Sunday, May 19, 2024
HomeNEWSকা– আইনৰ গইনাৰে ৰাভা হাছংৰ ভূমিত সংস্থাপনৰ বিৰোধিতা

কা– আইনৰ গইনাৰে ৰাভা হাছংৰ ভূমিত সংস্থাপনৰ বিৰোধিতা

প্ৰকাশিত তাৰিখঃ ৬ মে’, ২০২৪

প্ৰেছ বিবৃতি

নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বাবুল ৰাভা আৰু সাধাৰণ সম্পাদক গোবিন্দ ৰাভাৰ যুটীয়া স্বাক্ষৰিত প্ৰেছ বিবৃতি এটি ৪মে’ত গুৱাহাটী মহানগৰীৰ জটিয়াস্থিত মুখ্য কাৰ্যালয়ৰপৰা প্ৰকাশ কৰিছে। উক্ত বিবৃতিযোগে সংগঠনটোয়ে কেন্দ্ৰীয় চৰকাৰে ‘কা’ আইন প্ৰয়োগ কৰিবলৈ লোৱা কাৰ্যক ধিক্কাৰ আৰু গৰিহনা দিছে। আজি কেইদিনমানৰ আগতে অৰুণাচলৰ প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে প্ৰকাশ কৰিছিল যে– প্ৰায় ৫ (পাঁচ) লাখ চাকমা আৰু হাজং শৰণাৰ্থীক অসমৰ ভূমিত সংস্থাপিত কৰিব। ৰাভা জাতীয় সংগঠনটোৱে প্ৰকাশ কৰা মতে– অৰুণাচলৰপৰা বিতাৰণ হ’বলগীয়া চাকমা, হাজং লোকসকলক কেন্দ্ৰীয় তথা অসম চৰকাৰে কূট–কৌশলেৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত স্থায়ীভাৱে ৰখাৰ ব্যৱস্থা হাতত লৈছে। এনে কাৰ্যক নেতাদ্বয়ে দুৰ্ভাগ্যজনক আৰু অতি গৰ্হিত কাম বুলি আখ্যা দিছে। চাকমা, হাজংসকলক বি টি এ ডি, কাৰ্বি আংলং, ডিমাহাচাওত সংস্থাপন দিব নোৱাৰে। কাৰণ সেইবোৰ ঠাই ভাৰতীয় সংবিধান স্বীকৃত ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত। অতি সহজতে লাভ কৰিবপৰা ঠাইখন হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা। কিয়নো, ৰাভা হাছংৰ ৬ষ্ঠ অনুসূচীৰ খচৰা প্ৰস্তাৱ অসম চৰকাৰে আজিললৈকে কেন্দ্ৰৰ ওচৰত প্ৰেৰণ কৰা নাই। তাৰ পৰিৱৰ্তে সাংবিধানিক ৰক্ষা কৱচ ব্যৱস্থাৰ প্ৰস্তাৱহে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। ইয়াৰ ফলত ৰাভা হাছং এলেকাত ‘কা’ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সূচল হৈ পৰিব। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ এনে কূটীল ৰাজনীতিয়ে ৰাভা হাছংবাসীক বিপদত পেলাব। শাসকীয় চৰকাৰ দুখনে এনে কূটীল নীতি প্ৰয়োগ কৰি ৰাভা হাছং পৰিষদখনে ৬ষ্ঠ অনুসূচী লাভৰ ক্ষেত্ৰত এক বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও নেতাদ্বয়ে প্ৰকাশ কৰিছে। কিয়নো জনগাঁথনিও ৬ষ্ঠ অনুসূচী লাভৰ এটা অন্যতম কাৰক। সেয়ে জনগাঁথনি সলনি কৰি ৰাভা হাছং পৰিষদে যাতে ভাৰতীয় ৬ষ্ঠ অনুসূচীৰ দাবী উত্থাপন কৰিব নোৱাৰে তাৰ বাবেই চৰকাৰে এনে নীচ কূট–কৌশল ৰচনা কৰিবলৈ লৈছে। 

বিবৃতিটোত নেতাদ্বয়ে পুনৰ প্ৰকাশ কৰে যে– ২০০৬ চনৰ ৰাষ্ট্ৰীয় বননীতি অনুসৰি জনজাতীয় লোকসকলে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত ৰৱৰ গছৰ বাগিচা গঢ়ি তুলিছিল। ৰৱৰ গছৰপৰা উৎপাদন লাভ কৰি জিলাখনৰ খেতিয়সকলে অৰ্থনৈতিকভাৱে শক্তিশালী হ’বলৈ আৰম্ভ কৰিছিলহে। তেনে মুহুৰ্ততে জিলাখনৰ বৃহৎ অঞ্চলজুৰি থকা ৰৱৰ বাগিচা সমূহত ইতিমধ্যে বন বিভাগে উচ্ছেদ কৰিছে। আমি জানিবপৰা মতে– অৰুণাচলৰপৰা বিতাৰিত পাঁচ লাখ  চাকমা, হাজং লোকক নিশ্চিতভাৱে এই ভূমিতে স্থায়ীভাৱে সংস্থাপনৰ পৰিকল্পনা কৰা সংগঠনটোৰ নেতাদ্বয় দাবী কৰিছে। নেতাদ্বয়ে চৰকাৰৰ এনে কূটীল নীতি প্ৰতিহতৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰাণীৰপৰা জয়ৰামকুঁছিলৈ বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজ, দল–সংগঠন সমূহক ব্যৱস্থা হাতত ল’বলৈ মুকলি আহ্বান জনাইছে। বিবৃতিত উল্লেখ কৰে যে, আগন্তুক ৩য় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈও সকলো শ্ৰেণীৰ লোকক বিবেক ভোট প্ৰদান কৰিব বুলিও আশা ব্যক্ত কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward