Wednesday, February 5, 2025
HomeNEWSপঞ্চদশ চানডুবি উৎসৱৰ সফল সামৰণি

পঞ্চদশ চানডুবি উৎসৱৰ সফল সামৰণি

প্ৰকাশিত তাৰিখঃ ৬ জানুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

চানডুবি, জানুৱাৰীঃ পঞ্চদশ চানডুবি উৎসৱৰ আজি শেষৰটো দিন। ঢোল–মাদলৰ শব্দই আজিও মুখৰিত কৰি তুলিছে চানডুবিৰ আকাশ–বতাহ। চানডুবি উৎসৱ চোৱাৰ বাবে আজি পুৱাৰ পৰাই পৰ্যটক–দৰ্শনাৰ্থীৰ লানী নিচিগা সোঁত বৈছে। ইপিনে– দুপৰীয়াৰপৰাই মিৰ্জা–চানডুবি পথত গাড়ী–মটৰৰ যান–জঁটৰ সৃষ্টি হয়। এই যান–জঁট নিশালৈকে অব্যাহত থাকে। উল্লেখ্য যে পৰম্পৰাগত খাদ্য মেলা, বাণিজ্য মেলা, প্ৰদৰ্শনী চাই শেষত ঐতিহাসিক বিলখনৰ পাৰত উপস্থিত হৈ কোনোৱাই নাৱত উঠি বিলখনৰ ইপাৰ–সিপাৰ ঘুৰিছে আৰু কোনোবাই বিলখনৰ পাৰে পাৰে এপাক ঘুৰিছে। মুঠতে প্ৰকৃতিৰ মাজত অৱস্থিত চানডুবিৰ পাৰত অনাবিল আনন্দ উপভোগ কৰিছে।

উৎসৱৰ কাৰ্যসূচী অনুসৰি– পুৱা ১০ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানেৰে চানডুবি উৎসৱৰ কাৰ্যসূচী মুকলি কৰা হয়। উল্লেখ্য যে, চানডুবি উৎসৱ উপলক্ষে আয়োজন কৰা বিভিন্ন খেল–ধেমালি প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ আজি দুপৰীয়া প্ৰদান কৰা হয়।

আজিৰ পুৰস্কাৰ প্ৰদান অনুষ্ঠানটোত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে– গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, লোক সংস্কৃতিৰ সাধক ভূবিন ৰাভা, দক্ষিণ কামৰূপ বিজেপি’ৰ সভাপতি অঞ্জন গোস্বামী, নিখিল ৰাভা মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা কবিতা ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ সম্পাদক অশোক কুমাৰ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাগ, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা মল্লিকা ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সাধাৰণ সম্পাদক পূৰ্ণ চন্দ্ৰ ৰাভাই।

আজিৰ সভাৰ উপস্থিতিকালত সাংসদ বিজুলী কলিতা মেধিয়ে কয়– অসম বিভিন্ন জাতি–জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন সুন্দৰ ৰাজ্য। চানডুবি উৎসৱে আমাৰ ৰাজ্যখনক আৰু সুন্দৰ কৰি নতুন মাত্ৰাত তুলি ধৰিছে। চানডুবি উৎসৱত ৰাভাসকলৰ কলা–কৃষ্টি, খাদ্য, সাজ–পোচাক আদি সকলো সামৰি সুন্দৰভাৱে উপস্থাপন কৰিছে। চানডুবি উৎসৱে সকলোৰে মাজত আনন্দ কঢ়িয়াই আনক তাৰ কামনা কৰে।

প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাই কয়– বৰ্তমান চানডুবি উৎসৱলৈ এক জনস্ৰোত বৈছে। চানডুবি উৎসৱৰ পৰা যে জনসাধাৰণৰ মাজত এক নতুন উন্মেষৰ সৃষ্টি কৰিছে সেয়া অনুমান কৰিব পাৰি। সু–শৃংখল পৰিৱেশে পৰ্যটন মানচিত্ৰত চানডুবি উৎসৱক নতুন দিগন্তলৈ সূচনা কৰিছে।

অন্য এজন অতিথি তথা লোক সংস্কৃতিৰ সাধক ভূবিন ৰাভাই কয়– চানডুবি বিলখনৰ নাম সৃষ্টিৰ আঁৰত ৫টা প্ৰবাদ লিখিত ৰূপত ওলাইছে। মই কিন্তু তাৰে এটা প্ৰবাদহে বিশ্বাস কৰো। বণিক চান্দসদাগৰৰ ডিঙা ইয়াতে ডুব গৈছিল কাৰণে চানডুবি হ’ল। আনহাতে চানডুবি সংযোগী লকেয়া জান চান্দসদাগৰৰ পুত্ৰ লখাইৰ পৰা লকেয়া হোৱা বুলি কিংবদন্তিয়ে কয়। আমি যি ঠাইত থিয় হৈ আছো তাত চানডুবি উৎসৱ পাতি আৰু ইতিহাস ৰচনা কৰিলে।

আবেলিৰপৰা শিৱিৰ সামৰণি অনুষ্ঠান আৰম্ভ হয়। মুখ্য অতিথিশালা ডগৰবুৰাৰ পৰা বিলখনৰ পাৰত সাজি থোৱা মেজিলৈকে এক ৰং–বিৰঙৰ সাংস্কৃতিক শোভাযাত্ৰা। মেজিৰ কাষত পাতি ৰাভাসকলৰ ৰীতি–নীতিৰে মূল উপাস্য দেৱতা লাঙাবুৰালৈ এভাগ নৈবদ্য আগবঢ়ায়। নদন–বদন শস্য সংৰক্ষণ কামনাৰে মেজিত অগ্নি সংযোগ কৰে আৰু সকলোৱে হামজাৰ, ছাথাৰ আদি কৃষিপ্ৰধান গীত গাই মেজিৰ চাৰিওফালে ঘুৰি ঘুৰি নাচে। বিভিন্ন জাতি, বৰ্ণ–ধৰ্ম নিৰ্বিশেষে শিৱিৰ সামৰণি অনুষ্ঠানটোত অংশ গ্ৰহণ কৰে। সদৌ শেষত ‘চেভ চানডুবি চেভ হেৰিটেজ, চানডুবি আমাৰ প্ৰাণ, ঐতিহাসিক চানডুবি বিল সংৰক্ষণ আন্দোলনখনত সহযোগ কৰো আহক’ ধ্বনি চানডুবিৰ আকাশে–বতাহে বিয়পাই দি নিশা ৮ বজাত চনাডুবি উৎসৱৰ পাঁচদিনীয়া কাৰ্যসূচীৰ সামৰণি পেলায়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward