Tuesday, May 21, 2024
HomeNEWSৰাণীত হিমালয়ান প্ৰজাতিৰ শগুণ মুকলি

ৰাণীত হিমালয়ান প্ৰজাতিৰ শগুণ মুকলি

প্ৰকাশিত তাৰিখঃ ৩০ এপ্ৰিল, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত কালি অৰ্থাৎ ২৯ এপ্ৰিলত পোন্ধৰটাকৈ হিমালয়ান প্ৰজাতিৰ শগুণ মুকলি আকাশত এৰি দিয়ে। উল্লেখ্য যে, মাৰ্চ–এপ্ৰিল মাহত কামৰূপ জিলাৰ ৰাণী নিৰলপুৰ অঞ্চলত খাদ্যৰ বিষক্ৰিয়া ঘটি কেইবাটাও শগুণ অসুস্থ হৈ পৰিছিল। অসুস্থ শগুণ কেইটাক বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটী আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়াকৰ্মীসকলে উদ্ধাৰ কৰি বেলগুৰীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰলৈ আনি চিকিৎসাৰ ব্যৱস্থা কৰিছিল।

উল্লেখনীয় যে– বন বিভাগে অসুস্থ শগুণ কেইটাৰ জৰুৰী তত্বাৱধানৰ বাবে পশু চিকিৎসক, জীৱ বিজ্ঞানী আৰু বন বিষয়া–কৰ্মীৰ দ্বাৰা এক নিৰীক্ষক দল গঠন কৰি দিছিল। উক্ত দলটোৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত আৰোগ্য কেন্দ্ৰত ৰখা শগুণকেইটা অতি সোনকালে সুস্থ হৈ উঠে। সেয়ে ২৯ এপ্ৰিলত শগুণকেইটাক ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ জৰাশাল সংৰক্ষিত বনাঞ্চলৰ মুকলি আকাশত এৰি দিয়াৰ ব্যৱস্থা কৰে।

এই অনুষ্ঠানটোত পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ডিম্পী বৰা, কুলশী আৰু লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ক্ৰমে– দ্বিপন ডেকা, চেমিম আখটাৰ, ৰাণীৰ বেলগুৰীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ সহকাৰী সঞ্চালক শচীন ৰাণাডে, নালাপাৰা আৰু শুকুৰবেৰীয়া খণ্ড বন বিষয়া ক্ৰমে– দুলু মহন্ত, সমীৰ আলী, ৰবীন হুজুৰী লগতে কেন্দ্ৰটোৰ সহকৰ্মী ধীৰাজ ৰাভা, দিলীপ ৰাভাকে ধৰি বহু সংখ্যক লোক উপস্থিত আছিল।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward