Sunday, May 19, 2024
HomeNEWSবৰিহাটত গ্ৰন্থ বিতৰণী অনুষ্ঠান

বৰিহাটত গ্ৰন্থ বিতৰণী অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ৬ মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ প্ৰাক্তন সম্পাদক তথা আজাৰা ৰাজহ চক্ৰৰ অৱসৰপ্ৰাপ্ত লাট মণ্ডল ভোগেশ্বৰ দাসৰ বাসগৃহত ৫ মে’ত তেখেতৰ বাসগৃহত গ্ৰন্থ বিতৰণী অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা যুৱ লেখক ধনমনি দাসে আঁত ধৰা এই অনুষ্ঠানত সভাপতিত্ব কৰে নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ প্ৰাক্তন সভাপতি তথা দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ভদ্ৰেশ্বৰ দাসে। সভাৰ আৰম্ভণিতে উপেন্দ্ৰনাথ ঠাকুৰীয়াই বন্তি প্ৰজ্বলন কৰাৰ পিছত বৰহেৰামদোৰ ভাৰত মহন্তই এটি বৰগীত পৰিৱেশন কৰে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৩০ এপ্ৰিলৰ দিনটোত ভোগেশ্বৰ দাসে চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহন কৰে। তেখেতে সেৱা আগবঢ়োৱা আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে ১ মে’ত বিদায় সভা অনুষ্ঠিত কৰে। উক্ত সভাতে তেখেতে লিখা ‘অনুভৱৰ বাট বুলি’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।

উক্ত গ্ৰন্থখন পঢ়ুৱৈ সমাজৰ হাতত তুলি দিয়াৰ মানসেৰে আজি ‘গ্ৰন্থ বিতৰণী অনুষ্ঠান’ এটি হৈ যায়। উক্ত অনুষ্ঠানত নৱাৰুণ সাহিত্য সভাৰ সভাপতি কমলাকান্ত দাস, উপ সভাপতি প্ৰাণেশ্বৰ কলিতা, সম্পাদক মিতুমনি দাস, প্ৰাক্তন সভাপতি ভূষণ দাস, হৰমোহন দাস, ক্ষীৰোদ বৰুৱা, উপেন্দ্ৰনাথ ঠাকুৰীয়া (ভাৰপ্ৰাপ্ত), প্ৰাক্তন সম্পাদক প্ৰভাতদাস, প্ৰাক্তন সহকাৰী সম্পাদক ভাস্কৰজ্যোতি দাস, বৰিহাট মাহিলী বৈঠকীৰ আনন্দ দাস, বিপুল দাস, ৰাম চৰণ চৌধুৰী, ভৱেশ কলিতা, সুজলা বৈশ্যকে ধৰি ভোগেশ্বৰ দাসৰ পত্নী বিনীতা দাসকে ধৰি ইষ্ট-কুটুম্ব তথা শুভাকাঙ্খীসকল উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward