Thursday, December 2, 2021
Google search engine
HomeARTICLEআন্তঃৰাজ্যিক সীমান্তত আতংকিত অসমীয়া গাঁও  

আন্তঃৰাজ্যিক সীমান্তত আতংকিত অসমীয়া গাঁও  

প্ৰকাশিত তাৰিখঃ ১৬ আগষ্ট, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

ভাৰতবৰ্ষই স্বাধীনতা লভাৰ পাছত উত্তৰ–পূৰ্বাঞ্চলত অসম, মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য গঠন হৈছিল। আজিৰ মেঘালয়, নগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশক এসময়ত অসমৰ জিলা হিচাপে প্ৰশাসনিক কামকাজ চলাইছিল। ভৌগোলিকভাৱে অসমৰ লগত থকা সময়ত মিজোৰামক– লুচাই পাহাৰ জিলা, নগালেণ্ডক– নগাপাহাৰ জিলা, মেঘালয়ক– সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰো পাহাৰ জিলা আৰু অৰুণাচলক নেফা (North East Frontier Agency) নামেৰে জনা গৈছিল। যদিও– ১৯৬০ চনৰ ১ ডিচেম্বৰত নগাপাহাৰক নগালেণ্ড হিচাপে দেশৰ ১৬সংখ্যক ৰাজ্যৰ স্বীকৃতি প্ৰদান কৰে।  

ভাৰত চৰকাৰে উত্তৰ–পূব অঞ্চল পুনৰ গঠন আইন– ১৯৭১ অনুসৰি সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলা, লুচাই পাহাৰ জিলা আৰু নেফাক সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছিল। সেই অনুসৰি– সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলাক সামৰি ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয় ৰাজ্য গঠন কৰে। ১৯৭২ চনৰ ২১ জানুৱাৰীত নেফাক অৰুণাচল নামেৰে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আৰু ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰে। লুচাই পাহাৰ জিলাক ১৯৭২ চনৰ ২১ জানুৱাৰীত অসমৰ পৰা পৃথক কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়ে। ইয়াৰ লগেলগে লুচাই পাহাৰ জিলাৰ নাম অন্ত পৰিল আৰু মিজোৰাম নামেৰে নতুন নাম আৰম্ভ হ’ল। যি ১৯৭৮ চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে।

ভাৰত চৰকাৰৰ স্বীকৃতিৰ পাছত– ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অসমৰপৰা পৃথক কৰা হৈছিল। উভয় ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণ হৈছিল। সীমাক লৈ বিভিন্ন চুক্তি স্বাক্ষৰ হৈছিল। কিন্তু আজিলৈকে ৰাজ্যকেইখনৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধান নহ’ল। দেশে স্বাধীনতা লভা ৭৫ বছৰ হ’ল যদিও– কেন্দ্ৰ, ৰাজ্যৰ কোনো এখন চৰকাৰে সীমা সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰা দেখা নাই। দেশৰ অন্যান্য ৰাজ্য মহাৰাষ্ট্ৰ–কৰ্ণাটক আৰু হিমাচল–লাডাখৰ মাজতো সীমা বিবাদ আছে। কিন্তু ৰাজ্যকেইখনৰ উভয়ৰ মাজত সীমা বিবাদে সংঘাতৰ ৰূপ লোৱা নাই। কিন্তু আমাৰ অসমৰ চাৰিসীমাত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি এখন সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে। অসমৰ লগত মেঘালয়, নগালেণ্ড, মিজোৰাম আৰু অৰুণাচল এই চাৰি ৰাজ্যৰ কোনোবা নহয় কোনোবাখনে বছৰৰ প্ৰতিটো মাহত সীমা বিবাদক লৈ অপ্ৰীতিকৰ ঘটনাত লিপ্ত হয়। অসমেই হ’ল সৰ্বাধিক আন্তঃৰাজ্যিক সীমা বিবাদত ভুক্তভোগী দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য। এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ।

আজি মিজোৰাম সীমান্ত অশান্ত। কেইদিনমান আগতে সংঘটিত হ’ল ৰক্তক্ষয়ী সংঘৰ্ষ। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ–পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে যোৱা ২৫ জুলাইত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত এক বৈঠকত মিলিত হৈছিল। উক্ত বৈঠকত নগালেণ্ডক বাদ দি বাকীকেইখন ৰাজ্যই আলোচনা–বিলোচনাৰ মাজেৰে সীমা সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিছিল। কিন্তু আলোচনাৰ পিছদিনাই অৰ্থাৎ ২৬ জুলাইত মিজোৰামে ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হয়। অথচ শ্বিলং বৈঠকত ৰাজ্যখনে আলোচনা–বিলোচনাৰ মাজেৰে সীমা সমস্যা সমাধানত সন্মতি প্ৰদান কৰিছিল। আন্তঃৰাজ্যিক সীমান্তৰ হাইলাকান্দি জিলাৰ লাইলাপুৰত মিজো আৰক্ষীৰ নিৰ্বিচাৰ গুলিবৰ্ষণত অসম আৰক্ষীৰ ৬জন বিষয়া–কৰ্মী আৰু এজন অসামৰিক লোক নিহত হোৱাৰ লগতে বহু সংখ্যকলোক আঘাতপ্ৰাপ্ত হয়। অৱশ্যে ২৬ জুলাইৰ ৰক্তাক্ত ঘটনাটোৱে মিজোৰামৰ প্ৰথম নহয়, ৰাজ্যখনে এনেধৰণৰ বহু সংঘাতত লিপ্ত থকাৰ নজীৰ আছে। দুয়ো ৰাজ্যৰ সীমান্তত ৰক্তাক্ত সংঘাতৰ নতুন ঘটনা ঘটা নাই যদিও ২৬ জুলাইৰ ঘটনাৰ জুই এতিয়াও মাৰ যোৱা নাই।

অসম–মিজোৰাম সংঘাতৰ ঐতিহাসিক কাৰণনো কি? তাৰ কাৰণ বিচাৰি আমি ব্ৰিটিছ ঔপনিবেশিক কালছোৱালৈ উভতি যাব লাগিব। ঐতিহাসিকভাৱে দুয়ো ৰাজ্যৰ মাজত ১৬৪ কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাজ্যিক সীমা সংলগ্ন হৈ আছে। বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সৈতে মিজোৰামৰ আইজল, ক’লাশ্বিৱ আৰু মামিত জিলা আগুৰি থকা উক্ত ভূমি ভাগৰ সীমা মূলত দুটা ভাগত বিভক্ত। ব্ৰিটিছসকলে ‘বেংগল ইষ্টাৰ্ণ ফ্ৰণ্ট ৰেগুলেচন আইন– ১৮৭৩’ বলবৎ কৰি সীমা সন্দৰ্ভত ১৮৭৩ চনত প্ৰথমবাৰ আৰু ১৯৩৩ চনত দ্বিতীয়বাৰৰ কাৰণে ন’টিফিকেচন জাৰি কৰে। উক্ত আইন অনুসৰি– ১৮৭৩ চনত অসমৰ কাছাৰ জিলাৰ দক্ষিণে লুচাই জনজাতিসকলৰ বসতিস্থল সমূহক সামৰি লুচাই পাহাৰ জিলা গঠন কৰিছিল। ১৮৭৫ চনত সেই অঞ্চল সমূহকে অসম গেজেটত অন্তৰ্ভূক্ত কৰিছিল। সেই অধিসূচনা জাৰি কৰাৰ দুবছৰ পাছত অঞ্চলটোক Inner Line Reserve Forest হিচাপে ব্যৱহাৰ কৰিছিল। ইপিনে, ১৯৩৩ চনত দ্বিতীয়বাৰৰ কাৰণে ন’টিফিকেচন জাৰি কৰি লুচাই পাহাৰ আৰু মণিপুৰৰ মাজত সীমা নিৰ্ধাৰণ কৰে। নতুনকৈ সীমা নিৰ্ধাৰণত পূৰ্বনিৰ্ধাৰিত সীমাৰ বহুখিনি লৰচৰ হৈছিল। বিশেষকৈ নতুন সীমা লুচাই পাহাৰৰ পিনে বেছি সোমাই যোৱা বুলি অভিযোগ উত্থাপন হৈছিল। তদুপৰি, ব্ৰিটিছসকলে সেই সীমা নিৰ্ধাৰণ কৰা সময়ত লুচাই পাহাৰৰ নাগৰিক সমাজৰ কোনো মতামত লোৱা হোৱা নাছিল। এনে কাৰণত লুচাইসকল অধিক ক্ষোভিত হৈ পৰিছিল। আনহাতে, অসম আৰু লুচাই পাহাৰেও দুই ধৰণৰ সীমা মানি চলাৰ সময়ত বহুখিনি জটিলতাৰ সন্মুখীণ হৈছিল। অসমে ১৯৩৩ চনৰ সীমাক মানি চলে যদিও– লুচাইসকলে ১৮৭৩ চনত নিৰ্ধাৰণ কৰা সীমাকহে অধিক অগ্ৰাধিকাৰ দি আহিছে। ৰাজ্য দুখনৰ মাজত চলি থকা সীমা কেন্দ্ৰীক সংঘাতৰ সেয়াই থুলমূল কাৰণ। 

সকলোৱে জনাকথা– পৃথিৱীৰ ভিতৰত চাহৰ প্ৰথম আৱিস্কাৰ হৈছিল অসমত। আৱিস্কাৰক আছিল ব্ৰিটিছসকলেই। বৃটিছসকলে ভাৰতৰ অন্যান্য ঠাইলৈ ৰাজ্য বৃদ্ধি কৰি থকাৰ সমান্তৰালভাৱে ইয়াৰ পৰিসৰ অসমলৈকো সম্প্ৰসাৰণ কৰিছিল। ৰাজ্য সম্প্ৰসাৰণৰ সময়ছোৱাতে অসমৰ কাছাৰ জিলাত প্ৰথম চাহগছৰ সম্ভেদ লাভ কৰিছিল। বহু পৰীক্ষা–নিৰীক্ষাৰ অন্তত কাছাৰ জিলাৰ ভূমি চাহখেতিৰ বাবে উৎকৃষ্ট বুলি প্ৰমাণিত হৈছিল। সেয়ে জিলাখনত চাহখেতি আৰম্ভ কৰিছিল। বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জৰ উপযুক্ত ভূমিত চাহখেতিৰে পৰিপূৰ্ণ কৰি তুলিছিল। এটা সময়ত কাছাৰ জিলাৰ দক্ষিণাঞ্চল য’ত লুচাইসকলে বসবাস কৰে সেই পাহাৰ অঞ্চললৈকে চাহখেতিৰ সম্প্ৰসাৰণ ঘটিল। চাহখেতি অঞ্চলত অন্যলোকৰ প্ৰৱেশ একপ্ৰকাৰ নিষিদ্ধ বুলি ক’লেও ভুল কোৱা নহয়। ব্ৰিটিছসকলেও চাহখেতি অঞ্চলত অন্যলোকৰ প্ৰৱেশ বন্ধ কৰিছিল। ইয়াৰ প্ৰভাৱ পোনপোটীয়াকৈ লুচাইসকলৰ ওপৰত পৰিছিল। কিয়নো সেই অঞ্চলসমূহৰ ওচৰে–পাজৰে লুচাইসকলে খেতিবাতি কৰাৰ লগতে বিভিন্ন ঠাইলৈ যাতায়তৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিছিল। ব্ৰিটিছসকলে চাহখেতি আৰম্ভ কৰাৰ পাছত সেইবোৰ অঞ্চলত যিকোনো কাম কৰাৰ ক্ষেত্ৰত লুচাইসকলৰ বাধা আহি পৰিল। যাৰফলত তেওঁলোকে বিভিন্ন ধৰণে সমস্যাৰ মুখামুখী হোৱাৰ লগতে অসন্তুষ্টও হৈ পৰিছিল। তদুপৰি, চাহখেতিৰ কাৰণে যোৱা বহিৰাগত ব্ৰিটিছ আৰু ভৈয়ামৰ লোকসকলক সহজভাৱে গ্ৰহণ কৰা নাছিল। সেয়ে সুবিধা পালেই বহিৰাগত ব্ৰিটিছ আৰু ভৈয়ামৰ লোকসকলৰ ওপৰত লুচাই সকলে উপদ্ৰৱ চলাইছিল। ক্ৰমাগতভাৱে বাঢ়ি অহা লুচাই সকলৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে ১৮৩৫ চনত ব্ৰিটিছ চৰকাৰে Assam Levy (বৰ্তমান Assam Rifles) নামৰ এটি বাহিনী গঠন কৰি সেই স্থানতে সংস্থাপিত কৰিছিল।

যোৱা ২৬ জুলাইত অসম–মিজোৰাম সীমান্তত যি কাণ্ড ঘটি গ’ল তাৰপাছত আন্তঃৰাজ্যিক সীমান্তত শান্তি–সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত মিজোৰাম, মেঘালয়, নগালেণ্ড আৰু অৰুণাচলৰ লগত অসমে নতুনকৈ শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হৈছে। শান্তি চুক্তি অনুসৰি– সীমা বিবাদ থকা অঞ্চলসমূহত দুয়ো ৰাজ্যই আৰক্ষী শিৱিৰ স্থাপন নকৰে। বিবাদ থকা অঞ্চলসমূহত দুয়ো ৰাজ্যই চৰকাৰীভাৱে হস্তক্ষেপ নকৰে। আগতে স্থাপন কৰা তেনেবোৰ শিৱিৰ উঠাই নিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ অনুসৰি ইতিমধ্যে অসমে আগেভাগে আৰক্ষীৰ সকলোবোৰ শিৱিৰ উঠাই আনিছে। কিন্তু বাকীকেইখন ৰাজ্যই এই মুহুৰ্ততো সীমান্তৰ আৰক্ষী শিৱিৰসমূহ সম্পূৰ্ণকৈ উঠাই নিয়া নাই।

অসমৰ সৈতে হোৱা শান্তি চুক্তিৰ প্ৰস্তাৱ পালন কৰাৰ সলনি ইয়াক গইনা হিচাপে লৈ এতিয়া চুবুৰীয়া ৰাজ্যকেইখনে একপক্ষীয়ভাৱে সীমা নিৰ্ধাৰণতহে উঠিপৰি লাগিছে। য’ত, অসমৰ ভিতৰুৱা অঞ্চলক তেওঁলোকৰ অধিকাৰলৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। চুবুৰীয়া ৰাজ্যকেইখনৰ এনেধৰণৰ একপক্ষীয় কামকাজ দেখি সম্ৰাট আকবৰ আৰু নাছিৰুদ্দিন ছাহৰ সাধু এটা মনত পৰিছে– খুহুতীয়া কথাৰে ৰাজসভাত হাঁহিৰ ৰোল উঠোৱা নাছিৰুদ্দিনক সম্ৰাট আকবৰে মাজেমাজে জ্ঞানৰ পৰীক্ষা কৰে। তাৰবাবে প্ৰয়োজনীয় ধনবিত ৰাজভৰালৰ পৰাই যোগান ধৰিছিল। এদিনৰ কথা– আকবৰে ৰাজত্বকৰা সাম্ৰাজ্যখনৰ মধ্যস্থান কোনখিনত, তাৰ কেন্দ্ৰবিন্দু চিনাক্ত কৰিবলৈ নাছিৰুদ্দিনক আদেশ দিয়ে। খৰচ–পাতি যিমান লাগে সেয়া ৰাজভৰালৰ পৰা লৈ যাবলৈ নিৰ্দেশ দিলে। ৰাজভৰালৰ ধনবিত লৈ নাছিৰুদ্দিন ছাহে নিতৌ ৰাতিপুৱা ঘৰৰপৰা ওলাই যায় নিশা কেতিয়া ঘৰ সোমাই কোনো ঠিক নাই। ৰাজহাউলীত কিমানবাৰ অহা–যোৱা কৰে তাৰো কোনো ঠিকনা নাই। যিহেতু ৰাজ্যখনৰ জৰীপৰ দায়িত্ব লাভ কৰিছে তেনেক্ষেত্ৰত নাছিৰুদ্দিনক ৰাজহাউলীৰ চিপাহী–চন্তৰীয়েও কোনো হ’কা বাধা নকৰে। যিকোনো সময়ত ৰাজহাউলীত ওলোৱা–সোমোৱা কৰিব পাৰে। এনেদৰে বহুকেইমাহ অতিক্ৰমৰ অন্তত এদিন নিশা আকবৰৰ বাসভৱনৰ চোতালৰ ঠিক সোঁমাজত এটি খুটি পুতিবলৈ আৰম্ভ কৰিছে। খুটিৰ ওপৰত পৰা প্ৰকাণ্ড হাতুৰীৰ কোবত সৃষ্টি হোৱা বিকট শব্দই ৰাজভৱনৰ চৌপাশ কঁপাই তুলিলে। সম্ৰাট, চিপাহী–চন্তৰী সকলোৱে নাছিৰুদ্দিনৰ ওচৰলৈ আহিল আৰু চোতালত খুটি পোটা কাৰণটো সুধিলে। নাছিৰুদ্দিনৰ উত্তৰ– জাহাপনা ৰাজ্যখনৰ চাৰিওফালে ঘূৰিলো। ঘূৰি দেখিলো সকলোফালৰপৰা মধ্যস্থানৰ কেন্দ্ৰবিন্দুটো ৰাজচৌহদৰ চোতালখনেই পৰে। অনুগ্ৰহ কৰি খুটিটোৰ ওচৰলৈ আহক আৰু চাওকচোন যিফালে চাই সেইফালেই সমান দেখিব।

সম্প্ৰতি মেঘালয়ে আন্তঃৰাজ্যিক সীমান্তত এলানী ড্ৰোণ পৰ্ব আৰম্ভ কৰা দেখা গৈছে। অসমৰ আকাশত মেঘালয়ৰ ড্ৰোণ উৰে আৰু ভূমিৰ ছাৰ্ভে কৰে, তাৰপাছত সেইভূমিত বগা, ৰঙা ক্ৰ’ছ চিন দিয়ে। এনেদৰে ৰাজ্যখনে অসমৰ খোদ বৰ ঘৰৰ ভেটিতেই খুটি পুতিবলৈ সাহস কৰিছে। ৰাজ্যখনৰ এনেবোৰ কামকাজে ক্ষুণ্ণ কৰি তুলিছে অসমবাসীক। যোৱা সাত আগষ্টত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুজনাই সীমা সংক্ৰান্তত এক বৈঠকত মিলিত হৈছিল। কিন্তু বৈঠকৰ চৌব্বিশ ঘণ্টা অতিক্ৰম কৰাৰ আগতে অসমৰ ভিতৰলৈ প্ৰৱেশ কৰি একপক্ষীয়ভাৱে সীমা নিৰ্ধাৰণত লাগি গৈছে। এয়া গুৱাহাটী মহানগৰীৰ কন্যাধৰা আৰু বশিষ্ঠ অঞ্চলৰ ঘটনা। একেপদ্ধতিৰে কামৰূপ গ্ৰাম্য জিলাৰ হাঁহিম, গামেৰীমুৰা, লাম্পী আদি অঞ্চলতো মেঘালয়ৰ অন্তৰ্গত ভূমি বুলি দাবী কৰিছে। উল্লেখনীয় যে, কামৰূপ মহানগৰ জিলাৰ বৰ্ণিহাটৰ পৰা আৰম্ভ কৰি কামৰূপ গ্ৰাম্য জিলাৰ অন্তিমকেইখন গাঁও উমচুৰ, মুদুকী, বাখালাপাৰা, জিমিৰিগাঁও, লংচাইলৈকে মেঘালয়ৰ ৰি–ভয় জিলাৰ এক সুদীৰ্ঘ সীমান্ত অঞ্চল সংলগ্ন হৈ আছে। ইপিনে, পশ্চিম গুৱাহাটীৰ গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, নতুন গঁড়ভাংগা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, ডেকাপথাৰ, আমৰিং, নাৰলিং (নৰ্লং), চাংমা নগৰ, গণপতি, মৈৰাপুৰ, উমচুৰ, ৰাণীবাৰী, শালসেৰ, মাটাইখাৰ, বাখালাপাৰা, জিমিৰিগাঁও, লংচাই আদি ত্ৰিশখনৰো অধিক গাঁও মেঘালয় সীমাৰ সৈতে সংলগ্ন হৈ আছে। মেঘালয় চৰকাৰৰ একপক্ষীয় সীমা নিৰ্ধাৰণত বৰ্তমান সীমান্তৱৰ্তী কেইবাখনো গাঁৱে আতংকত দিন কটাবলগীয়া হৈছে।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward