প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০২৪
কল্প ৰঞ্জন গগৈ –
১৯৯০ চনৰপৰা স্বাধীন ভাৰতবৰ্ষ সোমাই পৰিছিল বিশ্বৰ অৰ্থনৈতিক বিষচক্ৰত। ১৭৫৭ চনৰপৰা পৰাধীন ভাৰতৰ বিষচক্ৰই পূৰ্ণতা লাভ কৰিছিল ১৯৯০ চনত। ১৯৪৭ চনত ‘বাউন্সাৰ’সকলৰ হাতত এৰি থৈ যোৱা ভাৰতবৰ্ষই পূৰ্বৰ অশোকৰ দিনৰ সম্ভ্ৰম ঘূৰাই নেপালে। ভগৱন্ত বুদ্ধই দি থৈ যোৱা সম্ভ্ৰমৰ পথৰ পৰা বিচ্যুত হৈ ভাৰতবাসী পৰি ৰ’ল শামুকৰ খোলা হৈ। জ্ঞানক তালাক দিয়াৰ পিছত ভাৰতবাসী হৈ পৰিল কুম্ভকৰ্ণৰ দৰে।
কুম্ভকৰ্ণসকলে গমেই নেপালে (১৮৫৭) গণজাগৰণৰ যে এই বিষচক্ৰৰ পৰা মুক্ত হ’বলৈ প্ৰচেষ্টা। ফলস্বৰূপে ১৮৫৮ চনৰ পৰা আৰম্ভ হ’ল আৰু এক নতুন চক্ৰবেহু বণিয়াৰ হাতৰ পৰা মহাৰাণীৰ হাতলৈ ক্ষমতাৰ ৰদ–বদল। যিখিনি সম্ভ্ৰম বাকী আছিল খতম, ১৯৪৭ চনলৈ পুনৰ দেশৰ মুক্তিদাতা অন্নদাতা সকলে বিদ্ৰোহ নেৰিলে বাবেই দেশৰ মুক্তি হ’ল। অৱশ্যে বিভক্ত হৈ, কাৰণ জগতচেঠৰ দৰে বাউন্সাৰ সকল। সেয়ে প্ৰকৃত মুক্তিযোদ্ধা সকল উপেক্ষিত থাকি গ’ল। বৰ্তমানৰ দেশখনৰ অৱস্থাৰ কাৰণ সেইটোৱেই। আজিও কুম্ভকৰ্ণসকলে গমেই নেপায় যে বগা বঙালেই আছিল জাতীয় অথন্তৰৰ মুল। বিভক্ত ভাৰতৰ ফল। বগা বঙালৰ ‘চেনী’ খাই শত্ৰু–মিত্ৰ চিনি পাবলৈ অপাৰগ। সম্ভ্ৰম হেৰুৱাৰ পিছত ঐক্যৱদ্ধ হোৱা অসম্ভৱ। পুৰণিৰ পৰা নতুনলৈ যাবলৈ যি প্ৰজ্ঞাৰ সাধনা লাগিব– বুৰঞ্জীৰ জ্ঞান লাগিব, সেই ধাৰণা লুপ্ত।
এমুঠিমান সংখ্যালঘুৱে অহৰহ পৰিৱৰ্তনৰ বাবে চেষ্টা চলাই থাকিলেও কুম্ভকৰ্ণসকলে কোনো ধৰণৰ সঁহাৰি দিবলৈ অপাৰগ। সৰ্বহাৰা জনতাই সম্ভ্ৰম হেৰুৱাই যেনেদৰে ক্ৰিয়া কৰি আছে, সি সঁচাকৈ লজ্জাজনক। বিনা দোষত, বিনা বিচাৰে সীতা মাতাক বনবাস (জেইল) দিব পাৰে, সিজনে কেনেকৈ মহান ব্যক্তি হ’ব পাৰে? সেয়ে প্ৰশ্ন কৰা এই সংখ্যালঘু সকলে দেশৰ স্বাধীনতাৰ সময়ৰ পৰা প্ৰশ্ন কৰি থাকিলেও কুম্ভকৰ্ণৰ দৰে নিদ্ৰা যোৱা ৰাইজৰ সঁহাৰি পোৱা অসম্ভৱ।
প্ৰকৃত কথা হ’ল– শাসনৰ ব্যৱস্থালৈ উচ্ছেদ নকৰা পৰ্যন্ত এই অৰ্থনৈতিক বিষচক্ৰ শক্তিশালী হৈয়েই থাকিব। আজি কিন্তু কথাটো তেনেই স্পষ্ট। পৰিৱৰ্তনৰ বাবে লাগিব নতুন মানুহ, পৰিৱৰ্তনৰ লক্ষ্যও নতুন মানুহ গঢ়া। এই মানুহ হ’ব লাগিব ৰাজনৈতিক, অৰ্থনৈতিকভাৱে সচেতন নতুন মানুহ– প্ৰকৃত চিন্তানায়ক– চুফী সাধক– বাউল সন্যাসীসকলৰ দৰে।
বিশ্বব্যাপী যি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক বতাহ বলিছে সি প্ৰকৃততে গণমুখী বতাহ নহয়। সি ৰাজতন্ত্ৰক নতুন ৰূপত প্ৰতিষ্ঠা কৰা প্ৰয়াস। সেয়ে আজিও প্ৰশ্ন থাকি যায়– সাম্য, মৈত্ৰী, স্বাধীনতাৰ বাণী লৈ অহা ১৭৮৯ চনৰ ফৰাচী বিপ্লৱ প্ৰকৃত মাৰ্ক্সবাদী বিপ্লৱ আছিল নে নাই? ঠিক সেইদৰে ৰুছ বিপ্লৱ, চীন বিপ্লৱৰ বিষয়েও অনুসন্ধানৰ প্ৰয়োজন। ভাৰতবৰ্ষৰ স্বাধীনতাৰ মুক্তি যুদ্ধই আজিও পূৰ্ণতা নেপালে কাৰ ষড়যন্ত্ৰত? একে সময়তে মুক্ত পুঁজিবাদী পথে নাৰী, দলিত সকলক কিমান মুক্তি দিলে বা দিব পাৰিব তাকো চাব লাগিব।
তথাকথিত ৰুছ সমাজতন্ত্ৰ বিফল, চীনৰ মাওঁৰ নয়া গণতন্ত্ৰ বিফল। ভাৰতবৰ্ষৰ মুক্তিযুদ্ধ আৰু ব্ৰিটিছ বগা বঙালৰ নিয়ন্ত্ৰণৰ স্বাধীনতা বিফল। মাৰ্কিন দেশৰ লিংকন বিফল। সেইবাবেই বিশ্বৰ জনতাই নতুন পৃথিৱী, নতুন মানুহ, যুদ্ধৰ পৰা মুক্ত বিশ্ব, জনতাৰ বিশ্বায়নৰ বাবে সাধনা আৰম্ভ কৰিব লাগিব।
স্বামী বিবেকানন্দৰ (১৮৬৩–১৯০২) শূদ্ৰৰ বিশ্বায়নৰ বাবে বৰ্তমানৰ বৈশ্যসকলৰ হাতৰ পৰা ক্ষমতা অধিগ্ৰহণ কৰিব লাগিব। সেয়াই হৈছে বৰ্তমানৰ অৰ্থনৈতিক বিষচক্ৰৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায়। দেশখনৰ বহুত্ববাদী চৰিত্ৰক অধিক শক্তিশালী কৰিবলৈ ৰাজতন্ত্ৰৰ লগতে সাম্ৰাজ্যবাদৰ সকলো অৱশিষ্ট ধ্বংস কৰিব লাগিব। মানুহৰ সমস্যা সমাধানৰ বাবে সামাজিক প্ৰয়াস–প্ৰচেষ্টা জৰুৰী।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News