Thursday, December 2, 2021
Google search engine
Homeপ্ৰবন্ধডাইনী নিগ্ৰহ – লক্ষ্যৰ দিশে বিৰুবালা ৰাভাৰ আৰু এটি খোজ

ডাইনী নিগ্ৰহ – লক্ষ্যৰ দিশে বিৰুবালা ৰাভাৰ আৰু এটি খোজ

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৬

 

কিশোৰ তালুকদাৰ, নিজাইন–

ডাইনীপ্ৰথাৰ বিৰুদ্ধে সুদীৰ্ঘকাল জুৰি অহৰহ যুঁজ কৰি অহা বিৰুবালা ৰাভাৰ নাম অসমৰ কাৰো অবিদিত নহয়। ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাসত নিমজ্জিত নিজৰেই সম্প্ৰদায়ৰ মানুহৰ বিৰুদ্ধে নিৰৱচ্ছিন্ন আৰু কঠোৰ স্থিতি গ্ৰহণ কৰি তেখেতে নিৰন্তৰভাৱে যি যুঁজ চলাই গৈছে তাৰ বাবেই আনকি মৃত্যুৰ মুখামুখি হোৱা বা সামাজিকভাৱে বহিস্কৃত হৈ জীৱন যাপন কৰিবলগীয়া হোৱা এইসকল নিৰপৰাধ লোকৰ বাবে তেঁও হৈ ৰৈছে এক উদাহৰণ। নকলেও হ’ব যে, নিষ্ঠুৰতম ডাইনীপ্ৰথাৰ আটাইতকৈ বেছিকৈ বলি হ’বলগীয়া হোৱাসকলৰ অধিকাংশই মহিলা।

১৯৮০ চনৰপৰাই ডাইনী নিগ্ৰহৰ দৰে সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে যুঁজ কৰি অহা বিৰুবালাই এতিয়া তেঁওৰ লক্ষ্যৰ দিশে আৰু এটি খোজ সুদৃঢ় কৰা পথত। তেঁওৰ অভিযান ‘মিচন বিৰুবালা’ই এতিয়া ডাইনী সজাই অত্যাচাৰৰ বলি হোৱাসকলৰ বাবে এটি আশ্ৰয়গহ খোলাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে গোৱালপাৰা জিলাৰ ৰামবুক গাৱঁত তেখেতক আবণ্টন দিছে আঠ বিঘা মাটি। জিলা ভূমি উপদেষ্টা সমিতিয়ে অলপতে এই প্ৰস্তাৱত অনুমোদন জনায়।

ডাইনী সজাই অত্যাচৰ চলোৱা এই আক্ৰান্ত ব্যক্তিসকলে বহু সময়ত গাৱঁৰ লোকৰপৰাও নিপীড়িত হ’বলগীয়া হয়। “এইদৰে বিতাড়িত আৰু এৰাপৰলীয়া হৈ থকাসকল আৰু তেঁওলোকৰ সতি-সন্ততিৰ আশ্ৰয়ৰ ব্যৱস্থা কৰাটোতেই এতিয়া অগ্ৰাধিকাৰ দিয়া হৈছে” – বুলি বিৰুবালা ৰাভাই জনালে। আক্ৰান্তসকলৰ পুনৰ সংস্থাপনৰ লগতে তেঁওলোকৰ দক্ষতা বৃদ্ধিৰ বাবেও থাকিব প্ৰশিক্ষণৰ ব্যৱস্থা।

“দুৰ্ভাগ্যজনকভাৱে, উদ্ধাৰ কৰি অনাৰ পিছত আক্ৰান্ত লোকসকলক যেতিয়া গাৱঁলৈ ওভতাই পঠোৱা হয়, তেতিয়া গাঁৱতো তেঁওলোকে একেই পৰিবেশৰ সমুখীন হয়” – বুলি ‘বিৰুবালা মিচন’ৰ সম্বয়ৰক্ষক ড০ নাট্যবীৰ দাসে জনালে। আনকি ডাইনী সজোৱা তেঁওলোকৰ সতি- সন্তানেও আধাতে পঢ়া সামৰিবলগীয়া হয়। ৰামবুক গাৱঁত তেঁওলোকৰ বাবে কাউন্সিলিঙ কেন্দ্ৰ এটাও স্থাপন কৰা হৈছে।

গোৱালপাৰা জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ এটি প্ৰস্তাৱ প্ৰেৰণৰ মাজেৰে এই প্ৰচেষ্টাৰ আৰম্ভণি ঘটোৱা হয়। ৰাজ্যখনৰপৰা ডাইনী নিগ্ৰহ আৰু ডাইনী প্ৰথা নিৰ্মূল কৰাৰ বাবে একপ্ৰকাৰে জেহাদ ঘোষণা কৰা মিচনৰ মূল উদ্যোক্তা বিৰুবালা ৰাভাই নিজে এইক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। ১৩ খন জিলা থকা ‘বিৰুবালা মিচন’ৰ ৬০০ সদস্যাই তেখেতক সঁহাৰি জনায়। অৱশেষত যোৱা ৩ মাৰ্চ তাৰিখে জিলা উপায়ুক্তৰ জৰিয়তে ভুমি আৱণ্টনৰ নথি-পত্ৰ বিৰুবালাৰ হাতত প্ৰেৰণ কৰা হয়।

ইয়াৰ আগেয়ে ২০১৩ চনত দুধনৈ ৰাজহ নগৰত ‘বিৰুবালা মিচন’ৰ বাবে পাঁচবিঘা মাটিৰ আৱণ্টন দিবলৈ ৰাজ্য চৰকাৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল যদিও কিছুসংখ্যক গাৱঁৰপৰা অহা আপত্তিৰ বাবেই বিকল্প প্ৰস্তাৱ এটি বিচৰা হয়।

আনহাতে বিৰুবালা ৰাভাই আশ্ৰয়গৃহৰ সমান্তৰালভাৱে আক্ৰান্ত লোকসকলৰ বাবে নিয়োগৰ সুবিধা তৈয়াৰ কৰাটোও সমানেই জৰুৰী বুলি বিবেচনা কৰে। সেয়েহে তেঁওলোকে অৰ্থনৈতিক নিৰাপত্তাৰ লগ লগে তেঁওলোকক স্বাৱলম্বী কৰি তুলিবলৈ এতিয়াৰেপৰাই কৃষিকৰ্ম আৰু মৎস্যপালন আঁচনি গ্ৰহণ কৰিছে।

গাৱঁৰ এই দুখীয়া লোকসকলক ডাইনী বুলি আখ্যা দি তেঁওলোকৰ মাটি-সম্পত্তি গ্ৰাস কৰাটো একাংশ ধনী ব্যক্তিৰেই কুটিল চক্ৰান্ত বুলি দাসে আখ্যা দুয়ে। ১৯৯১ চনৰ নব্য উদাৰবাদী অৰ্থনীতি সৈতেও ইয়াৰ এক সংযোগ থাকিব পাৰে বুলি তেখেতে কয়। এই প্ৰত্যন্ত এলেকাবোৰত ডাইনী বুলি আখ্যা পোৱা লোক এগৰাকীয়ে নিজকে নিৰপৰাধী সাব্যস্ত কৰাটো সহজ কথা নহয়।

দাসে কয় যে, গোৱালপাৰা জিলাৰ এই প্ৰত্যন্ত এলেকাবোৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কবলত ইমানেই নিমজ্জিত যে, আনকি তাত স্বাস্থ্য-বিভাগক পলিঅ’ প্ৰতিষেধক প্ৰদানৰ দৰে দায়িত্বও পালন কৰিবলৈ দিয়া নহয়। “গাঁওবাসীৰ পৰম্পৰাগত চিকিৎসাৰ প্ৰতি থকা বিশ্বাসৰ বাবেই বহুক্ষেত্ৰত আমি আনকি পলিঅ’ প্ৰতিষেধক শিৱিৰো অনুষ্ঠিত কৰিব নোৱাৰোঁ। মহাবিদ্যালয়ৰ এজন অধ্যক্ষৰ হস্তক্ষেপতহে আমি গাঁওবাসীক তেনে এক কাৰ্যসূচীৰ বাবে সৈমান কৰাব পাৰিছিলোঁ” – বুলি তেখেতে উল্লেখ কৰে।

বিৰুবালা ৰাভাৰ মতে আন এক সমস্যা হৈছে পুৰুষসকলে ডাইনী নিগ্ৰহ বিৰোধী অভিযানবোৰত অংশ ল’বলৈ নিদিয়াৰ ক্ষেত্ৰত মহিলাসকলক ব্যৱহাৰ কৰাটো। “যেতিয়াই আমাৰ দলে কোনো এটা সজাগতা অনুষ্ঠান কৰোঁ, তেতিয়াই একাংশ মহিলাই সদায়েই বিৰোধিতা কৰে”– বুলি উল্লেখ কৰি তেখেতে কয় যে, “ইয়াৰ ফলত এনে কুসংস্কাৰত নিমজ্জিতসকলৰে সুবিধা হয়।”

এনেক্ষেত্ৰত, এজন মানুহৰ ভূমিকা কিন্তু সদায়েই উল্লেখনীয় হৈ পৰে– তেঁও হৈছে গাৱঁৰ গাঁওবুঢ়াজন। প্ৰশাসনৰ প্ৰত্যক্ষ হস্তক্ষেপৰ পৰা আতঁৰত থকা গাঁওবোৰৰ ক্ষেত্ৰত গাঁওবুঢ়াজনৰ ক্ষমতা অপৰিসীম। তেঁওৰ আদেশ সততে অমান্য কৰা নাযায়। সেয়েহে ডাইনীপ্ৰথাৰ দৰে সামাজিক ব্যাধি বিয়পি থকা এলেকাবোৰত গাঁওবুঢ়া এজনে বিশেষ ভূমিকা পালন কৰিব পাৰে।

“এনেকুৱাও উদাহৰণ আছে যে, আকোৰগোঁজকৈ লাগি থকা বাবে গাঁওবুঢ়া এজনক বদলাবলগীয়াও হৈছে”– বুলি তেখেতে কয়।

ডাইনী–নিগ্ৰহৰ বিৰুদ্ধে তেঁওলোকে চলোৱা অভিযানক শক্তিশালী কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন মহাবিদ্যালয়ত তেঁওলোকে এনে কৰ্ম কোষ গঠন কৰিছে বুলিও তেখেতে সদৰি কৰে। যিহেতু এনে মহাবিদ্যালয়বোৰত দূৰণিবটীয়া গাৱঁৰ ছাত্ৰবোৰে পঢ়া-শুনা কৰিবলৈ আহে তেঁওলোকে এই বিজ্ঞানসন্মত প্ৰচাৰ নিজৰ এলেকালৈ লৈ যোৱাত বিশেষ ভূমিকা পালন কৰিব পাৰে। “ছাত্ৰসকলে নিজৰ নিজৰ গাৱঁলৈ এই প্ৰচাৰ নিবলৈ ব্যৰ্থ হ’লেও, তেঁওলোকে অন্ততঃ আমাক জনাব পাৰিব আৰু আমি তেঁওলোকৰ সহযোগী হ’ব পাৰিম”– দাসে কয়।

বিৰুবালা ৰাভাই ডাইনী নিগ্ৰহৰ বিৰুদ্ধে চলোৱা তেঁওৰ এই সংগ্ৰামৰ অংকুৰণৰ বিষয়ে সদৰি কৰি কয় যে, তেঁওৰ মানসিকভাৱে বাধাগ্ৰস্ত শিশুটিয়েই জনজাতীয় সমাজত বৰ্তি থকা এনে অন্ধবিশ্বাসৰ ভিত্তি নাই বুলি ভাবিবলৈ তেঁওক বাধ্য কৰিলে।

“১৯৮৫ চনত মোৰ ল’ৰা ধৰ্মেশ্বৰ সন্দৰ্ভত দেওধনী এগৰাকীয়ে ভবিষ্যতবাণী কৰি কৈছিল যে, তাৰ মৃত্যু অৱশ্যম্ভাৱী আৰু দুদিনমানৰ ভিতৰতে সি মৰিব। কিন্তু মোৰ ল’ৰা এতিয়াও জীয়াই আছে।”– তেঁও কয় যে, এই ঘটনাই পৰম্পৰাগত বিশ্বাসক নস্যাৎ কৰিবলৈ তেঁওক সাহস যোগালে।

‘বিৰুবালাৰ মিচন’ৰ উজনি অসমৰ সমন্বয়ৰক্ষক অৰ্পণা বৰাই কয় যে, উজনি অসমৰ ক্ষেত্ৰত এই ছবিখন আৰু বেছি ভয়াবহ। ‘ইয়াত আক্ৰান্ত লোক এজনক দীঘলীয়া সময়ৰ বাবে মানসিকভাৱে বিপৰ্যস্ত কৰি ৰখা হয় আৰু ঘটনাবোৰ জনোৱা নহয়। সেয়েহে এই ঘটনাবোৰ আন্ধাৰতে থাকি যায়”– তেখেতে কয়।

আনহাতে, উষা ৰাভা নামৰ ‘বিৰুবালা মিচন’ৰ সহকৰ্মী গৰাকীয়ে ডাইনী নিগ্ৰহ প্ৰতিৰোধ আৰু নিৰাপত্তা আইনখন যিমান সোনকালে পাৰি বলৱৎ কৰাৰ বাবে উদ্যোগ গ্ৰহণৰ আহ্বান জনায়। ঝাৰখণ্ড, চত্তিছগড়, ৰাজস্থান বা মহাৰাষ্ট্ৰৰ দৰে অসমতো এই ঘটনাবোৰৰ তদন্তৰ বাবে যথাযথ আইনী ব্যৱস্থা থকাটো দৰকাৰ বুলি তেখেতে উল্লেখ কৰে।

গৰাকী শান্তিযোদ্ধা মহিলা” শীৰ্ষক চুইডাৰলেণ্ডৰপৰা প্ৰকাশিত এক গ্ৰন্থত বিৰুবালা ৰাভাৰ নামো সন্নিবিষ্ট তেখেতে পুনৰ কয় যে, বিৰুবালা ৰাভাৰ অদমনীয় সংগ্ৰামৰ বাবেই “বিশ্বৰ ১০০০ হৈছে।

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward