Wednesday, October 16, 2024
HomeNEWSগোৱালপাৰা জিলা বিদেশী আগ্ৰাসনৰ কৰিড’ৰ সদৃশ

গোৱালপাৰা জিলা বিদেশী আগ্ৰাসনৰ কৰিড’ৰ সদৃশ

প্ৰকাশিত তাৰিখঃ ২ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু সাধাৰণ সম্পাদক গোবিন্দ ৰাভাই ৩১ আগষ্টত এক প্ৰেছ টোকা প্ৰকাশ কৰে। সংগঠনটোৰ কেন্দ্ৰীয় নেতাদ্বয়ে প্ৰেছ টোকাটোত উল্লেখ কৰে যে– যোৱা কিছুদিন ধৰি উজনি অসমত এক বিশেষ সম্প্ৰদায়ৰ লোক খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলৰ ৰোষৰ বলি হৈছে। তাৰ ফলত উক্ত সম্প্ৰদায়টোৰ লোকসকলে উজনি অসম ত্যাগ কৰি নামনি অসমলৈ সোঁত বোৱা দৃষ্টি গোচৰ হৈছে।

এই সন্দৰ্ভত নিখিল ৰাভা জাতীয় পৰিষদে সকলো ৰাভা অধ্যুষিত জিলা আৰু আঞ্চলিক সমিতি সমূহক সতৰ্ক কৰি দিয়ে। যাতে কোনো কাৰণতে উজনিৰ পৰা বিতাৰিত হৈ অহা ব্যক্তিসকল আমাৰ অঞ্চলবোৰত বসবাস কৰিব নোৱাৰে। তাৰ বাবে বিহীত ব্যৱস্থা ল’বলৈ তথা সদা সচেতন আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় নেতাদ্বয়ে উল্লেখ কৰে যে, খাবলৈ পালে শুৱলৈও ঠাই বিচাৰিব আৰু শেষত গজালিয়েই বৰগছ হৈ পৰিব। উল্লেখ্য যে, গোৱালপাৰা জিলাখন হ’ল বিদেশী আগ্ৰাসনৰ কৰিড’ৰ সদৃশ– এইবুলিও এক গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে নিখিল ৰাভা জাতীয় পৰিষদৰ নেতাদ্বয়ে।

সেয়ে বিদেশী আগ্ৰাসনৰ এই কৰিড’ৰ বন্ধ কৰিব লাগিলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসন প্ৰদান কৰিব লাগিব। অধিক ক্ষমতাযুক্ত ষষ্ঠ অনুসূচীৰ আধাৰত প্ৰদান কৰা স্বায়ত্তশাসন ব্যৱস্থাইহে বহিৰাগত আগ্ৰাসন ৰোধ কৰিব পাৰিব বুলিও উল্লেখ কৰে। এনে কটকটীয়া সুৰক্ষা ব্যৱস্থা অতি সোনকালে গঢ়ি তুলিব লাগে বুলি নেতাদ্বয়ে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি এক দাবী উত্থাপন কৰিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward