Tuesday, November 25, 2025
HomeNEWSসদৌ অসম যুৱ সংঘৰ ৰাণী শাখা গঠন

সদৌ অসম যুৱ সংঘৰ ৰাণী শাখা গঠন

প্ৰকাশিত তাৰিখঃ ২৪ নৱেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

সদৌ অসম যুৱ সংঘ‌ৰ আহ্বানত ২৩ নৱেম্বৰত সংগঠনটোৰ ৰাণী আঞ্চলিক সমিতি গঠন কৰা হয়। এই উপলক্ষে ৰাণী আঞ্চলিক বিহু মঞ্চৰ প্ৰাংগনত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাৰ সৰ্বসন্মতি ক্ৰমে ৰঞ্জিত তালুকদাৰক সভাপতি আৰু তপন দাসক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২১জনীয়া সদস্যৰে সংগঠনটোৰ ৰাণী আঞ্চলিক সমিতিখন গঠন কৰা হয়।

উক্ত সভাত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় দাস, উপদেষ্টা ধনেশ্বৰ কলিতা আৰু তিলক নাথ, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক যুগল কলিতাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward