প্ৰকাশিত তাৰিখঃ ৮ মাৰ্চ, ২০২১
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –
অসমে আজি পৰ্যন্ত সীমামুৰীয়া ৰাজ্যকেইখনৰ সৈতে আন্তঃৰাজ্যিক সীমা স্থিৰ কৰিব নোৱাৰিলে। ইয়াক কেন্দ্ৰকৰি চুবুৰীয়া ৰাজ্যকেইখনে নিত্য নতুন কৌশলেৰে অসমৰ সৈতে সংঘাতত লিপ্ত হৈ থাকে। অৱশ্যে, সীমাক কেন্দ্ৰকৰি চুবুৰীয়া ৰাজ্যকেইখনে অসমৰ সৈতে সংঘাতত লিপ্ত হৈ থকা ঘটনা নতুন নহয়। ই বহু পুৰণি। আন্তঃৰাজ্যিক সীমান্তত অসম চৰকাৰৰ দূৰ্বল স্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহন কৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়, নগালেণ্ড, অৰুণাচল আৰু মিজোৰামে। সমস্যাটো অতি গুৰুত্বপূৰ্ণ যদিও আমাৰ চৰকাৰ–প্রশাসনৰ গা–এৰা দিয়া শাসন ব্যৱস্থাত চুবুৰীয়া ৰাজ্যকেইখন অধিক আগ্রাসী ৰূপত নামি পৰিছে অসমৰ ভূমি বেদখলত। এই সুযোগত মেঘালয়, নগালেণ্ড, অৰুণাচল, মিজোৰাম কোনখন ৰাজ্যই অসমৰ লগত সীমা বিবাদত লিপ্ত হোৱা নাই। অকল বিবাদতে ক্ষান্ত থকা নাই, বিবাদে ৰক্তাক্ত সংঘৰ্ষৰ ৰূপ লৈছে। এখন ৰাজ্য তল পৰিলে পুনৰ অন্য এখন ৰাজ্য মুৰ দাঙি উঠে। ৰাজ্যখনৰ এটা কোণ শান্ত হ’লে অন্য এটা কোণ অশান্ত হৈ উঠে। আন্তঃৰাজ্যিক সীমা বিবাদ বৰ্তমান ৰাজ্যখনৰ বাবে এক জ্বলন্ত সমস্যা। এই সমস্যা কোনোকালে সমাধানৰ সূত্ৰ উলিয়াব এক মহাব্যাধিত পৰিণত হৈছে।
প্ৰকাশিত তথ্য অনুসৰি– এই মুহুৰ্তত আমাৰ চুবুৰীয়া ৰাজ্যকেইখনে ৮৩,৯১৮.৭২ হেক্টৰ অসমৰ ভূমি বেদখল কৰিছে। তথ্য অনুসৰি– নগালেণ্ড ৫৯,৪৯০ হেক্টৰ ক্ৰমে– যোৰহাট জিলাত ১৮,৯০৮ হেক্টৰ, শিৱসাগৰ জিলাত ৪,২৮৮ হেক্টৰ আৰু গোলাঘাট জিলা সংলগ্ন সীমান্তৱৰ্তী অঞ্চলৰ ৩৬,২৯৪ হেক্টৰ। উল্লেখ্য যে চুবুৰীয়া ৰাজ্যসমূহৰ ভিতৰত নগালেণ্ডেই সৰ্বাধিক ভূমি বেদখল কৰিছে। অৰুণাচল প্রদেশ– ২১,৩৪৩.২৫ হেক্টৰ, ক্ৰমে– শোণিতপুৰ জিলাত ১১০ হেক্টৰ, বিশ্বনাথ জিলাত ৪,৭৫৬ হেক্টৰ, লখিমপুৰ জিলাত ২,৪৩৫.২৫ হেক্টৰ, ধেমাজি জিলাত ৪,১১৯ হেক্টৰ, তিনিচুকীয়া জিলাত ৯,২৬৯ হেক্টৰ, ডিব্রুগড় জিলাত ২ হেক্টৰ আৰু চৰাইদেউ জিলাত ৬৫২ হেক্টৰ। উল্লেখনীয় যে, ৰাজ্যখনৰ ভূমি বেদখলে আমাৰ সাতখন জিলা সাঙুৰি লৈছে। মেঘালয়– ১,৫২৪.৪৬ হেক্টৰ, ক্ৰমে– কামৰূপ, কামৰূপ (মহানগৰ), গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, কাছাৰ, দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ অন্তৰ্গত। মিজোৰাম– ১,৫৩৬ হেক্টৰ, ক্ৰমে– হাইলাকান্দি জিলাত ১,০০০ হেক্টৰ, কৰিমগঞ্জ জিলাত ৫৩৬ হেক্টৰ। আনহাতে, কৰিমগঞ্জ জিলাৰ ২৫ হেক্টৰ ভূমি ত্রিপুৰাই দখল কৰিছে।
উল্লেখযোগ্যে যে, ২০১৮ চনৰ ছেপ্টেম্বৰত খাছি পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ শ্বিলং দৰবাৰ হিমাৰ কাৰ্যালয়ত এক গুৰুত্ব বৈঠক অনুস্থিত হৈছিল। এই বৈঠকত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য এইচ এছ শ্বাইলাই অংশ গ্ৰহণ কৰি এইদৰে কৈছিল– এই মুহুৰ্তত আমাৰ ১৫৪৭.৪২ বৰ্গ কিঃমিঃ এলেকা অসম চৰকাৰৰ অধীনত আছে। ১২ টা পৰিক্ষেত্ৰৰ ২৭০০ বৰ্গ কিঃ মিঃ এলেকা বিবদমান বুলি চিহ্নিত কৰা হৈছে। তাৰ ভিতৰত কাৰ্বি আংলং জিলাৰ ব্লক– ১ আৰু ব্লক– ২ (১৫৪৭.৪২ বৰ্গ কিঃমিঃ), ৰাটাছেৰা (১১.২০ বৰ্গ কিঃমিঃ) আৰু দেছ ডুমৰিয়া (৪৮৭.৭২ বৰ্গ কিঃমিঃ), খাণ্ডুলি–পিয়াৰ (৭৮.৮০ বৰ্গ কিঃমিঃ)। কামৰূপ জিলাৰ– হাহিম (৩.৫১বৰ্গ কিঃমিঃ), লাংপি (২৯৮.০৭ বৰ্গ কিঃমিঃ), তাৰাবাৰী (৪.৬৯ বৰ্গ কিঃমিঃ), বাখালাপাৰ (১.৫৭ বৰ্গ কিঃমিঃ), বৰদুৱাৰ (১৪৭.৮৩ বৰ্গ কিঃমিঃ)। কামৰূপ মহানগৰ জিলাৰ– খানাপাৰা–পিলিংকাটা (২.২৯ বৰ্গ কিঃমিঃ)। উক্ত পৰিমাণৰ ভূমি অসমৰ পৰা ঘূৰাই বিচাৰিছে মেঘালয়ে। মুখ্যকাৰ্যবাহী গৰাকীয়ে কৈছিল– আমাৰ ভূমি অসমৰ হাতত কিয় হেৰুৱাম। যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিমেই বুলি দৃঢ়তাৰে উল্লেখ কৰিছিল।
এইসন্দৰ্ভত ১৯৮৩ চনৰ ২৬ মে’ত অসম–মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয় হিতেশ্বৰ শইকীয়া আৰু কেপ্তেইন উইলিয়ামচন এ চাংমাৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকৰ যুটীয়া চৰকাৰী কমিটীয়ে ১২টা এলেকা বিবদমান বুলি চিনাক্ত কৰে। বিবদমান এলেকাৰ বিবাদ সমাধানৰ বাবে দুয়ো ৰাজ্যই আলোচনাসমূহ চলাই নিয়াৰ সিদ্ধান্ত লৈছিল। কিন্তু আজিও কোনো এটা এলেকাৰ বিবাদ সমাধান কৰিবলৈ সক্ষম নহ’ল। যাৰ ফলত ৰাজ্য দুখনৰ সীমান্তত উত্তেজনাপূৰ্ণ সমস্যাৰ সৃষ্টি হৈ আহিছে বিভিন্ন সময়ত।
