Wednesday, February 5, 2025
HomeNEWSচানডুবি উৎসৱৰ আজি দ্বিতীয়টো দিন  

চানডুবি উৎসৱৰ আজি দ্বিতীয়টো দিন  

প্ৰকাশিত তাৰিখঃ ৬ জানুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

চানডুবি, জানুৱাৰীঃ বিশ্বৰ এটি সৰু চুক চানডুবি। এই চানডুবি বিলৰ পাৰতেই আৰম্ভ হৈছিল প্ৰকৃতি সংৰক্ষণৰ এক আন্দোলন। যাৰ উদ্দেশ্য আছিল উৎসৱৰ মাজেৰে প্ৰকৃতি সংৰক্ষণৰ ধ্বনি মানুহৰ মাজত প্ৰচাৰ কৰা। সেয়াই আছিল চানডুবি উৎসৱ। পঞ্চদশ চানডুবি উৎসৱৰ আজি দ্বিতীয়টো দিন। আজিৰ কাৰ্যসূচী অনুসৰি– পুৱা ১০ বজাত বাঘবুল আৰু ছাগলছাৰী খেল প্ৰতিযোগিতা আৰম্ভ হয়। দুপৰীয়া ‘গ্ৰাম্য অৰ্থনীতিত স্বাৱলম্বীতাৰ নিদৰ্শন হিচাপে উদ্যান শস্য কলখেতিৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন কৰে। উক্ত চক্ৰখনি সঞ্চালনা কৰে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনালে। আলোচক হিচাপে গুৱাহাটীৰ কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী কুসুম ডেকা, ড ডালিম তালুকদাৰ আৰু বিশিষ্ট কল খেতিয়ক দেৱব্ৰত ৰাভাই। আনহাতে জ্যেষ্ঠ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ কমল কুমাৰ কাথাৰেও সন্মানীয় অতিথিৰ আসন শুৱনি কৰে। আলোচনা চক্ৰৰ মাজে মাজে কাৰ্বি, বড়ো, ৰাভা আদি জনগোষ্ঠীৰ সাংস্কৃতি দল সমূহে বিভিন্ন নৃত্যও প্ৰদৰ্শন কৰে।

আজিৰ আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি প্ৰধান কৃষি বিজ্ঞানী কুসুম ডেকাই কয়– আজি আধুনিক যান্ত্ৰিকতাৰ দিনত নৱ প্ৰজন্মই বোকা–পানী গচনি খেতি–বাতি কৰাৰ বাবে ইচ্ছা প্ৰকাশ নকৰে। আজি আমাৰ বজাৰ সমূহত সকলো উৎপাদনৰে চাহিদা আছে কিন্তু উৎপাদনকাৰী নাই। উৎপাদনকাৰী নাই মানে খেতিয়ক নাই। বৰ্তমান কৃষি ভূমিৰ সংখ্যাও দিনক দিনে হ্ৰাস পাই আহিছে। আশাৰ বতৰা এইটোৱে– আজি ধানখেতিৰ পৰিৱৰ্তে উদ্যান শস্যৰ প্ৰতি নৱ প্ৰজন্মৰ বহু সংখ্যকে আগ্ৰহী হৈ পৰা দেখা গৈছে। উদ্যান শস্যৰ প্ৰসংগ অহাৰ লগে লগে আহোম ৰাজ শাসনৰ বিষয়ববীয়া মোমাই তামুলী বৰবৰুৱাৰ কথা আমি মনত পেলাবই লাগিব। কিয়নো আমাৰ বাৰী সমূহত উদ্যান শস্যৰ ধাৰণাটো প্ৰথম উদ্ভাৱন কৰিছিল মোমাই তামুলীয়েহে। চানডুবি হ’ল খেতি–বাতিৰ প্ৰচুৰ সম্ভাৱনা থকা এক অঞ্চল। এই অঞ্চলত কল, আনাৰস আৰু কমলা আদি উদ্যান শস্যৰ খেতিৰে গ্ৰাম্য অৰ্থনীতিৰ গাঁথনিয়েই সলনি কৰি দিব পাৰি। সেয়ে চানডুবি অঞ্চলত উৎসৱৰ সমান্তৰালভাৱে উৎপাদনৰ দিশত অধিক জড়িত হ’বলৈ আহ্বান জনায়।

আলোচনা চক্ৰত অংশ গ্ৰহণ কৰা অন্য এজন কৃষি বিজ্ঞানী ড ডালিম পাঠকে খেতি–বাতিত সংক্ৰমণ কৰা বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ দিহা প্ৰদান কৰে।

বিশিষ্ট কলখেতিয়ক দেৱব্ৰত ৰাভাই কয়– মই ২০১০ বৰ্ষৰপৰা দৰংগিৰিত কলৰ খেতি আৰম্ভ কৰিছো। আমাৰ ইয়াত মালভোগ, চেনীচম্পা স্থানীয় জাতৰ লগতে জি– ৯ নামৰ বৰ্ণ সংকৰণ কৰা কলবিধৰ খেতি যথেষ্ট ভাল হয়।  জি– ৯ কলবিধ অত্যন্ত সোৱাদযুক্ত যদিও বজাৰত বিক্ৰীৰ ক্ষেত্ৰত খেতিয়কসকলে কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। কিয়নো মালভোগ, চেনীচম্পা কল পকাৰ পিছত যি হালধীয়া ৰং ধৰে, সেই ৰং জি– ৯ত পোৱা নাযায়। কিন্তু জি– ৯ কলবিধ পকিলেও বাকলিৰ ৰং সেউজীয়া ৰূপতেই থাকে।

সচৰাচৰ চানডুবি উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী আবেলি ৪ বজাত সমাপ্ত হয়। যদিও উদযাপনৰ দিনধৰি এই নিয়মেৰে চলি আহিছে। কিন্তু পৰ্যটক–দৰ্শনাৰ্থীৰ বিপুল দাবীত এইবাৰৰ সাংস্কৃতিক কাৰ্যসূচী সন্ধিয়া ৮ বজালৈ বঢ়াই দিছে। লগতে ‘চানডুবিৰ বাকৰিত শীতৰ সুৰীয়া আড্ডা’ শীৰ্ষক এক নতুন সাংস্কৃতিক কাৰ্যসূচী সংযোজন কৰিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward