Friday, May 3, 2024
HomeNEWSমাটাইখাৰত সুঁৱেৰি উৎসৱত হাতী দৌৰ প্ৰতিযোগিতা

মাটাইখাৰত সুঁৱেৰি উৎসৱত হাতী দৌৰ প্ৰতিযোগিতা

প্ৰকাশিত তাৰিখঃ ২০ এপ্ৰিল, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমাঞ্চলত অৱস্থিত শ্ৰীশ্ৰীমাটাইখাৰ মাটিফুটা সত্ৰ প্ৰায় ১৭ শতিকাত স্থাপন কৰা হৈছিল। সত্ৰখনত প্ৰতিটো বৰ্ষৰ ৬ ব’হাগ (সাত বিহু)ত সুঁৱেৰি উৎসৱ উদ্‌যাপন কৰি আহিছে। উল্লেখ্য যে, ১৭ শতিকাৰ পৰাই এই সুঁৱেৰি উৎসৱৰ প্ৰচলন ঘটা বুলি মত প্ৰকাশ কৰিছিল সত্ৰাধিকাৰ গজেন ৰাভাই।

উল্লেখনীয় যে, পৰম্পৰা অনুসৰি এইবাৰ মাটাইখাৰত ১৯ এপ্ৰিলত উদ্‌যাপন কৰা হয় সুঁৱেৰি উৎসৱৰ। বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি–বৰ্ণ–ধৰ্মৰ লোকে অংশ গ্ৰহণ কৰা সুঁৱেৰি উৎসৱস্থলী জনগোষ্ঠীয় নৃত্য–গীত মাত লগতে, বিহু হুচৰি আৰু জেং বিহু আদি অনুষ্ঠানেৰে মুখৰ হৈ পৰে। পূৰ্বতে সুঁৱেৰি উৎসৱৰ লগত সংগতি ৰাখি ঘোৰা দৌৰ, কুকুৰা যুঁজ আদি পৰম্পৰাগত খেল–ধেমালিৰ প্ৰতিযোগিতা সমূহৰ আয়োজন কৰি আহিছিল। সময়ৰ গতিত পৰম্পৰাগত সেইবোৰ খেল–ধেমালি প্ৰতিযোগিতা বন্ধ হৈ পৰিছে।

যদিও– সুঁৱেৰি উৎসৱ আয়োজক কমিটিয়ে ২০০৫ চনৰপৰা পৰম্পৰাগত হাতী দৌৰ খেল প্ৰতিযোগিতা আয়োজন কৰি আহিছিল। এইবাৰৰ প্ৰতিযোগিতাখনত মুঠ চাৰিটা হাতী অংশ গ্ৰহণ কৰে। সত্ৰাধিকাৰ গজেন ৰাভাই মুকলি কৰা উক্ত প্ৰতিযোগিতাখনত লাকী আৰু জয়মালা নামৰ হাতী দুটাই ক্ৰমে– প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে। আনহাতে– বিজু আৰু লক্ষী নামৰ হাতী দুটালৈ নিচুকণি বঁটা আগবঢ়ায়।

উল্লেখ্য যে, দক্ষিণ কামৰূপত সনাতন ধৰ্মৰ নিয়ম অনুসৰি ব’হাগ মাহত মঠ–মন্দিৰ, সত্ৰ–দেৱালয়, থান আদিৰ বিগ্ৰহ সমূহ মুকলি ঠাইত লগ লগাই এক উৎসৱ উদ্‌যাপন কৰিছিল। ৰাইজে একে ঠাইতে কেইবাটাও বিগ্ৰহ সেৱা কৰিব পৰা ব্যৱস্থাটোৱেই আছিল সুঁৱেৰি উৎসৱ। গুৰুত্বপূৰ্ণ কথা যে– এই সুঁৱেৰি উৎসৱে সমূহে অঞ্চলটোৰ বিভিন্ন জাতি–বৰ্ণ–ধৰ্মৰ মাজত সমন্বয় স্থাপন কৰিবলৈ সক্ষম হৈছিল। সেয়ে শ শ বছৰ আগতে প্ৰচলন ঘটা এই সুঁৱেৰী উৎসৱৰ ধাৰাবাহিকতা আজিও বৰ্তি আছে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward