Sunday, May 19, 2024
HomeARTICLEউমথুলিবাসীৰ সমস্যাক অসম চৰকাৰে গুৰুত্ব দিয়ক  

উমথুলিবাসীৰ সমস্যাক অসম চৰকাৰে গুৰুত্ব দিয়ক  

প্ৰকাশিত তাৰিখঃ ৬ মে’, ২০২৪

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

উমথুলি অসম–মেঘালয় আন্তঃৰাজ্যিক সীমাঞ্চলৰ এখন গাঁও। ছয়গাঁও সমষ্টি তথা ছয়গাঁও ৰাজহ চক্ৰৰ অন্তিমপ্ৰান্তৰ গাঁওসমূহৰ ভিতৰত উমথুলিও এখন। যদিও– গাঁওখন বকো থানা আৰু বনগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত। গাৰো জনজাতি বসতিপ্ৰধান উমথুলি গাঁওখন ছয়গাঁও–উকিয়াম পথৰ বৰঝাৰৰ পৰা পশ্চিম দিশৰ প্ৰায় ৭ কিলোমিটাৰ দূৰত অৱস্থিত। উকিয়ামৰ সীমান্ত আৰক্ষী চকীৰ কাষৰেও উমথুলিলৈ যাবপৰা এটি কেঁচা ৰাস্তা আছে। বৰঝাৰৰ পৰা যোৱাৰ বাটত ৱাৰিগৰ বা গাৰোবস্তি, দীঘল বিল, নুনমাটি অতিক্ৰম কৰাৰ পিছতেই পোৱা যায় উমথুলি। উল্লেখ্য, প্ৰায় তিনি শতাধিক পৰিয়াল থকা বৰঝাৰ গাঁওখনৰ বাসিন্দাসকল ৰাভা আৰু গাৰো, দীঘল বিলত ৰাভা, ৱাৰিগৰ, নুনমাটি আৰু উমথুলিত গাৰো বসতিপ্ৰধান। সীমাঞ্চলৰ এই গাঁওবোৰৰ বাবে উকিয়ামত এখন উপ–স্বাস্থ্য কেন্দ্ৰ আছে। জৰুৰীকালীন চিকিৎসাৰ বাবে ৰোগীক ছয়গাঁও, গোৱৰ্ধনত চিকিৎসা কৰিবলগীয়া হয়। সমগ্ৰ অঞ্চলটোৰ ছাত্ৰ–ছাত্ৰীসকলক প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় অতিক্ৰম কৰাৰ পিছত ২৫–৩০ কিলোমিটাৰ দূৰৈৰ পাণ্টান, ছয়গাঁও আদিত পঢ়াবলগীয়া হয়। ছয়গাঁও–উকিয়াম পথৰ বৰঝাৰৰ পৰা উমথুলিলৈ যোৱাৰ মুহুৰ্তত কেইবাখনো সৰু সৰু দূৰ্বল কাঠৰ দলং পোৱা যায়। ৭ কিলোমিটাৰ দূৰত্বৰ কেঁচা পথটো আজিও পকীকৰণ নহ’ল। উমথুলিত বিজুলী সংযোগ, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ডৰ বাহিৰে অসম চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই।

উল্লেখনীয় যে– উমথুলিত মেঘালয় চৰকাৰে এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰি দিছে। গাঁওখনৰ মাজেৰে বৈ যোৱা দ্ৰোণ নদীৰ ওপৰত ফুট ব্ৰীজ এখন সাজি দিছে। পকী পদপথ, চৰকাৰী আৱাস গৃহ, খোৱাপানী, টেলিফোন টাৱাৰৰ লগতে ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ডৰ ব্যৱস্থাও কৰি দিছে। ইপিনে– দ্ৰোণ নদীৰ ওপৰত থকা পূৰ্বৰ ফুট ব্ৰীজৰ কাষেৰে ডাঙৰকৈ আৰু এখন দলং নিৰ্মাণ কৰি আছে। মুঠতে গাঁওখনৰ মূল চ’কটোত থিয় হৈ যি ফালে চোৱা যায় সেই ফালেই কেৱল মেঘালয়ৰ চৰকাৰৰ উন্নয়ন ফলক। আমি সুধিছিলো– গাঁওখন অসমৰনে মেঘালয়ৰ? চ’কটোত থকা আটাইকেইজন লোকে দৃঢ়তাৰে আৰু একেমুখে কৈছিল– অসমৰ। মেঘালয়ৰ সীমা কিমান দূৰত আছে? কমেও ৮ কিলোমিটাৰ দূৰৈত। মানে– গাঁওখনৰ দক্ষিণফালে থকা উকিয়ামৰ শ্ৰীনদীৰ সিপাৰেহে মেঘালয়, ইপাৰে নহয়। তেওঁলোকৰ এটাই অভিযোগ– অসম চৰকাৰে আমাক মাহী আইৰ দৃষ্টিৰে চাই আহিছে। আমাক অসমে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে দিয়া নাই। গাঁওখন উন্নয়নৰ প্ৰায় ৭০ শতাংশই ৰূপায়ন কৰিছে মেঘালয় চৰকাৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল– গাঁওখনৰপৰা ৮ কিলোমিটাৰ দূৰৈত থকা উকিয়ামৰ শ্ৰীনদীৰ জলভাগে অসম–মেঘালয়ৰ আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ কৰিছে। কিন্তু নদীখনৰ জলভাগৰ সীমাৰপৰা ইমান দূৰ অতিক্ৰম কৰি অসম ভূমিৰ উমথুলিত মেঘালয়ে উন্নয়ন মূলক কাম–কাজ অব্যাহত ৰাখিছে। সেয়ে নহয়– বৰঝাৰ–উমথুলি পথৰ আশে–পাশে থকা গাৰো জনবসতিপ্ৰধান সকলো কেইখন গাঁৱত মেঘালয় চৰকাৰে ভিতৰি ভিতৰি সা–সুবিধা আগবঢ়াই অহা বুলিও জানিবপৰা গৈছে। বৰ্তমান মেঘালয়ৰ সকলোবোৰ নিৰ্বাচনত এই গাঁও সমূহে ভোটদান কৰিও আহিছে।

ছয়গাঁও–উকিয়াম সংযোগী পথৰপৰা বৰঝাৰৰ পৰা উমথুলি হৈ ল’ৱাৰ লাম্পীলৈ যাব পৰা এটি পাহাৰীয়া কেঁচা লুংলুঙীয়া বাট আছে। এই বাটেৰে উমথুলিৰ পৰা এক কিলোমিটাৰ দূৰৈত আছে গাম্বাল চিৰিং নামৰ ৰাভা আৰু গাৰো বসতিপ্ৰধান গাঁওখন। জনামতে– এই গাম্বাল চিৰিং গাঁওখনতো মেঘালয় চৰকাৰে উন্নয়নমূলক কাম–কাজ অব্যাহত ৰাখিছে। ক’বলৈ গ’লে– উন্নয়নমূলক কাম–কাজ ৰূপায়ন কৰিলে কোনেও বিৰোধ নকৰে। কিন্তু– উন্নয়নৰ অচিলা লৈ মেঘালয় চৰকাৰে ভিতৰি ভিতৰি অসম ভূমি আগ্ৰাসনৰ খুঁটি মজবুট কৰাৰ যি কুজ–কাৱাজ সেয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে। পূৰ্বৰ এনে কাৰ্যৰ ফলতেই আজি দুয়োখন ৰাজ্যৰ সীমা বিবাদ চলি আছে।  মেঘালয় চৰকাৰে চলোৱা উন্নয়নৰ ফলতেই উমথুলিতো এদিন আন্তঃৰাজ্যিক সীমা বিবাদে জটীল ৰূপ ধাৰণ কৰিব পাৰে। কথাটো একেষাৰে অস্বীকাৰ কৰিবপৰা বিধৰ নহয়। কিয়নো গাঁওখন নাম সম্বন্ধেও বিভ্ৰাদ চলি আছে। Umthuli প্ৰকৃত নামটোৰ বিপৰীতে অসম চৰকাৰৰ নথিত Umfali বুলি আছে। একেখন গাঁৱকে মেঘালয় চৰকাৰেও গেজেটত Umthli বুলি লিপিবদ্ধ কৰিছে। অসুবিধাত পৰি মেঘালয়ৰ পৰা সা–সুবিধা গ্ৰহণ কৰি আহিলেও উমথুলিবাসীয়ে সেইখন ৰাজ্যৰ বাসিন্দা বুলি স্বীকাৰ কৰিবলৈ ইচ্ছুক নহয়। অসম চৰকাৰে উমথুলিবাসীৰ লগতে সীমান্ত অঞ্চলৰ গাঁওসমূহৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগে বুলিও গাঁওবাসীয়ে আশা প্ৰকাশ কৰিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward