প্ৰকাশিত তাৰিখঃ ৬ জুলাই, ২০২০
খণ্ড ন
সীমান্ত কাকতি –
অনুপমাই এইদৰে এটাৰ পিছত আন এটা পৃষ্ঠা উলিয়াই কেৱল পঢ়ি গ’ল। ইউৰোপত হিটলাৰৰ অশ্বমেধ ঘোঁৰাই কেনেদৰে এফালৰ পৰা আগ্ৰাসী ভুমিকা লৈ দেশবোৰ অধিকাৰ কৰি ললে। থিক একেদৰে হিটলাৰৰ বাহিনীয়ে ৰাছিয়াটো বাধাহীনভাৱে প্ৰৱেশ কৰি এফালৰ পৰা কেনেদৰে ধ্বংস লীলা কৰি গ’ল। ৰাছিয়াৰ ধ্বংস স্তূপ কৰাই যেন হিটলাৰৰ একমাত্ৰ উদ্দেশ্য। হিটলাৰে ভাবিছিল ৰাছিয়া জয় কৰাৰ পিছত তেওঁ হৈ পৰিব ইউৰোপৰ লগতে সমগ্ৰ পৃথিৱীৰ একছত্ৰী অধিকাৰী। ক্ৰমশঃ ৰাছিয়াৰ বহু অঞ্চল হিটলাৰৰ বাহিনীয়ে দখল কৰি ললে। কিন্তু বিপ্লৱী শিক্ষাৰে শিক্ষিত ৰাছিয়াৰ ৰে’ড আৰ্মিয়ে সেই সুযোগ জাৰ্মান বাহিনীক নিদিলে। ৰে’ড আৰ্মিয়ে বুদ্ধিদ্দীপ্তভাৱে জাৰ্মান বাহিনীক ৰাছিয়াত প্ৰৱেশ কৰিবলৈ দি ৰে’ড আৰ্মিয়ে ইউ টাৰ্ণ লৈ জাৰ্মান বাহিনীক ঘেৰি ধৰে, যি কথা হিটলাৰৰ বাহিনীয়ে কল্পনাই কৰিব পৰা নাছিল। ৰে’ড আৰ্মিয়ে জাৰ্মান বাহিনীক শলঠেকত পেলাই চাৰিওফালৰ পৰা আক্ৰমন কৰিবলৈ ধৰে। জাৰ্মান বাহিনী ৰে’ড আৰ্মিৰ আক্ৰমণত চেদেলি–ভেদেলি হৈ পৰে। নিশ্চিত পৰাজয়ৰ মুখ দেখি হিটলাৰে পিছত আত্মহত্যা কৰিবলৈ বাধ্য হয়। এই যুদ্ধত জয়লাভৰ গুৰিতে আছিল ষ্টেলিনৰ সৱল নেতৃত্ব আৰু ৰে’ড আৰ্মিৰ পৰাক্ৰম। বিশ্বৰ জনতাই ৰাছিয়াক এই যুদ্ধৰ শেষত ভুয়সী প্ৰসংশাৰে ৰাছিয়াৰ স্থান সু–উচ্চ কৰি তোলে। আনফালে হিটলাৰৰ সহযোগী জাপানৰ অগ্ৰগতি ৰোধ কৰিবলৈ ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই হিৰোশ্বিমা আৰু নাগাচাকিত এট’ম ব’ম নিক্ষেপ কৰি জাপানৰ পৰাজয় নিশ্চিত কৰে। যুদ্ধত এট’ম ব’ম ব্যৱহাৰক লৈ বিশ্বৰ চৌদিশে এক ধিক্কাৰ প্ৰতিচ্ছবিও ভাহি আহে। এট’ম ব’মৰ প্ৰভাৱত থিতাতে লাখ লাখ নিৰীহ মানুহে মৃত্যুক সাৱতি ল’ব লগা হয়। বৰ্তমানো হিৰোশ্বিমা আৰু নাগাচাকিত এই এট’ম ব’মৰ পাৰ্শ্বক্ৰিয়া সেই দেশে ভোগ কৰি আছে। এইদৰেই সাম্ৰাজ্যবাদী সকলে কেৱল বেপাৰৰ স্বাৰ্থত নিৰীহৰ তেজেৰে ফাকু খেলি দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটাইছিল।
দ্বিতীয় বিশ্বযুদ্ধই সমগ্ৰ পৃথিৱীকে দুই শিৱিৰত বিভক্ত কৰিলে। এফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিনত একাংশ আনফালে ছোভিয়েট ৰাছিয়াৰ অধিনত একাংশ। প্ৰকৃততে ছোভিয়েট ৰাছিয়াৰ প্ৰতিষ্ঠিত কমিউনিজিমৰ আদৰ্শৰ প্ৰতিহে এই বিশেষ ৰাষ্ট্ৰসমূহ আকৃষ্ট হৈছিল। দ্বিতীয় বিশ্বযুদ্ধই সাম্ৰাজ্যবাদীসকলক ভৱিষ্যতে বাণিজ্য কৰিবলৈ হ’লে অন্য এক ৰাজনৈতিক চাতুৰিৰ আশ্ৰয় ল’বলৈ বাধ্য কৰালে। সেয়ে সিহঁতৰ উপনিবেশবোৰত ইতিমধ্যে গঢ় লোৱা জাতীয়বাদী নেতাসকলৰ লগত স্বাধীনতাৰ বুজাবুজি চুক্তি কৰিবলৈ ধৰে যাতে সেই দেশসমূহ ভৱিষ্যতেও সিহঁতৰ চৰণীয়া পথাৰ হৈ থাকে। নামত গণতন্ত্ৰ স্থাপন কৰি ৰাইজক ভোটাধিকাৰ আৰু বাক্স্বাধীনতা দি অৰ্থনৈতিক স্বাধীনতা ক্ষেত্ৰত মুৰপলকা মাৰে। এই সমগ্ৰ দেশতে মধ্যবিত্তই দেশৰ শাসনভাৰ নিজৰ আয়ত্তলৈ জাতীয় চৰকাৰ গঢ়ে। মূল কথা হ’ল এই দেশসমূহৰ সমাজ ব্যৱস্থাৰ ইউৰোপৰ নিচিনা কোনো পৰিবৰ্তন নহ’ল। ফলস্বৰূপে সংখ্যা গৰিষ্ঠ মানুহৰ অৱস্থাৰ কোনো পৰিবৰ্তন নহ’ল। দেশ এখনৰ স্বাভাৱিক উন্নতিৰ লগতে অৰ্থনৈতিক গঢ় দিবলৈ হ’লে সকলো শ্ৰেণী লোকৰ অৱস্থা উন্নতি ঘটাবই লাগিব, এয়াই দেশ উন্নয়নৰ প্ৰধান চৰ্ত। সাম্ৰাজ্যবাদৰ ছত্ৰছায়াত লাভ কৰা স্বাধীনতা নামান্তৰহে মাত্ৰ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত চীনত যি গণ অভ্যুত্থান হ’ল আৰু তাৰ ফলত যি স্বাধীন চৰকাৰ প্ৰতিষ্ঠা হ’ল তাৰ ভবিষ্যত দৰ্শন কৰিলেই এইবোৰ পৰিস্ফুত হয়। কেৱল চীনতেই নহয় ভিয়েটনাম, কিউবাৰ জাতীয় চৰকাৰে তাৰেই প্ৰতিচ্ছবি ডাঙি ধৰে।
অনুপমাই এইবোৰ কথা বহুত পিছত বুজি পালে, কেনে নেতৃত্বতৰে এখন দেশৰ অৰ্থনীতি আচলতে গঢ়িব পাৰি। শ্ৰেণী চেতনাহীন মধ্যবিত্তীয়ৰ নেতৃত্বত যি আশা কেতিয়াও কৰিব নোৱাৰি। এখন দেশ উন্নতিৰ শিখৰত অৱস্থান কৰিবলৈ হ’লে সেই দেশৰ মানৱ সম্পদ বিকাশৰ বাবে যথোপযুক্ত শিক্ষা ব্যৱস্থা এটা গঢ় দিবই লাগিব। লগতে স্বাস্থ্য ব্যৱস্থা জনগণৰ স্বাৰ্থত ব্যৱহাৰ কৰি অৰ্থনৈতিক ক্ষেত্ৰসমুহ চিনাক্ত কৰি সেই দিশত দেশে নতুন জোৱাৰ আনিব লাগিব। যিটো কথা সম্ভৱ কৰি তুলিছে ৰাছিয়া, চীন, কিউবা আদি দেশে। কিন্তু ইয়াৰ ব্যতিৰেকে সাম্ৰাজ্যবাদী শিৱিৰৰ ছত্ৰছায়াত যিবোৰ দেশে বুজাবুজিৰে জাতীয় চৰকাৰ গঠন কৰিলে সেই দেশসমূহত এচাম দালাল শাসকৰহে জন্ম হ’ল আৰু এই চৰকাৰ সমূহে জনগণৰ স্বাৰ্থক পিঠি দি একাংশ ধনিক শ্ৰেণীক আৰু ধনী কৰিলে।
লেখকৰ যোগাযোগ নম্বৰঃ 9864879227