আজি কেইমাহ ধৰি অসম–মিজোৰাম সীমান্তত ৰক্তাক্ত সংঘাত হৈ আছে। মিজো দুষ্কৃতিকাৰীয়ে সীমান্তৰ অসমীয়া গাঁৱৰলোকসকলক অবৰ্ননীয় অত্যাচাৰ চলাইছে, বহুকেইখন শিক্ষানুষ্ঠান বোমাৰে উৰুৱাই দিছে, ঘৰ–দুৱাৰ জ্বলাই দিছে, বৃহৎ পৰিমাণৰ পশুধনকে আদিকৰি অন্যান্য সা–সম্পতি অনিষ্ট কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাত দুয়ো ৰাজ্যৰ আলোচনা হৈছে। শান্তি–শৃংখলা ৰক্ষাৰ বাবে সামৰিক বাহিনী মোতায়েন কৰা হৈছে। কিন্তু এই মুহুৰ্তলৈকে সীমান্তৰ পৰিস্থিতি শান্ত হোৱা নাই উত্তপ্ত হৈয়েই আছে। ইপিনে, অসম–নগালেণ্ড সীমান্তও উত্তপ্ত। বিগত সময় চোৱাত মেৰাপানী, উৰিয়ামঘাট, গেলেকী, হালোৱা টিং, নাগিনী মাৰা, দিচৈভেলি, ধনশিৰি কোন ঠাইত নগালেণ্ডে অসমৰ লগত সংঘাতত লিপ্ত হোৱা নাই। উল্লেখ্য যে, অসমৰ সৈতে আটাইতকৈ বেছি সংখ্যাক ৰক্তাক্ত সংঘাতত লিপ্ত হোৱা চুবুৰীয়া ৰাজ্যখনেই হ’ল নগালেণ্ড। প্ৰতিমাহত আন্তঃৰাজ্যিক সীমান্তত এবাৰ নহয় এবাৰ অসমীয়াৰ লগত নগাৰ সংঘাত থাকিবই। ইফালে অৰুণাচলেও সংঘাতত লিপ্ত হৈ আছে। সীমান্তৰ বিহালী, চাউলধোৱা, লেখাপানীত চলোৱা অৰুণাচলীৰ তাণ্ডৱৰ কথা কোনজন অসমীয়াৰ মনত নাই।
অৱশ্যে, অৰুণাচল, নগালেণ্ড, মিজোৰামে সীমান্তত অসমৰ ভূমিত চলোৱা বেদখল আৰু মেঘালয়ে চলোৱা বেদখলৰ মাজত পাৰ্থক্য দেখা গৈছে। দেখা গৈছে– অৰুণাচল, নগালেণ্ড, মিজোৰামে ৰক্তাক্ত সংঘৰ্ষ কৰি সেই ঠাইৰ অসমীয়াক খেদি ভূমি দখল কৰে। অসমৰ ভূমি বেদখলৰ নামত অৰুণাচল, নগালেণ্ড, মিজোৰাম এই তিনিখন ৰাজ্যই আন্তঃৰাজ্যিক সীমান্তত অৱস্থিত গাঁৱৰ অসমীয়াসকলৰ ঘৰ–দুৱাৰ জ্বলাই দি খেদি পঠিওৱাৰ পাছত সেই ঠাই দখল কৰিছে। নতুনকৈ দখল কৰা ঠাইখনত ঘৰ–দুৱাৰ নিৰ্মাণ কৰি গাঁও স্থাপন কৰিছে। ৰাষ্টা–ঘাট নিৰ্মাণ, বিজুলী, খোৱাপানী যোগান, গীৰ্জা, বিভিন্ন চৰকাৰী প্ৰশাসনীয় কাৰ্যালয় স্থাপনকে আদিকৰি সকলো সা–সুবিধাযুক্ত এক পূৰ্ণাংগ গাঁও স্থাপন কৰিছে। কিন্তু সেই গাঁৱত অসমীয়াৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ। মুঠতে সেই অঞ্চলসমূহত অসমীয়াৰ শিপা এডালো থাকিব দিয়া নহয়। মুঠতে সীমান্তৰ অসমীয়াসকল নগা, অৰুণাচলী, মিজোৰ ভয়–ভাবুকিত এক সংকট পূৰ্ণ জীৱন অতিবাহিত কৰিবলগা হৈছে।
কিন্তু, অন্যান্য ৰাজ্যকেইখনৰ দৰে কৌশল মেঘালয়ে অৱলম্বন কৰা নাই। ৰক্তাক্ত সংঘাতো তেনেকৈ সংঘটিত কৰা নাই। অৱশ্যে, কাৰ্বি আংলঙৰ ব্ল’ক– ১, ব্ল’ক– ২ আৰু কামৰূপৰ লাম্পীত সময়ে সময়ে পৰিস্থিতি অশান্তময় হৈ উঠে। অসম চৰকাৰৰ অৱহেলাৰ বাবে আন্তঃৰাজ্যিক সীমান্তৰ অসমীয়াসকল যি যি সমস্যাৰ সন্মুখীন হৈ আহিছে সেই সমস্যাসমূহ পূৰণ কৰি দিয়াৰ কৌশলী পথ অৱলম্বন কৰিছে মেঘালয়ে। বৰ্তমান সংঘাতৰ পৰিৱৰ্তে সমস্যা পূৰণ কৰি দি সীমান্তৰ অসমীয়াসকলক তেওঁলোকৰ ফলীয়া কৰি লোৱাৰহে এক ফন্দি পাতিছে মেঘালয়ে। যি ফন্দি প্ৰয়োগত ৰাজ্যখন সফল হোৱা বুলি ক’ব লাগিব। এষাৰ মূল্যবান কথা আছে– যিহক ব’ল–শক্তিৰে বশ কৰিব নোৱাৰি বুদ্ধিৰে তাক দাস সজাব পাৰি। সততে সীমান্তৰ অসমীয়াসকলে ভূগি অহা সমস্যাসমূহ হ’ল– খাদ্য, বাট–পথ, বিজুলী, খোৱাপানী, শিক্ষা আদি। অসমীয়াৰ এই সমূহ সমস্যা পূৰণ কৰি দি তেওঁলোকৰ সমৰ্থক কৰি লৈছে। মানে– মেঘালয়ে অসমীয়াক অসমীয়া হিচাপেই থাকিবলৈ সুযোগ দিছে। মাত্ৰ তাৰ সৈতে কেইটামান বিষয়বস্তু যোগ দিছে– প্ৰথমে সীমান্তৰ অসমীয়া লোকসকলক ভোটাৰ তালিকাত অন্তৰ্ভূক্তি কৰিছে, তাৰ পাছত ক্ৰমে– লোকসকলক চৰকাৰী সূলভ মূল্যৰ ৰেচন যোগান ধৰিছে, বাট–পথবোৰ উন্নয়ন কৰি দিছে, বিজুলী সংযোগৰ ব্যৱস্থা কৰি দিছে, খোৱাপানী যোগান ধৰিছে, ঠাই বিশেষে শিক্ষানুষ্ঠান স্থাপন কৰি দিছে।
যিয়েই নহওক, মেঘালয়ে কৌশলীপূৰ্ণ ফান্দখন যি এবাৰ পাতিথোৱাৰ পাছত দ্বিতীয়বাৰ নতুনকৈ পাতিবলগা হোৱা নাই। আগতে পাতিথোৱা ফান্দখনত এতিয়া আমাৰ এচাম সুবিধাবাদী অসমীয়াই নিজে নিজে সোমোৱা আৰম্ভ কৰিছে। কোনে আগে ফান্দখনত সোমাব পাৰে সেইলৈও এতিয়া এখন প্ৰতিযোগিতা আৰম্ভ হৈছে। উদাহৰণ স্বৰূপে পশ্চিম গুৱাহাটীৰ এইসমূহ গাঁৱৰ কথাকেই আলোচনা কৰো আহক। সমষ্টিটোৰ এইসমূহ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী গাঁও– গঁড়ভাংগা, নতুন গঁড়ভাংগা, পাহাম জিলা, উলুবাৰী, জালুকপাহাম, ডেকাপথাৰ, আমৰিং, ডুম’পাহাম, চাংমা নগৰ, গণপতি, নতুন বাটাবাৰী (ৰাণী), জয়ন্তীপুৰ, মৈৰাপুৰ, পুৰাণশুকুৰবৰীয়া, শুকুৰবৰীয়া, উমচুৰ, ৰাণীবাৰী, শালসেৰ, পাটগাঁও, মাটাইখাৰ, বিলপাৰা, লুংখুং, ভালাখোৱা, বাখালাপাৰা, জিমিৰিগাঁও। বিশেষভাৱে মন কৰিবলগীয়া– উল্লিখিত গাঁও সমূহৰ লোকসকলে বছৰ বছৰ ধৰি মেঘালয়ৰ বিধানসভা, লোকসভা, স্বায়ত্তশাসিত জিলা পৰিষদকে আদিকৰি সকলোবোৰ নিৰ্বাচনত ভোটদান কৰি আহিছে। ২০১৯ চনৰ শেহতীয়া সংশোধনী ভোটাৰ তালিকা অনুসৰি উক্ত গাঁওসমূহ সম্পূৰ্ণ মেঘালয়ৰ এলেকাধীন। সেয়ে ৰাজ্যখনৰ প্ৰশাসনীয় শৃংখলমতে সেই গাঁও সমূহ পৰিচালিত হ’বলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে, ২০১৯ চনৰ শেহতীয়া ভোটাৰ তালিকা অনুসৰি সীমান্তৰ অসমীয়াসকলে মেঘালয়ক এইধৰণে ভোটদান কৰি আহিছে। মেঘালয়ৰ ২৭ নং ভোটকেন্দ্ৰ উমচেন প্ৰাথমিক বিদ্যালয়ত গঁড়ভাংগা, নতুন গঁড়ভাংগা, পাহাম জিলা, জালুক পাহাম, ডেকাপথাৰ, আমৰিং গাঁৱৰ ৰাইজে ভোটদান কৰি আহিছে। সীমান্তৰ কাষতে স্থাপন কৰা ৫৮ নং ভোটকেন্দ্ৰ লুংখুং চেকেণ্ডাৰী স্কুলত বাখালাপাৰা, জিমিৰিগাঁও আৰু হাউলা এই গাঁও কেইখনে ভোটদান কৰি আহিছে য’ত– ৮৬৭গৰাকী মুঠ ভোটাৰৰ ৪৪৪গৰাকী পুৰুষ আৰু ৪২৩গৰাকী মহিলা। অসমৰ উমশ্ৰু আৰু শুকুৰবৰীয়া গাঁও দুখনেও ৪২ নং কেন্দ্ৰৰ উমশ্ৰু চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি আহিছে। ৰাণীবাৰী, ৰাজাবালা, বিলপাৰা, আখৈ নিজৰা, ভালাখোৱা, নিউ ভালাখোৱা, পাটগাঁও, শালসেৰ এই গাঁও কেইখনক লৈ ৰাণীবাৰীত দুটা ভোটকেন্দ্ৰ স্থাপন কৰিছে। ৫০নং ৰাণীবাৰী–এ আৰু ৫১নং ৰাণীবাৰী–বি। ৫০নং ভোট কেন্দ্ৰটোৰ স্থান ৰাণীবাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়। এইকেন্দ্ৰটোত অকল পুৰুষ ভোটাৰসকলে ভোটদান কৰে। ইপিনে, ৫১নং ভোটকেন্দ্ৰ ৰাণীবাৰী সামূহিক কেন্দ্ৰত অকল মহিলা ভোটাৰসকলে ভোটদান কৰে। দুয়োটা কেন্দ্ৰৰ মুঠ ভোটাৰৰ সংখ্যা ১,২২২গৰাকী, পুৰুষ– ৬১২ আৰু মহিলা– ৬১০।
ৰাণী ফ’ৰেষ্ট চ’কৰ পৰা এশ মিটাৰ দক্ষিণে ৰাণী–মাইৰাং পথৰ কাষতে মেঘালয়ে স্থাপন কৰিছে এটি ভোটকেন্দ্ৰ। পূৰ্বতে জিৰাং এলেকাধিপতি (ৰজা) জিৰণী ঘৰটোৰ কাষতে চৰকাৰে এটি অতিথি গৃহ নিৰ্মাণ কৰিছে। পৰৱৰ্তী সময়ত সেই অতিথি গৃহ ভোটকেন্দ্ৰলৈ পৰিণত হ’ল। ৩৫নং ৰাণী–জিৰাং ভোট কেন্দ্ৰটোত অসমৰ গণপতি, নতুন বাটাবাৰী, জয়ন্তীপুৰ, মৈৰাপুৰ, পুৰাণশুকুবৰীয়াৰ একাংশ লোকে ভোটদান কৰি আহিছে। কেন্দ্ৰটোৰ মুঠ ভোটাৰৰ সংখ্যা ৪৫৭গৰাকী। পুৰুষ– ২২৭ আৰু মহিলা– ২৩০গৰাকী।
আন্তঃৰাজ্যিক সীমান্তৰ অসমীয়াসকলৰ আৰ্থ–সামাজিক উন্নয়নৰ বাবে মেঘালয় ইমানেই আগ্ৰহীনে? নে তেনে উন্নয়নৰ আঁৰত অসমৰ ভূমি বেদখলৰ কু–চক্ৰান্ত লুকাই আছে! আমি কথাটো যুক্তিযুক্ততাৰে চিন্তা কৰিবই লাগিব নিশ্চয়। কিয়নো, প্ৰাপ্যৰ পৰা বঞ্চিত–অৱহেলিত লোক কেৱল সীমান্তৰ অসমীয়াসকলেই নহয় মেঘালয়ৰ ভিতৰতো তেনেলোকৰ গাঁও আছে। য’ত– সীমান্তৰ অসমীয়াসকলোতকৈ অনুন্নত জীৱন–যাপন কৰি আছে। যুগ যুগ ধৰি নিজৰ চৰকাৰৰ উন্নয়নৰ পৰা তেওঁলোকেও বঞ্চিত–অৱহেলিত। পৰৱৰ্তী সময়ত সেইবোৰৰ বহল ব্যাখ্যা আগবঢ়াম।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News