প্ৰকাশিত তাৰিখঃ ১০ ফেব্ৰুৱাৰী, ২০২৫
কল্প ৰঞ্জন গগৈ –
মানুহ নামৰ বস্তুতো সৃষ্টিৰ সময়ৰ পৰাই যুদ্ধৰ বাবে আকুল নেকি? এসময়ত বন্য মানুহে নিজক ৰক্ষা কৰিবলৈ যুঁজ কৰিবলৈ বাধ্য হৈছিল। সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহে কৃষিকৰ্মৰ অৱিস্কাৰ কৰিলে। খেতি ৰখিবলৈ বনৰীয়া মানুহ ঘৰচীয়া হ’ল আৰু তেনেদৰে খেতি ৰখিবলৈ, সীমাৰ বাবে বোলে যুদ্ধ কৰিবলৈ শিকিলে। বাৰ হেজাৰ বছৰৰ আগৰ পৰা আৰম্ভ কৰা এই যুদ্ধ আজি অধিক হিংস্ৰ। মাৰাত্মক যুদ্ধৰ অস্ত্ৰ অবিৰাম উৎপাদন হৈছে, অস্ত্ৰবোৰে বোলে বিকাশ লাভ কৰিছে। গদা–তৰোৱালৰ ঠাই লৈছে বোমা–বাৰুদ, আনৱিক–পাৰমাণৱিক অস্ত্ৰই মানুহৰ হেনো বিৱৰ্তন ঘটিছে, মগজুৰ বিকাশ ঘটিছে, বুদ্ধি–বৃত্তি বাঢ়িছে। কিন্তু লগে লগে কমি গৈছে হৃদয়ৰ আৱেগ–নৈতিকতাবোধ। এদিন ধৰ্মৰ প্ৰকাশ আৰু বিকাশ লাভ হ’লে ধৰ্মক লৈও যুদ্ধ আৰম্ভ হ’ল। সেই যুদ্ধ হেনো সভ্যতা–সংস্কৃতিৰ যুঁজ। সভ্যতা ৰাখিবলৈ নে ধ্বংস কৰিবলৈ আজি দুখন যুদ্ধ চলি আছে বিৰামহীনভাৱে। ইজৰাইলে পেলেষ্টাইনৰ বিৰুদ্ধে, ৰুছ দেশে একালৰ ধ্বংসৰ অংগ ইউক্ৰেইনৰ বিৰুদ্ধে। নিজ দেশৰ মণিপুৰৰ কথা নকলোৱেই যেনিবা। একালৰ ভাৰতবৰ্ষৰ অংগ বাংলাদেশত ধৰ্মক লৈ যুদ্ধ। স্বাধীন ভাৰত হোৱাৰ আগেয়ে পূৱ আৰু পশ্চিম অংশত হোৱা যুদ্ধৰ নতুন ৰূপ। বিচাৰো বা নিবিচাৰো– কিছু মানুহ যুদ্ধৰ বাবে পাগল। ফুটবল খেলতো শান্তি নাই।
প্ৰকৃততে যুদ্ধ হেনো ৰাজনীতিৰ সম্প্ৰসাৰিত ৰূপহে। কি সেই ৰাজনীতি, কাৰ স্বাৰ্থৰ ৰাজনীতি, কাৰ লাভ হয় আৰু হ’ব?
সনাতন হিন্দু ধৰ্মই নৱম অৱতাৰ ৰূপে স্বীকৃতি দিয়া বুদ্ধদেৱে আজিৰ পৰা প্ৰায় ২৭০০ বছৰ আগেয়ে হিংস্ৰ যুদ্ধ বিদায় দিবলৈ জ্ঞান আৰু মানুহৰ ভাতৃত্ববোধ বঢ়াবলৈ সংঘৰ কথা কৈছে। তেনেকৈয়ে জন্মলাভ কৰিলে বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় নালন্দা। যাক ধ্বংস কৰিছিল তেৰ শতিকাত বখতিয়াৰ খিলজীয়ে। সম্পূৰ্ণ সাতটা শতিকা জ্ঞানৰ সম্প্ৰসাৰণ ঘটোৱাৰ পিছত বিধৰ্মী ৰজাই তাক ধ্বংস কৰিলে। কিন্তু কিয়? জ্ঞান বিৰোধীতাৰ কাৰণ কি? এই জ্ঞান–বিজ্ঞান, প্ৰজ্ঞান বিৰোধীতা আজিও সক্ৰিয় ভিন্ন ৰূপত। সমস্যাৰ সমাধান কৰিবলৈ হ’লে বেমাৰৰ মূল কাৰণ অনুসন্ধান আৰু নিৰাময়ৰ প্ৰয়োজন। যুগনায়ক স্বামী বিবেকানন্দৰ (১৮৬৩–১৯০২) মতে স্বামীজীয়ে কৈছিল বুদ্ধদেৱেই হৈছে বিশ্বৰ প্ৰথম মিচনেৰী (Missionary)। যি হিন্দু ধৰ্মৰ যুক্তিমূলক সিদ্ধান্ত দিছিল (Logical Conclusion of Hinduism)। তেওঁৰ পিছৰ মিচনেৰীসকলে বুদ্ধৰ দৰ্শনৰ নেতিবাচক দিশবোৰৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে সি ভাৰতবৰ্ষৰ পৰা বিদায় ল’লে নে সহিংস্ৰভাৱে বুদ্ধৰ চিন্তাৰ বিৰোধীসকলে ঈশ্বৰৰ অৱতাৰৰ স্থানলৈ বিতাৰিত কৰি তেওঁৰ ঠাই দখল কৰিলে? কাৰণ যুদ্ধৰ যুঁজ আছিল প্ৰাচীন চিন্তাৰ বিৰুদ্ধে। সেয়ে নায়কজনক ব্যক্তিপূজাৰ সামগ্ৰী কৰি খলনায়ক হিচাপে প্ৰতিষ্ঠা কৰিলে। প্ৰতিষ্ঠা কৰিলে হিংস্ৰ ৰাষ্ট্ৰ, সংঘ আৰু জ্ঞানৰ বিৰোধীতা। তাৰ পিছৰ বুৰঞ্জী সকলোৰে জ্ঞাত।
সেয়ে আজি বুৰঞ্জী চৰ্চা– অনুসন্ধান আৰু অধ্যয়নৰ বিশেষ প্ৰয়োজন। মণিষী কাৰ্লমাৰ্ক্সৰ মতে (১৮১৮–১৮৮৩) বুৰঞ্জীয়েই হৈছে প্ৰকৃত বিজ্ঞান। বুৰঞ্জী দুবিধ– ৰজাৰ আৰু জনগণৰ। ৰজা হৈছে সদা নিৰাপত্তাহীন সত্বা। সংকট বিয়পাই দিয়ে প্ৰজাৰ মাজলৈ। লগে লগে বিদেশৰ লগত যুদ্ধ আৰম্ভ কৰি দিয়ে। নিজৰ সংকট–অস্থিৰতাৰ সম্প্ৰসাৰণ ঘটে সমাজলৈ, তাৰ পৰা বিদেশলৈ।
স্বামী বিবেকানন্দই কুৰি শতিকাৰ আৰম্ভণিতে পৃথিৱী ত্যাগ কৰিলে। ১৯ শতিকাৰ শেষৰ ফালে ১৮৯৩– ৯৭ বিদেশ ভ্ৰমণৰ সময়ত এই অস্থিৰতাবোৰৰ বিষয়ে গম পাই কৈছিল– সমগ্ৰ ইউৰোপ এতিয়া সামৰিক শিৱিৰ যেন– আগ্নেয়গিৰিৰ ওপৰত বহি আছে। দুখন বিশ্বযুদ্ধই ইয়াৰ প্ৰমাণ দিলে। তাৰ পিছতো যুদ্ধৰ অৱসান হ’ব পাৰে বুলি নিশ্চয়কৈ ক’ব নোৱাৰে।
কাৰ্লমাৰ্ক্সৰ শিষ্য– উত্তৰসূৰী লেলিনে বিপ্লৱৰ যোগেদি ১৯১৭ চনত ‘ৰুছ দেশ’ দখল কৰি বিপ্লৱৰ শান্তিপূৰ্ণ অৱস্থানৰ বাবে শান্তিৰ চনদ প্ৰস্তুত কৰিছিল। On Oct 26 (Nov– 8) 1917 the All Russia Congress of Soviets approval the Decree for Peace made by Lelin. The Decree was an appeal to the peoples and Govts of all Countries to start negotiation for Peace. The Decree was Transmitted to the whole world by wireless.
সেই সময়ত প্ৰথম বিশ্ব যুদ্ধই চাৰি বছৰত ভৰি দিছে। ইতিমধ্যে সমগ্ৰ বিশ্বৰ জনগণৰ অৱস্থা বিধ্বস্ত। ভাৰতবৰ্ষৰ তেতিয়া ব্ৰিটিছ ৰাজৰ দখলত। ১৮৮৫ চনত জন্মলাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছে দেশখনৰ জনতাক ঐক্যৱদ্ধ কৰি বগা বঙালৰ বিৰুদ্ধে স্বাধীনতাৰ সপক্ষে যুঁজিবলৈ প্ৰস্তুতি চলাইছে। মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা এই যুদ্ধ কিন্তু মুলতে অহিংস আছিল।
অহিংসা বুদ্ধ, মাৰ্ক্স, লেলিন, গান্ধীলৈকে সকলোকে আজি খলনায়ক সজোৱা হৈছে। যেন অস্ত্ৰৰ উৎপাদক–ব্যৱহাৰকাৰী– যোগানদাৰ সকলহে নায়ক। প্ৰকৃত মানুহ।
বিজ্ঞান–সমাজবাদ–ধৰ্মনিৰপেক্ষতাৰ সপক্ষে মাত মতাসকলক সমাজখনৰ খলনায়ক হিচাপে প্ৰচাৰ কৰি থকা বাবে জনগণ বিভ্ৰান্ত। নায়ক নে খলনায়ক, শত্ৰু নে মিত্ৰ এই লৈ সন্দেহত। সেয়ে শাসকসকলে মেলি দিয়া অস্থিৰতা–অজ্ঞানতা ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে।
বুদ্ধই কৈছিল– মানুহৰ জীৱন দুখেৰে পৰিপূৰ্ণ। কিন্তু ইয়াৰ নিৰাময় আছে। নিৰাময়ৰ বাবে প্ৰথমে অজ্ঞতাৰ পৰা মুক্ত হ’ব লাগিব। পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী। চকুপানীৰ এই তিনিভাগৰ বিপৰীতে এভাগ মাটিক মূলধন কৰিয়েই সভ্যতা চিৰ আগুৱান।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News