচনা কৰিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward