Saturday, November 27, 2021
Google search engine
Homeবাতৰিজোনবিল মেলা আৰু পৰম্পৰাগত বিনিময় প্ৰথাঃ উখল-মাখল জাগীৰোড

জোনবিল মেলা আৰু পৰম্পৰাগত বিনিময় প্ৰথাঃ উখল-মাখল জাগীৰোড

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী

 

ইষ্টাৰ্ণ ফ’টো ছাৰ্ভিচ

বিলুপ্তিপ্ৰায় বিনিময় প্ৰথা আৰু তিৱা জনগোষ্ঠীসকলৰ বৰ্ণাঢ্য সংস্কৃতিৰ প্ৰদৰ্শনেৰে ঐতিহ্যবহনকাৰী সম্প্ৰীতিৰ এই জোনবিল মেলা। জানুৱাৰী মাহৰ ২১ৰ পৰা ২৩ তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় সম্প্ৰীতিৰ এই জোনবিল মেলা। গোভা ৰাজপৰিয়ালৰ যদি কোনো অশুচি কৰ্ম-ক্ৰিয়াৰ অসুবিধা নাথাকে তেনেহ’লে মাঘ মাহৰ সংক্ৰান্তিৰ পৰৱৰ্তী বৃহস্পতিবাৰে এই মেলা আৰম্ভ হয় আৰু শনিবাৰে সমাপ্তি ঘটোৱাৰ নিয়ম। আধুনিকতাৰ অলেখ ধামখুমীয়াৰ মাজতো গোভা ৰজাই পূৰবে নিৰ্ধাৰণ কৰি দিয়া দিনতে পৰম্পৰাগতভাৱে আজিও অনুষ্ঠিত হৈ আছে এই জোনবিল মেলা। জাগীৰোডৰ পৰা চাৰি কিঃ মিঃ উত্তৰ দিশে অৰ্থাৎ মৰিগাঁও জিলাৰ জাগীৰোড আৰু জাগী ভকত গাঁৱৰ মধ্যস্থান ‘জোনবিল’ নামৰ এখন বিলৰ পাৰত। বৰ্তমান সমগ্ৰ বিশ্বত আধূনিক মুদ্ৰাৰ জয়জয় ময়ময় অৱস্থা। বিশ্বজুৰি ক্ৰয়-বিক্ৰয়ৰ মাধ্যম হিচাপে আধুনিক মুদ্ৰা ব্যৱস্থা প্ৰচলনৰ সময়ত আধুনিক জীৱনযাত্ৰাত যুগ যুগ ধৰি অচল হৈ পৰিছে এই বিনিময় প্ৰথা। তেনে অচল প্ৰথা এটাক লোকসংস্কৃতিৰ নামত ওভোতাই অনা কাৰ্য সংস্কৃতিৰ বিকাশৰ এক কাৰক। সেয়ে আজিও বৰ্তি আছে জোনবিল মেলাত সুকীয়াকৈ এটা দিনত অনুষ্ঠিত হোৱা ‘বিনিময় প্ৰথা’।

ইংৰাজৰ শাসনৰ সময়লৈ বৰ্তি আছিল এই গোভা ৰাজ্যৰ ৰাজত্ব। আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ লগে লগে এই ৰাজ্যৰ ক্ষমতাও বিলুপ্ত হ’ল। কিন্তু সেই তাহানিৰ গোভা ৰাজ্যৰ এলেকাত আজিও আছে পৰম্পৰাগত গোভা ৰজা। এই ৰাজ্যৰ ৰজাৰ ৰাজদৰবাৰৰ নিৰ্দেশ মতে বহে জোনবিল মেলা। দ্বীপসিং দেউৰজা বৰ্তমান এই গোভা ৰাজ্যৰ ৰজা হিচাপে অধিষ্ঠিত হৈ আছে। পূৰ্বৰ পৰম্পৰা অনুসৰি ২১ জানুৱাৰী বৃহস্পতিবাৰে দুপৰীয়া গোভা ৰজা দ্বীপসিং দেউৰজাই জোনবিল মেলাৰ অস্থায়ী ৰাজদৰবাৰত অন্যান্য ডা-ডাঙৰীয়াৰ সৈতে বহি ভোজভাত খোৱাৰ পিচতেই মেলা আনুষ্ঠানিকভাৱে আৰম্ভ হয়।

পূৰ্বৰ পৰম্পৰা অনুসৰি মেলাথলীত বৃহস্পতিবাৰে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অসমৰ কাৰ্বি আংলঙ জিলা পাহাৰৰ পৰা নামি আহে মূলতঃ তিৱা জনগোষ্ঠীৰ লোকৰ উপৰি কাৰ্বি, খাচী লোকসকল। বিনিময়ৰ বাবে লগত আনে তেওঁলোকৰ উৎপাদিত আদা, হালধি, জলকীয়া, তিল, কচু, লা, ধূনা, ৰঙালাউকে ধৰি অন্যান্য কৃষিজাত দ্ৰব্যৰ মেটমৰা বোজা। মেলাথলীত জিৰণিৰ বাবে তেওঁলোকে নৰা আৰু বাঁহ আদিৰে একো একোটা পুঁজি সাজি লয়। শুকুৰবাৰৰ পুৱাৰ পৰা আৰম্ভ কৰে ভৈয়ামৰ লোকসকলৰ সৈতে সামগ্ৰী বিনিময়। বিনিময়স্থলীত কোনোজনৰ সম্মুখত আদা, আন কোনো এজনৰ সম্মুখত কেঁচা হালধি, অন্য কোনো এজনৰ আকৌ জলকীয়া। ঠিক তেনেদৰে ভৈয়ামৰ জনজাতীয়-অজনজাতীয় লোকসকলেও চিৰা, পিঠা সান্দহগুৰি, লাড়ু, টেঙা আদি সামগ্ৰী হাতত লৈ বিনিময়ত অংশ গ্ৰহন কৰে। দুয়ো পক্ষৰ মাজত সান্দহ-পিঠাৰ সৈতে কচু, ৰঙালাউ, কেঁচা হালধি, আদা, তিল ইত্যাদি সামগ্ৰীৰ বিনিময় চলে। উল্লেখনীয় যে, বিনিময়ৰ সময়ত ভৈয়ামৰ লোকসকলে পাহাৰৰ লোকসকলক ‘মামা-মামী’ বুলি সম্বোধন কৰে। এই ‘মামা-মামী’ সম্বোধনে মেলাৰ এক সুকীয়া সাংস্কৃতিক ঐতিহ্য বহন কৰে।

বিনিময়ত লাভ কৰা সামগ্ৰী সমূহেৰে পাহাৰৰ ‘মামা-মামী’ হ’তে নিজৰ ঘৰত বিহু পাতে। সেয়ে এই পাহাৰীয়া লোকসকলৰ ভোগালী বিহু উদ্‌যাপন ভৈয়ামতকৈ পাঁচ-ছয় দিন মান পলম হয়। এই জোনবিল মেলাত হোৱা বিনিময় কেৱল সামগ্ৰীৰ বিনিময়েই নহয়, ই পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত স্থাপন হোৱা হৃদয়ৰ আদান-প্ৰদান। গতিকে ই এক উল্লেখযোগ্য আৰু মহত্বপূৰ্ণ। সেয়ে অত্যাধুনিক সমাজ ব্যৱস্থাতো জোনবিল মেলাৰ সাংস্কৃতিক গুৰুত্ব ইয়াতেই থকা বুলি ক’ব পাৰি ।

জোনবিল মেলাৰ সামৰণিৰ দিন শনিবাৰ। উক্ত দিনটোতে বহে গোভা ৰজাৰ ঐতিহাসিক ৰাজদৰবাৰ। মধ্য অসমৰ পৰম্পৰাগত তিৱা ৰজাসকলে এই ৰাজদৰবাৰত অংশগ্ৰহণ কৰে। পূৰ্বৰ পৰম্পৰা অনুযায়ী এইবাৰো মেলাৰ সামৰণিৰ দিনা বহিছে ৰাজদৰবাৰ। এই ৰাজদৰবাৰলৈ কৰতলীয়া খলা, নেলী, কুমৈ, বঘৰা, ডিমৰীয়া, চহৰী, তেতেলীয়া, দমাল, ঘগুৱা আদিৰ ৰজাসকলৰ লগতে আহোম ৰজাক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰে। আজি-কালি এই ৰাজদৰবাৰত সন্মানীয় অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী আৰু তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীকো আমন্ত্ৰন কৰে। শুকুৰবাৰ আৰু শনিবাৰে জোনবিল মেলাত তিৱাসকলৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে তিৱা সংস্কৃতিৰ বিভিন্ন সম্পদ ৰাজদৰবাৰত প্ৰদৰ্শিত কৰা হয়। কুকুৰা যুঁজকে আদি কৰি বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হয়। মেলাৰ শেষৰ দিনা অৰ্থাৎ শনিবাৰে জোনবিলত ৰাইজে সমূহীয়াভাৱে মাছ ধৰে। এই জোনবিল মেলাত অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহু পৰ্যটকৰ আগমণ ঘটে।

 

Photo Curtsey: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward