Friday, May 3, 2024
HomeARTICLEৰিপাব্লিক অৱ ইণ্ডিয়া

ৰিপাব্লিক অৱ ইণ্ডিয়া

প্ৰকাশিত তাৰিখঃ ২২ এপ্ৰিল, ২০২৪

কল্প ৰঞ্জন গগৈ –

আজিৰ গণৰাজ্যৰ ৭৩ বছৰ সম্পূৰ্ণ হৈ গতি কৰোঁতে বংগত দেখা গৈছে ক্ষুদ্ৰ গণৰাজ্য বা পঞ্চায়তত এক বিশাল–ভয়ংকৰ–হিংস্ৰ আৰু আদিম জোকাৰণি। ভাৰতবৰ্ষৰ দৰে এখন নিম্ন বিত্তৰ দেশত লুকাই থকা আদিম যুগৰ কু–চৰিত্ৰ। সাতটা দশকত এখন স্বাধীন গণতান্ত্ৰিক গণৰাজ্যত নতুনৰ বতাহ লাগি নতুন সমাজ গঢ়াত ইমান বাধা।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কেন্দ্ৰীয় লক্ষ্য (Central Theme) আছিল গ্ৰাম্য স্বৰাজ (Gram Swaraj)। মহাত্মাৰ স্বাধীনতাৰ চৰ্ত আছিল (Gandhis Declaration)। Independence must begin at the bottom. Thus every village will be a Republic or Panchayat having full powers।

সেয়ে তৃণমূলৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবেই নেকি বংগত সেই সহস্ৰ তৎপৰতা? কাৰণ ভাৰতবৰ্ষৰ সংবিধানৰ Directive Principles (Article 40)ৰ মতে The State should take steps to organise village Panchayat ….. to function as units of self Government.

ভাৰতবৰ্ষত সংসদ হৈছে Superstructure যিয়ে গাঁও, উন্নয়ন খণ্ড বা জিলা পৰ্যায়ত কোনো ধৰণৰ গণতান্ত্ৰিক আন্তঃগাঁথনি হ’ব নিদিয়ে। সেয়ে ভাৰতবৰ্ষ United States of India হ’ব নোৱাৰিলে।

দক্ষিণ আফ্ৰিকাৰ কালছোৱা মহাত্মাৰ নিকট সম্বন্ধ আছিল লিওটলষ্টয়ৰ লগত। ১৯০৮ চনত লেনিনে টলষ্টয়ক ৰুছ বিপ্লৱৰ আইনা (Mirror of the Russian Revolution) বুলি আখ্যা দিছিল। লেনিনৰ মতে– Gandhi was the inspirer and leader of a mass movement and a revolutionary।

লিও টলষ্টয়ৰ লগত যোগাযোগৰ তিনি–চাৰি বছৰৰ পিছতে আছিল Gandhi last major agitation in South Africa in which tens of thousands of Indian mine– workers and plantation workers and other indentured workers struck work।

বলছেভিক বিপ্লৱে জনসাধাৰণক বুৰঞ্জীৰ কেন্দ্ৰলৈ লৈ গ’ল (Placed the masses at the centre stage of history for the first time)। একে সময়তে গান্ধীৰ লক্ষ্য আছিল– to bring about institutional changes that would also lead to self Government or swaraj।

১৯১৭ চনৰ নৱেম্বৰৰ ৩ তাৰিখে গান্ধীয়ে কৈছিল– We have to demand Swaraj from our own people. Our appeal must be to them. When the peasantry of India understand what Swaraj is the demand will became irresistible। সেয়ে স্বাধীনতাৰ অমৃতকালত আমি দলিত–শোষিত জনগণৰ লগতে নাৰীশক্তিক প্ৰকৃত স্বৰাজ বা গণৰাজ্যৰ বিষয়ে স্পষ্ট ধাৰণা দিব লাগিব। সকলো দলৰে কাম হ’ব ইয়াৰ বাবে এক উমৈহতীয়া কৰ্মসূচী ল’ব লাগিব। ইয়াৰ বাবে ঔপনিৱেশিক আইনবোৰ বাতিল কৰিব লাগিব– Called for the entire law on indenture to be repealed ‘It is no part of our duty to look to the convenience of the colonies’।

আজি ভাৰতবাসীয়ে মহাত্মাক পুনৰ আৱিস্কাৰ কৰিব লাগিব। তেওঁ বিচৰা গ্ৰাম্য স্বৰাজ বা প্ৰকৃত স্বাধীনতাইহে তৃণমূলৰ গণৰাজ্য প্ৰতিষ্ঠা কৰিলেহে এখন প্ৰকৃত ইউনাইটেড ৰিপাব্লিক অৱ ইণ্ডিয়া (United Republic of India) জন্মলাভ কৰিব। তাতহে থাকিব সমবিকাশ, সমঅধিকাৰ, সকলোৰে বাবে অৰ্থনৈতিক নিৰাপত্তা।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward