Thursday, December 2, 2021
Google search engine
HomeARTICLEঅসম চৰকাৰৰ অৱহেলাৰ সুযোগ গ্ৰহন মেঘালয়ৰঃ সীমান্তৰ অসমীয়াসকল মেঘালয়ক ভোটদান

অসম চৰকাৰৰ অৱহেলাৰ সুযোগ গ্ৰহন মেঘালয়ৰঃ সীমান্তৰ অসমীয়াসকল মেঘালয়ক ভোটদান

প্ৰকাশিত তাৰিখঃ ২২ মাৰ্চ, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

অসমে আজি পৰ্যন্ত সীমামুৰীয়া ৰাজ্যকেইখনৰ সৈতে আন্তঃৰাজ্যিক সীমা স্থিৰ কৰিব নোৱাৰিলে। ইয়াক কেন্দ্ৰকৰি চুবুৰীয়া ৰাজ্যকেইখনে নিত্য নতুন কৌশলেৰে অসমৰ সৈতে সংঘাতত লিপ্ত হৈ থাকে। অৱশ্যে, সীমাক কেন্দ্ৰকৰি চুবুৰীয়া ৰাজ্যকেইখনে অসমৰ সৈতে সংঘাতত লিপ্ত হৈ থকা ঘটনা নতুন নহয়। ই বহু পুৰণি। আন্তঃৰাজ্যিক সীমান্তত অসম চৰকাৰৰ দূৰ্বল স্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহন কৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়, নগালেণ্ড, অৰুণাচল আৰু মিজোৰামে। সমস্যাটো অতি গুৰুত্বপূৰ্ণ যদিও আমাৰ চৰকাৰ–প্রশাসনৰ গা–এৰা শাসন ব্যৱস্থাত চুবুৰীয়া ৰাজ্যকেইখন অধিক আগ্রাসী ৰূপত নামি পৰিছে। এই সুযোগত মেঘালয়, নগালেণ্ড, অৰুণাচল, মিজোৰাম কোনখন ৰাজ্যই অসমৰ লগত সীমা বিবাদত লিপ্ত হোৱা নাই। অকল বিবাদতে ক্ষান্ত থকা নাই, বিবাদে ৰক্তাক্ত সংঘৰ্ষৰ ৰূপ লৈছে। এখন ৰাজ্য তল পৰিলে পুনৰ অন্য এখন ৰাজ্য মুৰ দাঙি উঠে। ৰাজ্যখনৰ এটা কোণ শান্ত হ’লে অন্য এটা কোণ অশান্ত হৈ উঠে। আন্তঃৰাজ্যিক সীমা বিবাদ বৰ্তমান ৰাজ্যখনৰ বাবে এক জ্বলন্ত সমস্যা। এই সমস্যা কোনোকালে সমাধানৰ সূত্ৰ উলিয়াব এক মহাব্যাধিত পৰিণত হৈছে।

প্ৰকাশিত তথ্য অনুসৰি– এই মুহুৰ্তত আমাৰ চুবুৰীয়া ৰাজ্যকেইখনে ৮৩,৯১৮.৭২ হেক্টৰ অসমৰ ভূমি বেদখল কৰিছে। সেই অনুসৰি– নগালেণ্ড ৫৯,৪৯০ হেক্টৰ ক্ৰমে– যোৰহাট জিলাত ১৮,৯০৮ হেক্টৰ, শিৱসাগৰ জিলাত ৪,২৮৮ হেক্টৰ আৰু গোলাঘাট জিলা সংলগ্ন সীমান্তৱৰ্তী অঞ্চলৰ ৩৬,২৯৪ হেক্টৰ। উল্লেখ্য যে চুবুৰীয়া ৰাজ্যসমূহৰ ভিতৰত নগালেণ্ডেই সৰ্বাধিক ভূমি বেদখল কৰিছে। অৰুণাচল প্রদেশ– ২১,৩৪৩.২৫ হেক্টৰ, ক্ৰমে– শোণিতপুৰ জিলাত ১১০ হেক্টৰ, বিশ্বনাথ জিলাত ৪,৭৫৬ হেক্টৰ, লখিমপুৰ জিলাত ২,৪৩৫.২৫ হেক্টৰ, ধেমাজি জিলাত ৪,১১৯ হেক্টৰ, তিনিচুকীয়া জিলাত ৯,২৬৯ হেক্টৰ, ডিব্রুগড় জিলাত ২ হেক্টৰ আৰু চৰাইদেউ জিলাত ৬৫২ হেক্টৰ। উল্লেখনীয় যে, ৰাজ্যখনৰ ভূমি বেদখলে আমাৰ সাতখন জিলা সাঙুৰি লৈছে। মেঘালয়– ১,৫২৪.৪৬ হেক্টৰ, ক্ৰমে– কামৰূপ, কামৰূপ (মহানগৰ), গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ অন্তৰ্গত। মিজোৰাম– ১,৫৩৬ হেক্টৰ, ক্ৰমে– হাইলাকান্দি জিলাত ১,০০০ হেক্টৰ, কৰিমগঞ্জ জিলাত ৫৩৬ হেক্টৰ। আনহাতে, কৰিমগঞ্জ জিলাৰ ২৫ হেক্টৰ ভূমি ত্রিপুৰাই দখল কৰিছে।

উল্লেখযোগ্যে যে, ২০১৮ চনৰ ছেপ্টেম্বৰত খাছি পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ শ্বিলং দৰবাৰ হিমাৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হৈছিল। এই বৈঠকত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য এইচ এছ শ্বাইলাই অংশ গ্ৰহণ কৰি এইদৰে কৈছিল– এই মুহুৰ্তত আমাৰ ১৫৪৭.৪২ বৰ্গ কিঃমিঃ এলেকা অসম চৰকাৰৰ অধীনত আছে। সীমান্তৰ ১২ টা পৰিক্ষেত্ৰৰ ২৭০০ বৰ্গ কিঃ মিঃ এলেকা বিবদমান বুলি চিহ্নিত কৰা হৈছে। তাৰ ভিতৰত কাৰ্বি আংলং জিলাৰ ব্লক– ১ আৰু ব্লক– ২ (১৫৪৭.৪২ বৰ্গ কিঃমিঃ), ৰাটাছেৰা (১১.২০ বৰ্গ কিঃমিঃ) আৰু দেছ ডুমৰিয়া (৪৮৭.৭২ বৰ্গ কিঃমিঃ), খাণ্ডুলি–পিয়াৰ (৭৮.৮০ বৰ্গ কিঃমিঃ)। কামৰূপ জিলাৰ– হাহিম (৩.৫১বৰ্গ কিঃমিঃ), লাম্পী (২৯৮.০৭ বৰ্গ কিঃমিঃ), তাৰাবাৰী (৪.৬৯ বৰ্গ কিঃমিঃ), বাখালাপাৰ (১.৫৭ বৰ্গ কিঃমিঃ), বৰদুৱাৰ (১৪৭.৮৩ বৰ্গ কিঃমিঃ)। কামৰূপ মহানগৰ জিলাৰ– খানাপাৰা–পিলিংকাটা (২.২৯ বৰ্গ কিঃমিঃ)। উক্ত পৰিমাণৰ ভূমি অসমৰ পৰা ঘূৰাই বিচাৰিছে মেঘালয়ে। মুখ্যকাৰ্যবাহী গৰাকীয়ে কৈছিল– আমাৰ ভূমি অসমৰ হাতত কিয় হেৰুৱাম? যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিমেই বুলি দৃঢ়তাৰে উল্লেখ কৰিছিল।

বিশেষ মনকৰিবলগীয়া যে, ১৯৮৩ চনৰ ২৬ মে’ত অসম–মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয় হিতেশ্বৰ শইকীয়া আৰু কেপ্তেইন উইলিয়ামচন এ চাংমাৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকৰ যুটীয়া চৰকাৰী কমিটীয়ে ১২টা এলেকা বিবদমান বুলি চিনাক্ত কৰে। বিবদমান এলেকাৰ বিবাদ সমাধানৰ বাবে দুয়ো ৰাজ্যই আলোচনাসমূহ চলাই নিয়াৰ সিদ্ধান্ত লৈছিল। কিন্তু আজিও কোনো এটা এলেকাৰ বিবাদ সমাধান কৰিবলৈ সক্ষম নহ’ল। যাৰ ফলত ৰাজ্য দুখনৰ সীমান্তত উত্তেজনাপূৰ্ণ সমস্যাৰ সৃষ্টি হৈ আহিছে বিভিন্ন সময়ত।   

আজি কেইবামাহ ধৰি অসম–মিজোৰাম সীমান্ত উত্তপ্ত হৈ আছে। সময়ে সময়ে ৰক্তাক্ত পৰিস্থিতিৰো সৃষ্টি হৈছে। মিজো দুষ্কৃতিকাৰীয়ে সীমান্তৰ অসমীয়া গাঁৱৰলোকসকলক অবৰ্ণনীয় অত্যাচাৰ চলাইছে, বহুকেইখন শিক্ষানুষ্ঠান বোমাৰে উৰুৱাই দিছে, ঘৰ–দুৱাৰ জ্বলাই দিছে, বৃহৎ পৰিমাণৰ পশুধনকে আদিকৰি অন্যান্য সা–সম্পতি অনিষ্ট কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাত দুয়ো ৰাজ্যৰ আলোচনা হৈছে। শান্তি–শৃংখলা ৰক্ষাৰ বাবে সামৰিক বাহিনী মোতায়েন কৰা হৈছে। কিন্তু এই মুহুৰ্তলৈকে সীমান্তৰ পৰিস্থিতি শান্ত হোৱা নাই বৰং উত্তপ্ত হৈয়েই আছে। ইপিনে, অসম–নগালেণ্ড সীমান্তও উত্তপ্ত। বিগত সময় চোৱাত মেৰাপানী, উৰিয়ামঘাট, গেলেকী, হালোৱা টিং, নাগিনী মাৰা, দিচৈভেলি, ধনশিৰি কোন ঠাইত নগালেণ্ডে অসমৰ লগত ৰক্তাক্ত সংঘাতত লিপ্ত হোৱা নাই। উল্লেখ্য যে, অসমৰ সৈতে আটাইতকৈ বেছি সংখ্যক ৰক্তাক্ত সংঘাতত লিপ্ত হোৱা চুবুৰীয়া ৰাজ্যখনেই হ’ল নগালেণ্ড। প্ৰতিমাহত আন্তঃৰাজ্যিক সীমান্তত এবাৰ নহয় এবাৰ অসমীয়াৰ লগত নগাৰ সংঘাত থাকিবই। ইফালে অৰুণাচলেও অসমৰ সৈতে সংঘাতত লিপ্ত হোৱা তালিকাখন বেচ দীঘলীয়া। সীমান্তৰ বিহালী, চাউলধোৱা, লেখাপানী লগতে অন্যান্য ঠাইত অৰুণাচলীয়ে চলোৱা তাণ্ডৱলীলা কোনজন অসমীয়াই পাহৰিছে! অসমৰ ভূমি বেদখলৰ নামত আন্তঃৰাজ্যিক সীমান্তত অৱস্থিত অসমীয়া গাঁৱৰ ঘৰ–দুৱাৰ জ্বলাই মানুহবোৰক খেদি পঠিয়াইছে। ব’ল প্ৰয়োগেৰে নতুনকৈ দখল কৰা ঠাই বিলাকত ঘৰ–দুৱাৰ নিৰ্মাণ কৰি গাঁও স্থাপন কৰিছে। য’ত, ৰাষ্টা–ঘাট নিৰ্মাণ, বিজুলী, খোৱাপানী যোগান, গীৰ্জা, বিভিন্ন চৰকাৰী প্ৰশাসনীয় কাৰ্যালয় স্থাপনকে আদিকৰি সকলো সা–সুবিধাযুক্ত এক পূৰ্ণাংগ গাঁৱৰ ৰূপ দিছে। চুবুৰীয়াই সীমা ঠেলি অসমৰ ভূমিত স্থাপন কৰা গাঁৱত বৰ্তমান অসমীয়াৰে প্ৰৱেশ নিষিদ্ধ। মুঠতে সেই অঞ্চলসমূহত অসমীয়াৰ শিপা এডালো থাকিব দিয়াত ৰাজী নহয়। এতিয়া নগা, অৰুণাচলী, মিজোৰ ভয়–ভাবুকিত সীমান্তৰ অসমীয়াসকল এক শংকাপূৰ্ণ জীৱন অতিবাহিত কৰিবলগা হৈছে।  

অসমীয়াত এষাৰ মূল্যবান প্ৰবচন আছে– ‘যিহক ব’ল–শক্তিৰে বশ কৰিব নোৱাৰি বুদ্ধিৰে তাক দাস সজাব পাৰি’। এইষাৰ প্ৰবচনকে বোধহয় মেঘালয়ে মূলমন্ত্ৰ হিচাপে গ্ৰহন কৰিছে। কিয়নো, সীমান্তত অসমৰ ভূমিত অৰুণাচল, নগালেণ্ড, মিজোৰামে যিধৰণে তাণ্ডৱলীলা চলাইছে সেইধৰণে মেঘালয়ে চলোৱা নাই। বেদখল, সংঘাত সকলোতে পাৰ্থক্য দেখা গৈছে। অৰুণাচল, নগালেণ্ড, মিজোৰামে অসমৰ ভূমি বেদখলৰ নামত ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হোৱাৰ সময়ত মেঘালয়ে তাৰপৰা নিৰ্দিষ্ট দূৰত থাকি এক কৌশলী পথ অৱলম্বন কৰিছে। অৱশ্যে, কাৰ্বি আংলঙৰ ব্ল’ক– ১, ব্ল’ক– ২ আৰু কামৰূপৰ লাম্পীত সময়ে সময়ে পৰিস্থিতি অশান্তময় হৈ উঠে। হ’লেও, ৰক্তাক্ত সংঘাতত লিপ্ত হ’বলৈ ব’ল প্ৰয়োগ কৰা নাই। মাত্ৰ অসম চৰকাৰৰ অৱহেলাখিনিক তেওঁলোকে মূল ইছ্যু কৰি লৈছে। যাৰবাবে আন্তঃৰাজ্যিক সীমান্তৰ অসমীয়াসকলৰ একাংশ মেঘালয়ৰ ঘোৰ সমৰ্থক হৈ পৰিছে। সততে সীমান্তৰ অসমীয়াসকলে ভূগি অহা সমস্যাসমূহ হ’ল– খাদ্য, বাট–পথ, বিজুলী, খোৱাপানী, শিক্ষা আদি। অসমীয়াৰ এই সমূহ সমস্যা পূৰণ কৰি দি তেওঁলোকৰ সমৰ্থক কৰি লৈছে। মানে– মেঘালয়ে অসমীয়াক অসমীয়া হিচাপেই থাকিবলৈ সুযোগ দিছে। মাত্ৰ তাৰ সৈতে কেইটামান বিষয়বস্তু যোগ দিছে– প্ৰথমে সীমান্তৰ অসমীয়া লোকসকলক ৰাজ্যখনৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্তি কৰিছে, তাৰ পাছত ক্ৰমে– লোকসকলক চৰকাৰী সূলভ মূল্যৰ ৰেচন যোগান ধৰিছে, বাট–পথবোৰ উন্নয়ন কৰি দিছে, বিজুলী সংযোগৰ ব্যৱস্থা কৰি দিছে, খোৱাপানী যোগান ধৰিছে, ঠাই বিশেষে শিক্ষানুষ্ঠান স্থাপন কৰি দিছে।

যিয়েই নহওক, মেঘালয়ে কৌশলীপূৰ্ণ এই ফান্দখন যি এবাৰ পাতিথোৱাৰ পাছত দ্বিতীয়বাৰ নতুনকৈ পাতিবলগা হোৱা নাই। আগতে পাতিথোৱা ফান্দখনত এতিয়া আমাৰ এচাম সুবিধাবাদী অসমীয়াই নিজে নিজে সোমোৱা আৰম্ভ কৰিছে। কোনে আগে ফান্দখনত সোমাব পাৰে সেইলৈও এতিয়া এখন অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে। উদাহৰণ স্বৰূপে পশ্চিম গুৱাহাটীৰ এইসমূহ গাঁৱৰ কথাকেই আলোচনা কৰিব পাৰি। সমষ্টিটোৰ এইসমূহ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী গাঁও– গঁড়ভাংগা, নতুন গঁড়ভাংগা, পাহাম জিলা, উলুবাৰী, বৰপানী, জালুকপাহাম, ডেকাপথাৰ, আমৰিং, ডুম’পাহাম, চাংমা নগৰ, গণপতি, নতুন বাটাবাৰী (ৰাণী), জয়ন্তীপুৰ, মৈৰাপুৰ, পুৰাণশুকুৰবৰীয়া, শুকুৰবৰীয়া, উমচুৰ, ৰাণীবাৰী, শালসেৰ, পাটগাঁও, মাটাইখাৰ, বিলপাৰা, লুংখুং, ভালাখোৱা, বাখালাপাৰা, জিমিৰিগাঁও। উল্লিখিত গাঁও সমূহৰ একাংশলোকে বছৰ বছৰ ধৰি মেঘালয়ৰ ১০ নং জিৰাং বিধানসভা সমষ্টি, শ্বিলং লোকসভা সমষ্টি, খাছি পাহাৰ জিলা স্বায়ত্তশাসিত পৰিষদকে আদিকৰি সকলোবোৰ নিৰ্বাচনত ভোটদান কৰি আহিছে। ইতিমধ্যে, মেঘালয় চৰকাৰে ২০২১ চনত শেহতীয়া সংশোধনী তালিকাও সম্পূৰ্ণ কৰি তুলিছে। শেহতীয়া সংশোধনী ভোটাৰ তালিকা অনুসৰি সীমান্তৰ অসমীয়াসকলে মেঘালয়ক এইধৰণে ভোটদান কৰাৰ সুবিধা লাভ কৰিছে। মেঘালয়ত অৱস্থিত ২৭ নং ভোটকেন্দ্ৰ উমচেন প্ৰাথমিক বিদ্যালয়ত গঁড়ভাংগা, নতুন গঁড়ভাংগা, পাহাম জিলা, বৰপানী, জালুক পাহাম, ডেকাপথাৰ, আমৰিং গাঁৱৰ লোকে ভোটদান কৰি আহিছে। সীমান্তৰ কাষতে স্থাপন কৰা ৫৮ নং ভোটকেন্দ্ৰ লুংখুং চেকেণ্ডাৰী স্কুলত বাখালাপাৰা, জিমিৰিগাঁও আৰু হাউলা এই গাঁও কেইখনে ভোটদান কৰি আহিছে য’ত– ৮৬৭গৰাকী মুঠ ভোটাৰৰ ৪৪৪গৰাকী পুৰুষ আৰু ৪২৩গৰাকী মহিলা। অসমৰ উমশ্ৰু আৰু শুকুৰবৰীয়া গাঁও দুখনেও ৪২ নং কেন্দ্ৰৰ উমশ্ৰু চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি আহিছে। ৰাণীবাৰী, ৰাজাবালা, বিলপাৰা, আখৈ নিজৰা, ভালাখোৱা, নিউ ভালাখোৱা, পাটগাঁও, শালসেৰ এই গাঁও কেইখনক লৈ ৰাণীবাৰীত দুটা ভোটকেন্দ্ৰ স্থাপন কৰিছে। ৫০নং ৰাণীবাৰী–এ আৰু ৫১নং ৰাণীবাৰী–বি। ৫০নং ভোট কেন্দ্ৰটোৰ স্থান ৰাণীবাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়। এইকেন্দ্ৰটোত অকল পুৰুষ ভোটাৰসকলে ভোটদান কৰে। ইপিনে, ৫১নং ভোটকেন্দ্ৰ ৰাণীবাৰী সামূহিক কেন্দ্ৰত অকল মহিলা ভোটাৰসকলে ভোটদান কৰে। দুয়োটা কেন্দ্ৰৰ মুঠ ভোটাৰৰ সংখ্যা ১,২২২গৰাকী, পুৰুষ– ৬১২ আৰু মহিলা– ৬১০।

ইপিনে, ৰাণী ফ’ৰেষ্ট চ’কৰ পৰা এশ মিটাৰ দক্ষিণে ৰাণী–মাইৰাং পথৰ কাষতে মেঘালয়ে স্থাপন কৰিছে এটি ভোটকেন্দ্ৰ। পূৰ্বতে জিৰাং এলেকাধিপতি (ৰজা) জিৰণী ঘৰটোৰ কাষতে চৰকাৰে এটি অতিথি গৃহ নিৰ্মাণ কৰিছে। পৰৱৰ্তী সময়ত সেই অতিথি গৃহ ভোটকেন্দ্ৰলৈ পৰিণত হ’ল। ৩৫নং ৰাণী–জিৰাং ভোট কেন্দ্ৰটোত অসমৰ গণপতি, নতুন বাটাবাৰী, জয়ন্তীপুৰ, মৈৰাপুৰ, পুৰাণশুকুবৰীয়াৰ একাংশ লোকে ভোটদান কৰি আহিছে। কেন্দ্ৰটোৰ মুঠ ভোটাৰৰ সংখ্যা ৪৫৭গৰাকী। পুৰুষ– ২২৭ আৰু মহিলা– ২৩০গৰাকী।

অতি গুৰুত্বপূৰ্ণ কথা, অসমৰ অবিচ্ছেদ্য গাঁও এখন মেঘালয়ৰ লগত চামিল হৈছে। গাঁওখনৰ নাম দ’লৈ পাহাম, ই পশ্চিম গুৱাহাটীৰ সমষ্টিৰ অন্তৰ্গত। খাছি জনগোষ্ঠীৰ বসতি প্ৰধান গাঁওখনত কেইঘৰমান কাৰ্বি পৰিয়াল আছিল। দ’লৈ পাহামৰ কাষৰীয়া ঠাই জালুক পাহাম। খোজকাঢ়ি গ’লে জালুক পাহামৰ পৰা দ’লৈ পাহামলৈ ২ ঘণ্টা আৰু ৰাণীৰ পৰা ৭–৮ ঘণ্টা দূৰত্বৰ বাট। অসমৰ দ’লৈ পাহাম গাঁওখনৰ খাছিসকলৰ স্থানীয় নাম ‘মাউতামুৰ’। এই মাউতামুৰ নামেৰে মেঘালয়ত পৰিচিত। সৌ সিদিনালৈকে দ’লৈ পাহাম অসমৰ অবিচ্ছেদ্য গাঁও আছিল। গাঁওখনে অসমৰ প্ৰতিটো নিৰ্বাচনত জালুক পাহাম প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোট সাব্যস্ত কৰি আহিছিল। কিন্তু আজি সেই গাঁওখনত বিপৰীত ছবি এখন দেখা গৈছে। ১৯৮৮ চনৰ পৰা ২০১৪ চনলৈকে জালুক পাহাম প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক ভদ্ৰকান্ত উৰাঙে প্ৰকাশ কৰা মতে– ১৯৯৩ আৰু ১৯৯৮ চনত এই গাঁওখনৰ নিৰ্বাচনী লোকপিয়লৰ দায়িত্ব মোক দিয়া হৈছিল। সেই সূত্ৰে গাঁওখনত মই কেইবাবাৰো যোৱাৰ সৌভাগ্য ঘটিছিল। ১৯৯৮ চনলৈকে গাঁওখনে অসমক সকলো প্ৰকাৰে সহায়–সহযোগ কৰি আহিছিল যদিও– ২০১১ চনত আউল লাগিল। ২০১১ চনত গাঁওখনৰ নিৰ্বাচনী লোকপিয়লৰ দায়িত্ব লাভ কৰিছিল ৰজত কাথাৰে। কাথাৰৰ বাবে গাঁওখন অচিনাকী, সেয়ে মোক লগত লৈ গৈছিল। কিন্তু গণনাকাৰী কাথাৰ আৰু মোৰ ওচৰত গাঁওখনৰ খাছি লোকসকলে ওলোটা খৰ মাৰিলে। গাঁওখনৰ খাছি লোকসকলে ৰজত কাথাৰ আৰু মোৰ ওচৰত স্পষ্টভাৱে জনাই দিলে যে– তেওঁলোক আৰু অসমত থকাৰ ইচ্ছা নাই মেঘালয়ৰ লগতহে চামিল হ’ব। এইসন্দৰ্ভত, মেঘালয়ত চামিল হোৱাৰ ইচ্ছা প্ৰকাশ কৰি অসমৰ নিৰ্বাচনী বিষয়ালৈ এখন পত্ৰ লিখি গণনাকাৰী ৰজত কাথাৰৰ হাতত অৰ্পণ কৰে। গণনাকাৰী কাথাৰে উক্ত পত্ৰ ৰাজ্যিক নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰে। কেৱল এখন পত্ৰ প্ৰেৰণতে এখন গাঁও নিজ ৰাজ্যৰ পৰা অন্য ৰাজ্যত চামিল হ’বপৰা কিবা ব্যৱস্থা আছে নেকি? গাঁওখনৰ ইচ্ছা পত্ৰত অসম চৰকাৰৰ প্ৰশাসনে কি নিৰ্দেশ দিছে সেয়া নাজানো। অসমৰ নিৰ্বাচনী লোকপিয়লত কোনো প্ৰকাৰে সহযোগ নকৰাৰ ফলত ২০১১ চনৰ সংশোধনী ভোটাৰ তালিকাত তেওঁলোকৰ নামবোৰ অন্তৰ্ভূক্তি কৰিবপৰা নগ’ল বুলি উৰাঙে প্ৰকাশ কৰে। কিন্তু, বৰ্তমান দ’লৈ পাহাম গাঁওখন মেঘালয়ত মাউতামূৰ নামেৰে লিপিবদ্ধ হোৱাৰ লগতে বৃহৎ সংখ্যক খাছি আৰু কিছু সংখ্যক কাৰ্বিলোক সেই ৰাজ্যখনৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্তি হৈছে। বৰ্তমান মাউতামূৰ গাঁওখনৰ লোকসকলে মাউপ্নাৰ চৰকাৰী বিদ্যালয়ৰ ৪৫ নং কেন্দ্ৰত ভোটদান কৰি আহিছে। বিপৰীতে দ’লৈ পাহাম গাঁওখনত ২০২১ চনৰ সংশোধনী তালিকা অনুসৰি ভোটাৰৰ সংখ্যা প্ৰায় দহজন।

আন্তঃৰাজ্যিক সীমান্তৰ অসমীয়াসকলৰ আৰ্থ–সামাজিক উন্নয়নৰ বাবে মেঘালয় ইমানেই আগ্ৰহীনে? নে তেনে উন্নয়নৰ আঁৰত অসমৰ ভূমি বেদখলৰ কু–চক্ৰান্ত লুকাই আছে! আমি কথাটো যুক্তিযুক্ততাৰে চিন্তা কৰিবই লাগিব নিশ্চয়। কিয়নো, প্ৰাপ্যৰ পৰা বঞ্চিত–অৱহেলিত লোক কেৱল সীমান্তৰ অসমীয়াসকলেই নহয় মেঘালয়ৰ ভিতৰতো তেনেলোকৰ বহু গাঁও আছে। য’ত– সীমান্তৰ অসমীয়াসকলোতকৈ অনুন্নত জীৱন–যাপন কৰি আছে। যুগ যুগ ধৰি নিজ চৰকাৰৰ উন্নয়নৰ পৰা তেওঁলোকেও বঞ্চিত–অৱহেলিত। তেনেক্ষেত্ৰত কি আশাৰে অসমৰ একাংশই ভিতৰি ভিতৰি মেঘালয়ক সহযোগ কৰি নিজ ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাত এক বিশৃংখলাৰ সৃষ্টি কৰি আহিছে! ইয়াত কিবা অৰ্থপূৰ্ণ যুক্তি থাকিব পাৰেনে? যুগ যুগীয়া অসমৰ গাঁৱত এতিয়া মেঘালয়ৰো শাসন চলে, বিষয়টো আমাৰ বাবেই দূৰ্ভাগ্যজনক নহয়নে? 

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward