Thursday, December 2, 2021
Google search engine
HomeARTICLEভ্ৰাম্যমাণ থিয়েটাৰলৈ সংকট

ভ্ৰাম্যমাণ থিয়েটাৰলৈ সংকট

প্ৰকাশিত তাৰিখঃ ২৬ এপ্ৰিল, ২০২১

মিলন মহন্ত

সম্প্ৰতি ভ্ৰাম্যমাণ থিয়েটাৰৰ মাজত অশনি সংকট আহি পৰিছে। মৌলিক সমস্যাৰ নাট মঞ্চস্থ হোৱাৰ বিপৰীতে এজন বা দুজন নাট্যকাৰৰ ব্যৱসায়িক নাটেৰে চলিছে ভ্ৰাম্যমাণ দলৰ নাট। ৰাইজৰ জ্বলন্ত সমস্যাক একাষৰীয়া কৰি একপ্ৰকাৰ চৰকাৰী ব্যৱস্থাৰ শোষণ–লুটপাটৰ ছবিবোৰক অন্ধকাৰত ৰাখিয়ে একাংশ নাট্যকাৰে নাটৰ বজাৰখন মেলি দিছে। সাতামপুৰুষলৈকে খাব পৰাকৈ এনে নাট্যকাৰে ৰাইজৰ কিবা চিন্তাৰ খোৰাক দিয়াৰ বিপৰীতে ৰাইজৰপৰা কিন্তু বিনাদ্বিধাই লুটি নিয়াৰ কৌশল অৱলম্বন কৰিছে। নাটৰ নামবোৰে যেন হ’ল কিবা দাদাগিৰি, গুণ্ডাগিৰি, বলিয়া কৃষ্ঞ, বলিয়া দ্ৰৌপদী আদি। কৃষ্ঞক বলিয়া বুলি কোৱা কেনে ধৰণৰ কথা ভাবি নাপাওঁ– যি দ্ৰৌপদীৰ দুৰাচাৰী দুৰ্যোধন–দুশাসনৰ বাবে নিজৰ জীৱন–যৌৱনত চেকা লাগে। অথচ শ্ৰীকৃষ্ঞক স্তুতি কৰি অন্যায়ৰ বিচাৰ প্ৰাৰ্থনা কৰিছিল। তেনে এগৰাকী মহীয়সী নাৰীৰ নামেৰে বলিয়া দ্ৰৌপদী নাট লিখা কিমানদূৰ সমীচীন আমি বুজিবলৈ টান পাওঁ। প্ৰকৃততে নাটবোৰ কিমান ভাল প্ৰদৰ্শন কৰে, তাৰ বিপৰীতে কিমান বেয়া দেখুৱায়, তাৰ বাবেহে আজিকালি নাট চাবলৈ যাওঁ বুলি কওঁ। আৰম্ভণিৰেপৰাই নিজৰ তেজ–মঙহ দেহৰ ঘাম মাটিত পেলাই যিসকলে ভ্ৰাম্যমাণ নাট্যদলক আজিৰ পৰ্যায়লৈ লৈ আহিল; তেওঁলোকৰ আজি বহুতৰেই নাই নাট্যদলটোত আদৰ। বিপৰীতে হঠাৎ চিডি, সৰু পৰ্দা কিম্বা বাজে ধান্দাত জঁপিয়াই ফুৰা এচামৰ বাবে ভ্ৰাম্যমাণ নাট্যদল যেন ধন ঘটাৰ মাধ্যম হৈ পৰিল। দূখ লাগে। “ভাৰতীয় নাট্য জগতৰ উজ্জ্বল নক্ষত্ৰ, নাট্যকাৰ হবিব তনবীৰে কৈছিল – ‘থিয়টাৰ যদি দৰ্শকক বিব্ৰত কৰিব নোৱাৰে, নাটক চাই দুই ঘণ্টাৰ মূৰত প্ৰেক্ষাগৃহৰপৰা নিশ্চিতভাৱে উলটি আহে, তেনেহ’লে থিয়েটাৰ কৰাৰ কিনো দৰকাৰ।” তেনে ক্ষেত্ৰত, বৰ্তমানৰ ভ্ৰামমাণ থিয়েটাৰৰ একাংশ নাট্যকাৰেও দৰ্শকক থিয়েটাৰ প্ৰেক্ষাগৃহলৈ টানি আনি সংগঠিত ৰূপেৰে দৰ্শকৰ কিবা উপকাৰ কৰা বুলি ক’ব পৰা যায় নে? দুই–এখনক বাদে বহু নাটকত বাহুল্যামিৰে পৰিৱেশিত শব্দৰ জাক্‌জমকতা, বীভৎস আটাহৰ সমাহাৰ। মঞ্চৰ ওপৰেৰে, দৰ্শকৰ মাজেৰেই ৰেডিমেড গান। যি গানত দেখা পোৱা নাযায় বাস্তৱতা, অফুৰন্ত শকতি। নাট–গানবোৰ চাই হতাশাইহে আৱৰি ধৰে। অৱশ্যে অসমীয়া চিনেমা ভাল নোপোৱাসকলে ভ্ৰাম্যমাণ ভালপোৱাৰ কথা হ’ল ভ্ৰাম্যমাণে ৰাইজৰ মাজলৈ সোমাই যায়। চিনেমাই পোনপোটীয়াকৈ ৰাইজৰ কাষলৈ যাব নোৱাৰে। জোৰ–জবৰদস্তি টিকট দিয়া বাবেও পইচা অপচয়ৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শকে ভ্ৰাম্যমাণ নাটক চাবলৈ আহে যদিও মনোগ্ৰাহী নাট নোপোৱাৰ বাবেই গালি–গালাজ পাৰি যোৱাহে পৰিলক্ষিত হৈছে। কেৱল কমিটিৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে, মৰ্যাদা দেখুওৱা আদি কাৰণতো বহু দৰ্শক আহে; যিবোৰৰ নেকি নাট ভাল হোৱা, বেয়া হোৱাৰ কোনো ধাৰণাই নাথাকে। নাট মঞ্চস্থ হোৱাৰ চাৰি–পাঁচটা দৃশ্য যোৱাৰ পাচতো প্ৰেক্ষাগৃহত সোমাই টোপনিয়াই থাকিয়ে সময় কটোৱা দৰ্শকগৰাকীক যেতিয়া শেষত চেনেলৰ আগত সোধা হয়– নাট কেনে হ’ল? নাজানিলেও সুৰাত মতলীয়া হৈ থকা চেনেলৰ মানুহগৰাকীয়ে বুজাই দিয়ে এইদৰে কোৱা, এনেকৈ কোৱা। দুটা দৰ্শনী লাগে বুলি কোৱা আদি কথা। শেষত গম পালোঁ– নাট ভাল হোৱা বুলি কোৱা দৰ্শকগৰাকী হ’ল চেনেলৰ সাংবাদিকগৰাকীৰেই অতি ঘনিষ্ঠ এগৰাকী কাঠ চোৰ, শিল চোৰ। এনেকৈ মেকিং কৰি দৰ্শকক ৰামঠগন দিয়া তিনিটি–পাঁচটি দৰ্শনীৰে অভিলেখ সৃষ্টিকাৰী নাটবোৰে বাৰু সমাজক কিবা গতিশীলতা দিব পাৰিবনে? বাতৰি কাকত, চেনেলত হিট্‌ হোৱা কেবাখনো নাট চাই দেখিলোঁ– নাটৰ জনপ্ৰিয় হিৰো বা হিৰোইনগৰাকীক বাদ কৰিলে জনপ্ৰিয় নাটৰ যেন তেনেই অৰ্থহীন। এনে অলেখ প্ৰশ্ন। সৌ সিদিনা দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ জনপ্ৰিয় অভিনেত্ৰী বিনু কলিতাই দূৰাৰোগ্য বেমাৰত ভূগি মৃত্যুক আঁকোৱালি ল’লে; কিন্তু নাট্যকাৰসকলে এনে নাট্যকৰ্মীক লৈ কোনো নাট ৰচনা কৰা দেখা নগ’ল। কেৱল বলিউড মাৰ্কা হিন্দী চিনেমাৰ লেখীয়া নাট লিখিয়েই চমক সৃষ্টি। নিজৰ এগৰাকী শিল্পীৰ হোৱা দূৰাৱস্থাৰ প্ৰতিও তেখেতসকলৰ যেন কোনো অনুকম্পা নাই। কেৱল টকা ঘটাৰ উত্তম পথ এটি লাগে। তেনেই তাকৰ সমাজৰ মৌলিক সমস্যাৰাজি সন্দৰ্ভত লিখা নাট। সমস্যাৰ মাজত ককবকাই থকা দৰ্শক ৰাইজে কিন্তু নিবিচাৰে এনে নাট। বহুতেই নাট শেষ হ’লেই আমাক কয়– আগৰ দৰে আজিকালি নাট নাই। টিভিৰ আগত যেনেদৰে পৰিয়ালৰ লোক বহি টিভি চাব নোৱাৰা অৱস্থা হৈছে, তেনেদৰেই ভ্ৰাম্যমাণ নাটকবোৰো লাহে ;লাহে পৰিয়ালৰ লোকে একেলগে চাব নোৱাৰা এটি অৱস্থা তৈয়াৰ হৈ গৈ আছে। টিভিক মূৰ্খৰ বাকচ আখ্যা দিয়াৰ দৰেই এসময়ত হয়তো ৰাইজে ভ্ৰাম্যমাণ নাট্যদলৰ নাম ‘ভয়ানক নাট্যদল’ আদি কিবাকিবি নামেৰে নামকৰণ কৰিব। কিয়নো বহু নাটত শিকিবলগীয়া একো দিশেই যেন নাথাকে। অসমৰ জাতীয় জীৱনৰ স্বকীয় ৰূপ লৈ আগবাঢ়ি অহা ভ্ৰাম্যমাণ নাট্যদলসমূহে কেৱল ব্যৱসায়িক দিশেৰে আগবাঢ়ি অহাৰ বাবেই লাৰেলাপ্পা চিনেমা বা চাৰ্কাচৰ লেখীয়াকৈ বহু নাটকত একেই যেন কাহিনী। কেৱল অত্যাধুনিক কাৰিকৰী কৌশল অৱলম্বন আৰু পোহৰৰ মায়াজালৰ আৱাজ। ড০ ভূপেন হাজৰিকাই গাইছিল– “পৰিচালকৰ সুধিবৰ হ’ল মুখাৰে কিমান ঠগিবা, টেক্‌নিক্‌ ভৰা নাটেৰে কিমান নাচনীৰ নাট মেলিবা”। আজিৰ নাটৰ কথাবোৰ ঠিক যেন তেনেকুৱাই। বয়োজ্যেষ্ঠসকলে আজিৰ বহু গান নুশুনাৰ দৰেই কমি গৈছে চাবলৈ অহা সোঁত। হয়তো অসমীয়া চলচ্চিত্ৰ দৰে নাট্যদলটিয়ে এদিন হেৰুৱাই পেলাব দৰ্শকৰ জনসমৰ্থন। বিপৰীতে থিয়েটাৰ সমিতিয়ে ঘোষণা দিওঁতে যোৱা নিশাৰ অভূতপূৰ্ব সাফল্য, বলিষ্ঠ প্ৰদক্ষেপৰ পিচত বিদায় নিশা আদি ঘোষণা আগবঢ়াইও বহু সমিতিয়ে নাট্যদলক বিদায় দিওঁতে বাক্‌–বিতণ্ডা কৰি কিন্তু নাটক ভাল হোৱা নাই বুলি কৈ থিয়েটাৰ সমিতিক কম ধন আদায় দিয়া দেখা যায়। মুঠৰ ওপৰত সমিতিৰ লোকচান। ৰাইজৰ মাজতো নাই তাহানিৰ দৰে উৎসাহ–উদ্দীপনা। এতিয়া অভিনেত্ৰী–অভিনেতাৰ নামত থানাত গোচৰ। বন্ধুৰপৰা ধন আত্মসাৎ কৰা, মানুহক হত্যা কৰিবলৈ ব্লু–প্ৰিণ্ট কৰা লোকেও আজি ভ্ৰাম্যমাণৰ নাটক লিখা কৰিলে। বোলছবি নিৰ্মাণ কৰিবলৈ আহিল। ৰাইজৰ বাট দেখুওৱা মাধ্যমত নিজৰ মাজতে কেণা।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward