Thursday, December 2, 2021
Google search engine
HomeARTICLEলকডাউনে সৃষ্টি কৰা কৃষক আৰু শাওঁণৰ পথাৰত ব্যস্ত কৃষক–ৰোৱনীসকল

লকডাউনে সৃষ্টি কৰা কৃষক আৰু শাওঁণৰ পথাৰত ব্যস্ত কৃষক–ৰোৱনীসকল

প্ৰকাশিত তাৰিখঃ ৩ আগষ্ট, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

লকডাউন চলি থকাৰ বাবে অসমৰ মানুহে অধিক উদ্যমেৰে খেতি–বাতিৰ লগত জড়িত হৈ পৰিছে। বিশেষকৈ চৰকাৰী–বেচৰকাৰী কৰ্মচাৰী, ছাত্ৰ–ছাত্ৰী, নিৱনুৱাসকল, কৰ্মক্ষেত্ৰ হেৰোওৱা শ্ৰমিকসকলে কৃষিক্ষেত্ৰত জড়িত হৈ পৰা দেখা গৈছে। মাৰ্চৰ পৰা আৰম্ভ কৰা খেতি–বাতিৰ ফচল সঁচাকৈয়ে সন্তোষজনকভাৱে লাভ কৰিছে। য’ত– নিজৰ অভাৱ পূৰণ হোৱাৰ উপাৰ্জনৰো বাট এটা মুকলি হৈছে। অৱশ্যে খেতিৰ এই ধাৰাবাহিকতা কিমান দিনলৈ বৰ্তি থাকিব সেয়া সময়েহে ক’ব। কাৰণ তেওঁলোকে কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰিছে নে বাধ্যত পৰি খেতি কৰিছে, নে লকডাউনৰ আমনিলগা সময় অতিবাহিত কৰাৰ কাৰণে কৰিছে, নে নিজৰ চখ পূৰাবলৈ খেতি কৰিছে তাৰ ওপৰত সমগ্ৰ বিষয়টো নিৰ্ভৰ কৰিব। যিয়েই নহওক মানুহে বহি নাথাকি কৃষি কৰ্মত জড়িত হৈ পৰিছে। অন্ততঃ লকডাউনৰ নামত এচাম কৃষকৰ জন্ম হৈছে, এয়া সমগ্ৰ জাতিটোৰ বাবে গৌৰৱৰ কথা।   

অসমৰ ৰাইজক ইতিমধ্যে ক’ৰ’ণাই কঁকাল ভাঙি দিছে। সম্পূৰ্ণৰূপে ইয়াৰ পৰা কেতিয়া মুক্ত হ’ব পাৰিব সেয়াও স্পষ্ট নহয়। তাৰ মাজতে ৰাজ্যখনত আহি গ’ল বানপানী। ক’ৰ’ণাই কোঙা কৰি থৈ যোৱা ৰাইজক বানপানীৰ তাণ্ডৱেও কৃষি অৰ্থনীতিৰ ৰাজহাড় ভাঙি থৈ যায়। অসমত প্ৰতি বছৰে বানপানী হয় আৰু এই প্ৰলয়ংকাৰী বানে ৰাজ্যৰ প্ৰধান খেতি ধানকে আদিকৰি অন্যান্য খেতি–বাতি এফালৰ পৰা উচন কৰি নিয়ে। বান কৱলিত অঞ্চলত ইতিমধ্যে শ শ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে, প্ৰতিটোবৰ্ষতে ইয়াৰ পৰিমাণ বৃদ্ধি পাব ধৰিছে। ইয়াৰ লগে লগে ভূমিহীন কৃষকৰ সংখ্যাও বাঢ়িছে। এতিয়া এই ভূমিহীন কৃষকসকলে পেটৰ তাড়নাত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বহিৰাজ্যলৈ ঢাপলি মেলিবলগা হৈছে।

বৰ্তমান ৰাজ্যখনত এফালে ক’ৰ’ণাৰ আতংক আনফালে বানৰ তাণ্ডৱে সৰ্বস্বান্ত কৰি নিয়া লোকৰ কৰুণ বিননি, তাৰ মাজতে কৃষক ৰাইজ পথাৰত নামি পৰিছে। এয়া শাওঁণৰ মাহ। কৃষকে পথাৰত কঠিয়া ৰোপণৰ উপযুক্ত মাহ। সমগ্ৰ বৰ্ষটো চলিব পৰাকৈ ভাতমুঠি যোগাৰৰ বাবে এই মাহটোৱে প্ৰস্তুতিৰ সময়। তেতিয়াহে কৃষকে আঘোণত সোণগুটি চপাব পাৰিব। সেয়ে কৃষক–ৰোৱনী সকলোবোৰ ব্যস্ত খেতিপথাৰত। চৌদিশৰ পথাৰসমূহৰ আকাশ–বতাহ কঁপাই তোলা ট্ৰেক্টৰ–পাৱাৰ টিলাৰৰ শব্দ। প্ৰখৰ ৰ’দ, ডবাপিটা বৰষুণ মুৰ–পিঠিত লৈ ৰোৱনীয়ে পথাৰত ভূঁই ৰুই আছে একেদৰে কৃষকেও ট্ৰেক্টৰ বোৱা, আলি চপোৱা, কঠিয়া উঠোৱা কামবোৰ কৰি আছে। বৰ্তমান কৃষিক্ষেত্ৰত আধুনিক সাঁ–সজুলিয়ে আধিপত্য বিস্তাৰ কৰিছে যদিও– পুৰণি দিনৰ পৰম্পৰাগত পদ্ধতিবোৰও একেবাৰে শেষ হৈ যোৱা নাই, দুই এজনে এতিয়াও নাঙলেৰেও মাটি চহাই খেতি–বাতি কৰি আছে। উল্লেখনীয় যে, আহাৰৰ চতুৰ্থ সপ্তাহৰ পৰা শাওঁণৰ গোটেই মাহটো পথাৰত কঠিয়া ৰোপণৰ সোণালী সময়। যদিও– আজিকালি আধুনিক কৃষি সা–সঁজুলি প্ৰয়োগৰ ফলত আহাৰৰ প্ৰথম সপ্তাহতে পথাৰত কঠিয়া ৰোপণৰ কাম আৰম্ভ কৰে আৰু মাহটোৰ শেষ সপ্তাহটোত অনেকৰ খেতিপথাৰ সমাপ্ত হৈ উঠে। সেয়ে শাওঁণৰ দুটা সপ্তাহ অতিক্ৰম কৰাৰ লগে লগে খেতিপথাৰৰ বেছি অংশতে কঠিয়া ৰোপণৰ কাম সমাপ্ত হৈ উঠিল। লগেলগে খেতিপথাৰ নিজম পৰি আহিল, টেক্টৰৰ আকাশ–বতাহ কঁপোৱা শব্দ আৰু ৰোৱনীসকলৰ আগৰ ব্যস্ততা নোহোৱা হ’ল। আহাৰ–শাওঁণৰ প্ৰখৰ ৰ’দত ভাগৰুৱা কৃষক–ৰোৱনীসকল বৰ্তমান ঘৰতে বিশ্ৰাম লৈ থকাৰ সময়তে পথাৰে সেউজীয়া ৰূপত সঁজাল ধৰি উঠিছে। অৱশ্যে এতিয়াও কিছুসংখ্যক কৃষকৰ কঠিয়া ৰোপণ কৰিবলৈ বাকী আছে।

পশ্চিম গুৱাহাটীৰ অন্তৰ্গত ৰাণীৰ বিভিন্ন অঞ্চলতো আজি কেইদিনমান আগলৈকে কৃষক পৰিয়ালসমূহ কৃষিকাৰ্যত ভীষণ ব্যস্ত হৈ পৰিছিল। পথাৰখনেই হ’ল কৃষকৰ প্ৰধান কৰ্মস্থলী। সেয়ে মহিলাই ভূঁই ৰোৱাই নহয় একাংশই ক’দাল আৰু কঠিয়া উঠোৱা কামও কৰিছে। অঞ্চলটোত আজি কেইটামান বছৰ আগলৈকে গৰুৰে হালবাই খেতি–বাতি কৰিছিল। পৰম্পৰাগতভাৱেই কৰি অহা এই খেতি–বাতিত ফচলৰ উৎপাদন কম হৈছিল যদিও ই সম্পূৰ্ণৰূপে বিশুদ্ধ আছিল। পথাৰসমূহত মাছ, কেঁকোৰা, শামুক উভৈনদী আছিল। কঠিয়া ৰোপণ কৰি উঠাৰ পাছত কেঁচু–কুমটিয়ে খেতিপথাৰৰ মাটি ফুৰফুৰিয়াকৈ উঠাই দি ধান গছ বৃদ্ধিত সহায় কৰি দিছিল। ধানগছ বৃদ্ধিত এনেদৰে সহায় কৰাৰ বাবে কেঁচুক কৃষকৰ বন্ধুৰূপে অভিহিত কৰা হৈছিল। বৰ্তমান অঞ্চলটোৰ খেতিপথাৰ সমূহত আধুনিক যান্ত্ৰিকতাৰ সংযোগ ঘটিছে। সেয়ে নাঙলৰ পৰিৱৰ্তে টেক্টৰ–পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি খেতি কৰা হ’ল। টেক্টৰ ব্যৱহাৰে মাটিবোৰ সম্পূৰ্ণৰূপে গলি যোৱাত সমস্যা বঢ়াই কাৰণে চূণ অথবা তেনেধৰণৰ ৰাসায়নিক পদাৰ্থ ছটিয়াবলগা হৈছে। তদুপৰি উৎপাদন বৃদ্ধিৰ বাবে ৰাসায়নিক সাৰ আৰু পোক–পৰুৱা নিয়ন্ত্ৰণৰ বাবে কীটনাশক ঔষধ ব্যৱহাৰ কৰা হ’ল। অধিক উৎপাদনৰ আশাত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ, ঔষধৰ ব্যৱহাৰ বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে। ফলত ইয়াৰ পাৰ্শ্বক্ৰিয়াই খেতিপথাৰ বিষাক্ত কৰি তুলিছে লগতে টেক্টৰৰ পৰা নিৰ্গত তেল–ম’বিলেও ইয়াত ইন্ধন যোগাইছে। সেয়ে বৰ্তমান খেতিপথাৰবোৰত মাছ, কেঁকোৰা, শামুক, বেং আদি প্ৰাণীবোৰ বিচৰণৰ বাবে অনুপযোগী হৈ পৰিল। এনে খেতিপথাৰবোৰতে মাছ, কেঁকোৰা, শামুক, বেং আদি প্ৰাণীবোৰে বিচৰণ কৰি থকাৰ ফলত ক্ৰমান্বয়ে ইহঁতৰ মৃত্যু ঘটিব ধৰিছে। কৃষকৰ বন্ধু স্বৰূপ কেঁচু–কুমটিবোৰ ইতিমধ্যে বহুদিনৰ আগতে পথাৰৰ পৰা বিলুপ্তি ঘটিছে।

ইপিনে, ৰাণীৰ পৰা দূৰ–দূৰণিৰ পাহাৰ সমূহৰ বাসিন্দা কাৰ্বি, ৰাভা, বড়ো, গাৰো জনগোষ্ঠীৰ লোকসকলো খেতিপথাৰত ভীষণ ব্যস্ত। তেওঁলোকৰ মাজত আধুনিক কৃষি সা–সঁজুলি এইপৰ্যন্ত গৈ পোৱা নাই। এইপৰ্যন্ত পৰম্পৰাগত পদ্ধতিয়েই খেতিবাতি প্ৰচলিত হৈ আছে। কিছুসংখ্যক লোকৰ সমতল ভূমিত খেতিপথাৰ থকাৰ বিপৰীতে এক বৃহৎ সংখ্যকলোক ঝুম খেতিৰ ওপৰত নিৰ্ভৰশীল। খেতিপথাৰত নাঙলেৰে হাল বোৱা হয় যদিও অধিক বোকা থকা পথাৰত কোৰেৰে মাটি চহ কৰি কঠিয়া ৰোপণ কৰিব লগা হয়। কিন্তু পৰিমাণত কম হ’লেও ৰাসায়নিক সাৰ, ঔষধ আদি সেই অঞ্চলবোৰত প্ৰৱেশ কৰিছে। ইয়াৰ ব্যৱহাৰে ভৱিষ্যতে সেউজীয়া পৰিবেশেৰে পৰিপূৰ্ণ অঞ্চলটোত বিৰূপ প্ৰভাৱ পেলাব। ইপিনে– ৰাণীৰ নিচেই ওচৰত থকা গণপতি গাঁওৰ গাৰো জনগোষ্ঠীৰ কৃষকসকলো ভীষণ ব্যস্ত। কোনোজনে সমতল ভূমিৰ খেতিপথাৰত ব্যস্ত থকাৰ বিপৰীতে কোনোজনে ঝুম খেতিত ব্যস্ত আছে।

উল্লেখ্যযোগ্য যে, ৰাজ্যখনৰ পৰা ক’ৰ’ণা ভাইৰাছ এদিন গুচি যাব। আতংকিত মানুহবোৰে পুনৰ আগৰ দৰেই স্বাভাৱিক জীৱন–যাপন কৰিব। ক’ল–কাৰখানা সমূহো হয়তো আগৰ দৰেই চলিব। কিন্তু লকডাউনত সংস্থাপন হেৰোৱাই খেতি–বাতিত হাত দিয়া শ্ৰমিকসকল কৃষিকে জীৱিকা হিচাপে গ্ৰহণ কৰিব নে তাৰপৰা আঁতৰি আহি আগৰ কামত যোগ দিব। যদি– এইসকল লোকে কৃষিকে জীৱিকা হিচাপে গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে সিদ্ধান্ত গ্ৰহণৰ এয়াই উপযুক্ত সময়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward