Friday, May 17, 2024
HomeNEWSবৰিহাটত নৱাৰুণ সাহিত্য সভাৰ বিশেষ অনুষ্ঠান সম্পন্ন

বৰিহাটত নৱাৰুণ সাহিত্য সভাৰ বিশেষ অনুষ্ঠান সম্পন্ন

প্ৰকাশিত তাৰিখঃ ২ মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ অগ্ৰণী সাহিত্যানুষ্ঠান নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ উদ্যোগত ১ মে’ত ত্ৰিধাৰা আঞ্চলিক কলা সংঘ, আমৰাঙ্গা–বৰিহাটৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সাহিত্যানুষ্ঠানটোৰ সভাপতি কমলা কান্ত দাসে। স্মৃতি তৰ্পণ কৰি উপ-সভাপতি প্ৰাণেশ্বৰ কলিতাই। তেখেতে– জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকলক অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা ত্যাগক স্মৰণ কৰে।

উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ মাজত ‘নপঢ়ো কিয়’ শীৰ্ষক খেল প্ৰতিযোগিতা অনুষ্ঠানটো পৰিচালনা কৰে সভাৰ প্ৰাক্তন সভাপতি যদুৰাম কলিতা আৰু নৱোদয় আদৰ্শ বিদ্যামন্দিৰৰ সচিৱ কল্প কলিতাই। যদুৰাম কলিতাই এই অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থীৰ শৈক্ষিক উত্তৰণত যথেষ্ট উদ্‌গনি লাভ কৰিব বুলি কয়।

আনহাতে, কল্প কলিতাই নৱাৰুণ সাহিত্য সভাৰ এই অনুষ্ঠানৰ দ্বাৰা শিক্ষাৰ্থীসকলে বিভিন্ন বিষয়ত আগবাঢ়িব বুলি কয়। পঞ্চমমানৰ পৰা সপ্তমমানলৈ আৰু অষ্টমমানৰ পৰা দশমমানলৈ দুটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ৬০গৰাকী শিক্ষাৰ্থীয়ে অংশ লয়।

আনুষ্ঠানত বৰ্ণা শুদ্ধি, চাফ-চিকুণ, বক্তৃতা আদি বিষয়ত কেইবাজনো শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয়। ‘ক্ৰমবিৱৰ্তনত ৰঙালী বিহু’ শীৰ্ষক আলোচনা চক্ৰখন সঞ্চালনা কৰে নৱাৰুণ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কিৰণ কলিতাই। তেওঁ অপসংস্কৃতিৰ বাহক নহৈ জাতীয় ঐতিহ্য হিচাপে বিহু পৰিচালিত হ’ব লাগে বুলি কয়। আলোচক হিচাপে অংশ গ্ৰহন কৰি অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ণ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক যোগেশ দাসে বিহুক বিকৃত কৰা সকলৰ প্ৰতি ক্ষোভ উজাৰে।ব’হাগ বিহু এমাহ ধৰি পালনৰ পৰিৱৰ্তে সাত বিহুতেই শেষ কৰিবলৈ সকলোকে আহ্বান জনায়।

উল্লেখনীয় যে, সভাত মামনি ৰয়ছম গোস্বামীৰ নামেৰে নৱনিৰ্মিত পলাশবাৰী–শুৱালকুছি দলংৰ নামাকৰন আৰু আমৰাঙা-বৰিহাট অঞ্চলৰ বিদ্যালয় সমুহত শিক্ষাৰ্থী অনুপাতে বিভাগীয় শিক্ষকৰ নিযুক্তি দিয়াৰ বাবে দাবী জনাই সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহন কৰে। প্ৰাক্তন সম্পাদক ধ্ৰুৱজ্যোতি দাসে আঁত ধৰা অনুষ্ঠানত সহকাৰী সম্পাদক ৰাজীৱ চৌধুৰী, আকাশৰ কাৰ্যকৰী সভানেত্ৰী মামনি কলিতাকে ধৰি সদস্যাসকল, শাখাৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকি সহযোগ কৰা বাবে ধন্যবাদ জনাইছে সাহিত্যানুষ্ঠানটোৰ সম্পাদক মিতুমনি দাসে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward