Friday, May 17, 2024
HomeNEWSৰাণীৰ গুইমাৰীত মৃত শগুণ উদ্ধাৰ

ৰাণীৰ গুইমাৰীত মৃত শগুণ উদ্ধাৰ

প্ৰকাশিত তাৰিখঃ ২ মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ গুইমাৰী পথাৰত আজি ৯ টাকৈ মৃত শগুণ উদ্ধাৰ কৰা হয়। আজি পুৱা এই খবৰ লাভ কৰাৰ লগে লগে ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

বিভাগীয় বিষয়া–কৰ্মীৰ দলটোৱে ঘটনাস্থলীৰ পৰা ব’গা পিঠিয়া ২টা, হিমালয়ান গ্ৰিফ’ন ৬টা আৰু ক’লা চিলনী ১টা মৃত অৱস্থাত উদ্ধাৰ কৰে। শগুণ কেইটা মৃত জীৱ-জন্তুৰ মাংস ভক্ষণ কৰাৰ ফলত মৃত্যু ঘটা বুলি বিভাগীয় কৰ্তৃপক্ষই প্ৰাথমিক ধাৰণা কৰিছে।

উল্লেখ্য যে, এই পৰ্যন্ত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত প্ৰায় দুশৰো অধিক মৃত শগুণ উদ্ধাৰ হোৱাত প্ৰকৃতিপ্ৰেমীসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chadubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward