প্ৰকাশিত তাৰিখঃ ১ ছেপ্টেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগৰীখনক আধুনিক প্ৰযুক্তিৰে সজাই তোলাৰ বাবে চৰকাৰে এক প্ৰতিযোগিতা চলাই আছে। তেনে সময়তে মহানগৰীখনৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ এখন পাহাৰীয়া গাঁৱত এক দুখজনক ছবি দেখিবলৈ পোৱা গৈছে।
৩০ আগষ্টত এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসাৰ বাবে সাঙিত তুলি কেইবা কিলোমিটাৰ দূৰৈৰ এটি পথলৈকে কঢ়িয়াই নিবলগীয়া হয়। এই ঘটনাটো ঘটে পশ্চিম গুৱাহাটী সমষ্টিৰ নুমলিপথাৰত।
উল্লেখ্য যে আধুনিক গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী এখন মফচলীয় চহৰ ৰাণী। ৰাণীৰ সৈতে সংযুক্ত হৈ আছে নাৰলিং, আমৰিং, ডেকাপথাৰ, নুমলিপথাৰ (ৰংমালী) চাংমা নগৰ, ডুম’পাহাম, ভালুকখোৱা, কায়াংপথাৰ, নতুন জালুকপাহাম, জালুকপাহাম, মাটাং, গড়ভঙা আদিকৰি পাহাৰীয়া অঞ্চলৰ ১৬খনকৈ জনজাতীয় গাঁও।
অঞ্চলটোত উন্নয়ন বুলিবলৈ চৰকাৰে ৰাণীৰ পৰা কপিলী–নাৰলিং–ডুম’পাহাম–জালুকপাহাম–গড়ভঙা হৈ লখৰাত সংযোগ ঘটা এটি পথ নিৰ্মাণ কৰিছে। কিন্তু এই পথটোৰ পৰা বহু ভিতৰুৱা অঞ্চলত বসবাস কৰা আমৰিং, ডেকাপথাৰ, নুমলিপথাৰত পথ যোগাযোগৰ কোনো ব্যৱস্থাই নাই। ৰাইজে সাজি উলিওৱা লংলুঙীয়া কেচা বাটেৰে এই গাঁও সমূহৰলোক সকলে যাতায়াত কৰে। খৰালিকালত ট্ৰাক, বাইক আদি চলাচল কৰে যদিও বাৰিষা খোজ কঢ়াৰ বাদে আন উপায় নাই।
আনহাতে বৃহত্তৰ অঞ্চলটোত তিনিখন উপ–স্বাস্থ্যকেন্দ্ৰ আছে যদিও চিকিৎসাৰ কোনো সুব্যৱস্থা নাই।
উল্লেখ্য যে, ২০০০ বৰ্ষত গড়ভঙাৰ এগৰাকী গৰ্ভৱতী মহিলাক ডুলিত ভৰাই চিকিৎসাৰ বাবে ৰাণীলৈ আনি থকা মুহুৰ্তত ৰাণীৰ কপিলীত ডুলিৰ ভিতৰতে প্ৰসৱ কৰি এটি দেৱশিশু জন্ম দিছিল।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