Wednesday, May 22, 2024
HomeNEWSআজি আন্তৰ্জাতিক শ্ৰমিক দিৱস

আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস

প্ৰকাশিত তাৰিখঃ ১ মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস অৰ্থাৎ মে’ দিৱস। প্ৰতিটো বৰ্ষৰ ১মে’ তাৰিখত শ্ৰমিক দিৱস পালন কৰা হয়। উল্লেখ্য যে, ১৮৮৬ চনৰ ১ মে’ত ৮ ঘণ্টা শ্ৰমদানৰ দাবীত আমেৰিকা যুক্তৰাজ্যৰ চিকাগো চহৰত শ্ৰমিকসকলে বিশাল আন্দোলন কৰিছিল। যদিও, ১০–১২ ঘণ্টাৰ পৰিৱৰ্তে ৮ঘণ্টা শ্ৰমদানৰ সময় নিৰ্ধাৰণ কৰিবলৈ আমেৰিকা যুক্তৰাজ্যত শ্ৰমিকসকলে ১৮৮৪ চনৰ পৰাই আন্দোলন কৰি আহিছিল। ১৮৮৬ চনৰ ১ মে’ৰ পৰা ৮ ঘণ্টা শ্ৰমদানৰ দাবী কাৰ্যকৰী কৰিবলৈ শ্ৰমিকসকলে মালিক পক্ষক শেষ সীমা বান্ধি দিছিল। কিন্তু কল–কাৰখানাৰ মালিক পক্ষই শ্ৰমিকৰ এই দাবী মানি লোৱা নাছিল। মালিক পক্ষই এই দাবী মানি নোলোৱাত শ্ৰমিকসকলে চিকাগো চহৰৰ হে–মাৰ্কেটত একগোট হৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। শ্ৰমিকসকলে প্ৰতিবাদী শোভাযাত্ৰা কৰাৰ আগতে ভাষণ চলি আছিল। তেনে সময়তে ৰাষ্ট্ৰ বাহিনীৰ নিৰ্বিচাৰ গুলি চলিছিল শ্ৰমিকসকলৰ ওপৰত, য’ত– ১১জনকৈ শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। সেইসকল শ্ৰমিকে দি যোৱা বলিদানক সোঁৱৰণ কৰি আজি সমগ্ৰ বিশ্বই ১ মে’ৰ দিনটোক শ্ৰমিক দিৱস ৰূপে পালন কৰি আহিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward