Tuesday, November 25, 2025
Homeবাতৰিৰাণীত গাঁও পঞ্চায়ত ভৱনৰ আধাৰশিলা স্থাপন

ৰাণীত গাঁও পঞ্চায়ত ভৱনৰ আধাৰশিলা স্থাপন

প্ৰকাশিত তাৰিখঃ ২৪ নৱেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ ৰাণীত নৱেম্বৰত তিনিখনকৈ চৰকাৰী আঁচনিৰ উদ্বোধন কৰে সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। সেই অনুসৰি– বিধায়ক কলিতাই ৰাণীৰ সজ্জনপাৰাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিশ্চিত নিয়োগ আঁচনিৰ ২০২৩-২৪বৰ্ষৰ ৯৮৮,৭৫৫টকাৰে নিৰ্মিত পথটোৰ শুভ উদ্বোধন কৰে।

আনহাতে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বচ্ছতিকৰণ অভিযানৰ ২০২৩-২৪বৰ্ষৰ ২০লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰিবলগীয়া ৰাণী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা আৰু উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়তৰ দলেপাৰাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিশ্চিত নিয়োগ আঁচনিৰ অধীনত ২০২৩-২৪বৰ্ষৰ ৮,৩৩০০০টকাৰ এটি পথৰ আধাৰ শিলা স্থাপন কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়– ‘চৰকাৰী আঁচনি সমূহ ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজে নজৰ ৰাখিব লাগে। নতুনকৈ গঠিত ৰামছাৰাণী উন্নয়ন খণ্ডৰ কাৰ্যালয় গড়লত স্থাপন কৰা হৈছে। আনহাতে ৰাণীৰ তিনিখন গাঁও পঞ্চায়ত ঝাৰোবড়িৰ ছয়াণী উন্নয়ন খণ্ডত চামিল কৰা হৈছে। লগতে ছয়াণী-ৰাণী উন্নয়ন খণ্ড নামেৰে নতুনকৈ নামাকৰণ কৰা হৈছে। ইয়াৰ ফলত ৰাণী গাঁও পঞ্চায়তৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। ৰাণী গাঁও পঞ্চায়তৰ নতুন ভৱনটো সম্পূৰ্ণ হোৱাৰ পিছত ছয়াণী–ৰাণী উন্নয়ন খণ্ডৰ কাৰ্যালয় ৰাণী গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদলৈ স্থানান্তৰিত কৰাৰ চিন্তা-চৰ্চাও চলি আছে।’

আধাৰশিলা উদ্বোধনী অনুষ্ঠানত পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থাকে।

লগতে ৰামছাৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰী, ছয়াণী–ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ বৰা, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন, জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী, প্ৰাক্তন সভাপতি জগন্নাথ ঠাকুৰীয়া আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward