Saturday, May 18, 2024
HomeNEWSজিমপুটাত ৰঙালী বিহু সন্মিলন

জিমপুটাত ৰঙালী বিহু সন্মিলন

প্ৰকাশিত তাৰিখঃ ৫ মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ মুদুকী জিমপুটাৰ নৱজ্যোতি যুৱক সংঘই ৪ মে’ত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছিল ৰঙালী বিহু সন্মিলন। এইবাৰ ৰঙালী বিহু সন্মিলনখনে ১৯তম্‌ বৰ্ষত ভৰি দিছে।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি গণৰাম ৰাভা লগতে বিশেষ ব্যক্তিৰ দ্বাৰা ১৮খনকৈ পতাকা উত্তোলন কৰে। দুপৰীয়া আয়োজন কৰা থলুৱা খেল–ধেমালি, কবিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ওচৰ–পাজৰ গাঁৱৰ প্ৰতিযোগীসকলেও অংশ গ্ৰহণ কৰে।

আবেলি লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া চেমিম আখটাৰে বৃক্ষৰোপণ কৰে।

সন্ধিয়া জিমপুটা গাঁৱৰ আয়তীসকলে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰে ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক গোবিন্দ ৰাভাই।

সন্ধিয়াৰ পৰাই আৰম্ভ হয় বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ। নিশাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে  জনপ্ৰিয় যুৱ শিল্পী অংকুৰ তনয় আৰু চন্দ্ৰামিতা কাশ্যপে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward