Sunday, May 29, 2022
Google search engine
HomeUncategorizedপলাশবাৰী পৌৰসভা নিৰ্বাচন উপলক্ষে বিজেপি দলৰ সংবাদমেল

পলাশবাৰী পৌৰসভা নিৰ্বাচন উপলক্ষে বিজেপি দলৰ সংবাদমেল

প্ৰকাশিত তাৰিখঃ ১ মাৰ্চ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

পলাশবাৰী পৌৰসভা নিৰ্বাচন উপলক্ষে আজি দক্ষিণ কামৰূপ জিলা বিজেপিয়ে এক সংবাদমেলৰ আয়োজন কৰে। পলাশবাৰী নতুন বজাৰস্থিত বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল পৌৰোহিত্য কৰে দলটোৰ জিলা সভাপতি ধনেশ্বৰ তালুকদাৰে।

সংবাদমেলত দলটোৱে ‘সংকল্প পত্ৰ, পৌৰসভা নিৰ্বাচন– ২০২২’ শীৰ্ষক ইস্তাহাৰখনি আনুষ্ঠানিকভাৱে মুকলি কৰে। সংবাদমেলত অংশ গ্ৰহণ কৰা জিলা প্ৰভাৰী জয়ন্ত ডেকাই ইস্তাহাৰত উল্লিখিত আঁচনি সমূহ ব্যাখ্যা আগবঢ়ায়। লগতে চৰকাৰী আঁচনি সমূহৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

সংবাদমেলত উত্থাপিত প্ৰশ্ন সমূহৰ উত্তৰ জিলা সভাপতি ধনেশ্বৰ তালুকদাৰে প্ৰদান কৰে। পৌৰ এলেকাটোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিব বুলিও আশ্বাস প্ৰদান কৰে। লগতে পৌৰ নিৰ্বাচনত বিজেপি–অগপ মিত্ৰজোটৰ সকলো প্ৰাৰ্থী জয়যুক্ত হব বুলিও ব্যক্ত কৰে।

পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা প্ৰাক্তন পৌৰপতি ৰাতুল শৰ্মা আৰু অসম জাতীয় পৰিষদৰ সুধন্ন চন্দ্ৰ কলিতাৰ মাজত প্ৰতিদ্বন্দিতা অনুষ্ঠিত হ’ব। অৱশ্যে, শাসকীয় দলটোৰ প্ৰাৰ্থী ৰাতুল শৰ্মা জয়ী হোৱাৰ বাট নিশ্চিত বুলিও দোহাৰে।

সংবাদমেলত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনুপ কুমাৰ মেধি, অঞ্জন গোস্বামী, দীপক তালুকদাৰ, হিৰণ্য দাস, জিলা সম্পাদকদ্বয় অনুপম বৰদলৈ আৰু পৰমানন্দ দাস, বিজেপি টাউন মণ্ডলৰ প্ৰাক্তন সভাপতি দুৰ্লভ কলিতাসহ বহুসংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward