প্ৰকাশিত তাৰিখঃ ৬ জানুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
চানডুবি, ৩ জানুৱাৰীঃ শ্ৰদ্ধেয় ৰাইজ, আমি অকল চানডুবি উৎসৱ উদযাপন কৰা নাই, এই উৎসৱৰ মাজেৰে আমি প্ৰকৃতি সংৰক্ষণৰ এক আন্দোলন গঢ়ি তুলিছো। সেয়ে আপোনালোক চানডুবি উৎসৱ উপভোগ কৰিবলৈ অহা নাই, আহিছে প্ৰকৃতি সংৰক্ষণ আন্দোলনত সহযোগ কৰিবলৈ। এয়া আছিল চানডুবি উৎসৱ উদযাপন সমিতিৰ প্ৰতিটো দিনৰ ঘোষণা। পঞ্চদশ চানডুবি উৎসৱৰ আজি তৃতীয়টো দিন। উদুলি–মুদুলি হৈ পৰা চানডুবি উৎসৱৰ বাকৰিত আজি পুৱাৰ পৰাই পৰ্যটক–দৰ্শনাৰ্থীৰ ভিৰ। উল্লেখ্য যে, ২ জানুৱাৰীত কুৱলীয়ে আৱৰিধৰা চানডুবি উৎসৱৰ বাকৰিৰ আকাশ আজি ফৰকাল। আজি পুৱাই নামি আহিছে এজাক কোমল ৰ’দ। সেয়ে শীতে আৱৰা চানডুবিৰ বাকৰিত আজি পৰ্যটক–দৰ্শানাৰ্থীসকলে ৰ’দৰ সুকীয়া আমেজ লৈছে।
আজিৰ কাৰ্যসূচী অনুসৰি– পুৱা ১০ বজাত খুটিখেল প্ৰতিযোগিতা আৰম্ভ হয়। দুপৰীয়াৰ সম্বৰ্ধনা অনুষ্ঠানত আদৰ্শ মহিলা খেতিয়ক দীপিকা ৰাভাক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ তৰুণ ৰাভা হাটো, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচোক, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভা, বিশিষ্ট সমাজ কৰ্মী চফিক আলী মীৰ্জা, বাদুংদুপ্পা কলাকেন্দ্ৰৰ পৰিচালন সঞ্চালক মদন ৰাভা, এডভোকেট এল আৰ ৰহমান, সংযুক্ত মুক্তি বাহিনীৰ আলোচনা পন্থীৰ বৈদেশিক সচিৱ শশ চৌধুৰীয়ে সন্মানীয় অতিথিৰূপে উপস্থিত থাকে।
উল্লেখ্য যে সন্মানীয় অতিথিৰ ভাষণত পংকজ লোচন গোস্বামীয়ে কয়– ‘চানডুবি উৎসৱৰ উদ্যোক্তাসকলৰ বাণী এটাই মোৰ মনলৈ দ’কৈ শিপাইছে। আন্দোলন কেতিয়া হয়, যেতিয়া আমি কিবা এটা হেৰুৱালৈ ওলাইছো তেতিয়াই। এতিয়া আমাৰ অসমৰ বাৰে–ৰহনীয়া কৃষ্টি–সংস্কৃতি সমূহ এটা এটাকৈ হেৰুৱাবলৈ লৈছো। অসমৰ এটা কোণত ৰাভাসকলে প্ৰকৃতি সংৰক্ষণৰ জৰিয়তে ক্ৰমে– হেৰুৱাবলৈ ধৰা নিজৰ স্বাভিমান, কৃষ্টি–সংস্কৃতি ৰক্ষাৰ এক আন্দোলন চানডুবিৰ বাকৰিত গঢ়ি তুলিছে। আজিৰ সময়ত নিজৰ নিজৰ ভাষা, কৃষ্টি–সংস্কৃতি ৰক্ষা কৰিবলৈ অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠীয়ে ৰাভাসকলৰ দৰে এক আন্দোলন গঢ়ি তোলাৰ প্ৰয়োজন আহি পৰিছে। দক্ষিণ কামৰূপৰ ভূমিপুত্ৰ জনজাতিসকল এতিয়াৰ নহয় আগৰেপৰাই স্বাভিমানী। তেওঁ কয়– আহোম ৰাজ শাসনৰ দিনত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে কেইবাখনো ক্ষুদ্ৰ ৰাজ্য আছিল। যাৰ শাসকসকল আছিল জনগোষ্ঠীয়লোক। মোগলে যেতিয়া অসম আক্ৰমণ কৰিছিল তেতিয়া আহোম ৰজাই দক্ষিণপাৰৰ জনগোষ্ঠীয় ৰজাসকলক যুদ্ধত সহযোগ কৰিবলৈ কৈছিল। সকলো ৰজাই সহযোগ কৰিলেও চানডুবিৰপাৰৰ ৰজাই সহযোগ কৰা নাছিল। চানডুবিৰ পাৰৰ ৰজাই আহোম ৰজাক কৈছিল– নিৰ্দেশ কিয় দিছে, স–সন্মানে কোৱা আমি সহযোগ কৰিম। চানডুবিৰপাৰৰ ৰজাৰ সেয়া অহংকাৰ নাছিল, সেয়া আছিল স্বাভিমানহে।’
বাদুংদুপ্পা কলাকেন্দ্ৰৰ সঞ্চালক মদন ৰাভাই কয়– ‘ৰাভাসকল কৃষ্টি–সংস্কৃতিত বহু চহকী। এইকথা আমি সকলোৱে জানো। কিন্তু আধুনিকতাৰ ধামখুমীয়াত লাহে লাহে হেৰাই যাবলৈ ধৰিছে আমাৰ খাদ্য, ভাষা, সাজ–পোচাক, শিল্প–কলা। তেনে এক সময়ত ৰাভাসকলে চানডুবিৰ বাকৰিত হেৰাই যাবলৈ ধৰা খাদ্য, ভাষা, সাজ–পোচাক, শিল্প–সংগীত ৰক্ষাৰ যি আন্দোলন গঢ়ি তুলিছে সেয়া অতিকৈ প্ৰশংসনীয়।’
আন এজন অতিথি তৰুণ ৰাভা হাটোই কয়– ‘প্ৰকৃতি সংৰক্ষণৰ জৰিয়তে ৰাভাসকলৰ কৃষ্টি–সংস্কৃতি ৰক্ষাৰ যি প্ৰয়াস সেয়া চানডুবি উৎসৱৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰক।’ উল্লেখ্য যে, ২ জানুৱাৰীত মুখ্য অতিথিৰূপে নিমন্ত্ৰন কৰা অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে আজি বিয়লি চানডুবিৰ বাকৰিত উপস্থিত হয়।
ইপিনে– আলোচনা চক্ৰৰ মাজে মাজে বিহু, বড়ো, ৰাভা আদি জনগোষ্ঠীৰ লগতে বোন্দাপাৰা কৰ্কা ঢুলীয়া দলৰ শিল্পীসকলেও বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। লগতে নিশা ‘চানডুবিৰ বাকৰিত শীতৰ সুৰীয়া আড্ডা’ত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা কৰা হয়।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News