প্ৰকাশিত তাৰিখঃ ১৭ মাৰ্চ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
পশ্চিম গুৱাহাটী সমষ্টিৰ টাঙ্গনপাৰাৰ শিলপুতাত ১৫ মাৰ্চত এটি শগুন উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা শগুনটো হিমালয়ান গ্ৰিফ’ন প্ৰজাতিৰ আৰু ইয়াৰ বয়স প্ৰায় ৩ বছৰ। জানিবপৰা মতে অসুস্থ হৈ পৰা বাবে ই আকাশত উৰিব পৰা নাছিল। সেয়ে উক্ত ঠাইখিনিত প্ৰায় তিনিদিন ধৰি মাটিত জিৰণী লৈ আছিল।
সেয়ে ঘটনাটো অৱগত কৰিবলৈ টাঙ্গনপাৰা গাঁৱৰ বসন্ত ৰাভাই ৰাণীৰ বেলগুৰীস্থিত শগুন সংৰক্ষণ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰে। লগে লগে কেন্দ্ৰটোৰ ক্ষেত্ৰসহায়ক ধীৰাজ ৰাভাই প্ৰণৱ দেউৰী আৰু বন সুৰক্ষা বাহিনীৰ অনুপ শৰ্মাক লগত লৈ উক্ত স্থানত উপস্থিত হয়। লগতে অসুস্থ শগুনটো উদ্ধাৰ কৰি সংৰক্ষণ কেন্দ্ৰলৈ লৈ যায়।
উদ্ধাৰ কাৰ্যত কেন্দ্ৰটোৰ কৰ্মীসকলক টাঙ্গনপাৰা গাঁৱৰ নোমল ৰাভা, ব্ৰজেন ৰাভা আৰু গণেশ ৰাভাই সহযোগ আগবঢ়ায়।
কেন্দ্ৰটোৰ ক্ষেত্ৰ সহায়ক ধীৰাজ ৰাভাই কয় যে– শগুনটো বিষাক্ত খাদ্য ভক্ষণ কৰাৰ লক্ষণ দেখা নাই। শাৰীৰিক দূৰ্বলতাৰ বাবে শগুনটোৰ এনে অৱস্থা হ’ব পাৰে। আশাকৰো উপযুক্ত চিকিৎসা লাভ কৰাৰ পিচত শগুনটো অতি সোনকালে সুস্থ হৈ উঠিব। তেওঁ কয় মৃত জীৱ–জন্তুৰ গাত কেতিয়াও বিষাক্ত দ্ৰৱ্য মিহলাব নালাগে। কাৰণ এই কাৰ্যই মাংসভোজী পশু–পক্ষীৰ নিশ্চিতভাৱে বিপদ ঘটায়।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News