Wednesday, October 23, 2024
HomeARTICLEইজৰাইলী মৰুভূমি

ইজৰাইলী মৰুভূমি

প্ৰকাশিত তাৰিখঃ ২১ অক্টোবৰ, ২০২৪

কল্প ৰঞ্জন গগৈ –

একৈশ শতিকাত তৃতীয় বিশ্ব যুদ্ধৰ প্ৰয়োজন আছে বুলি দেশ–বিদেশৰ ডা–ডাঙৰীয়াসকল ব্যাকুল। প্ৰজাৰ হ’কা–বধা স্বত্বেও যুদ্ধ কৰি প্ৰজাক হাৰাশাস্তি কৰি দেশক ধ্বংসস্তূপত পৰিণত কৰিবলৈ ব্যাকুল হৈ পৰিছে। বুজিবলৈ নেথাকে যে শাসক–শোষকসকলৰ সংকট ভীষণভাৱে ঘণীভূত। ব্যৱস্থাটো চৰম পতনৰ দিশত গতি কৰিছে। প্ৰজাক বিভ্ৰান্ত কৰিবলৈ ভেদনীতি প্ৰয়োগ কৰিছে। জনগনে যদি বিভ্ৰান্ত নহৈ সঠিক দৰ্শনৰ সহায়ত জনযুদ্ধ আৰম্ভ কৰে তেনেহ’লে আৰম্ভ হ’ব এক নতুন পৃথিৱী। অৱশ্যে বুৰঞ্জীৰ পথ একা–বেকা। জনযুদ্ধৰ নেতৃত্বৰ ভুল হ’লে, পন্থাত খেলিমেলি হ’লে ফলশ্ৰুতি উল্টা হ’ব। জনসাধাৰণৰ বৰভেটি খহি পৰিব। সেয়ে জনযুদ্ধৰ পৰাই জনতাই শিকিব লাগিব। যুঁজি যুঁজি নিজেই নিজৰ পথ উলিয়াব লাগিব। শতৰু–মিতিৰ চিনিব লাগিব।

মহাত্মাৰ নেতৃত্বত হোৱা জনযুদ্ধত বিব্ৰত হৈ বগা বঙালে নিজৰ পতন ৰোধ কৰিবলৈ এৰি দিছিল। কৌটিল্যৰ ভেদনীতি, জনআন্দোলনে ৰূপ লৈছিল হিন্দু–মুছলমান যুদ্ধৰ যি আজি পৰ্যন্ত শাসকসকলৰ অস্ত্ৰ। মহাত্মাৰ ৰামধূনেও জনতাৰ মাজত ৰূপান্তৰ আনিব নোৱাৰিলে, ব্যৱস্থাৰ পৰিৱৰ্তন সাধিব নোৱাৰিলে। বগা বঙালৰ আমোলাতন্ত্ৰ থাকি গ’ল। তেনেকৈ একনায়কত্ববাদৰ পৃষ্ঠপোষক সামন্তবাদৰ লগতে ‘বগা বঙালৰ বণিয়া সাম্ৰাজ্যবাদ’ থাকি গ’ল। মহাত্মাক হত্যা কৰাৰ পিছত ইয়াৰ অসম্পূৰ্ণ বিচাৰৰ পিছত তেওঁৰ চিন্তাৰাজী আজি পৰ্যন্ত ধ্বংস কৰাৰ প্ৰচেষ্টা চলি আছে। ‘দ্য’ মহাত্মাইজেচনৰ’ (De Mahatmaisation) বাবে উপভোক্তাবাদ (Consumerism) সাজেৰে সম্প্ৰসাৰিত কৰি আছে। দেশখন বজাৰ অৰ্থনীতিৰ দ্বাৰা পৰিচালিত হোৱাৰ পিছত দেশখনৰ মধ্যবিত্তসকল ধনতন্ত্ৰৰ পতিত ৰূপ সাম্ৰাজ্যবাদৰ হাতৰ পুতলা। বৰ্তমানৰ ধনতান্ত্ৰিক সংকট (Over Production)ৰ হাতৰ পুতলা। সেয়ে যুদ্ধ বিৰোধী স্থিতি সাহসেৰে ল’ব পৰা নাই। মেধাজীৱি সকলেও সমাজৰ অন্যায়ৰ লগতে ভেদনীতিৰ বিৰুদ্ধে বগা বঙালে এৰি থৈ যোৱা আমোলাতান্ত্ৰিলক ষড়যন্ত্ৰৰ বিৰুদ্ধে মাত মতা নাই। হয়তো মধ্য মেধাৰ বাবে ৰূপান্তৰৰ পন্থা দেখাই নাই।

এক বিশাল প্ৰস্তুতিৰে অসমৰ যুৱ–ছাত্ৰৰ নেতৃত্বত আত্মনিয়ন্ত্ৰণৰ দাবীৰে ফেডাৰেল দেশ গঢ়াৰ লক্ষৰে এক সৰল জাগৰণৰ সৃষ্টি হৈছিল। অধ্যয়ন অবিহনে আন্দোলনে সঠিক পথ ল’ব নোৱাৰে। ছাত্ৰ সংগঠনে অসমৰ শিক্ষাক অক্সফ’ৰ্ড, কেম্ব্ৰিজৰ আৰ্হিৰে বিকশিত কৰি বিকশিত অসমৰ লক্ষৰে আগবাঢ়িব লাগিব। বংগৰ প্ৰেছিডেন্সিৰ সন্তান আছিল সত্তৰ দশক। এই সত্তৰ দশকেই হওক মুক্তিৰ দশক। এই যুদ্ধৰ সৈনিক, এই মুক্তিযোদ্ধাসকলৰ অভাৱত বংগ আজি নিঃস্ব। আমাৰ ভূপেনদা আছিল এই যোদ্ধাসকলৰ বন্ধু কাৰণ তেওঁলোকে আছিল কৃষকৰ বন্ধু।

দুখৰ বিষয় যে অসমত এক শৈক্ষিক সাংস্কৃতিক আন্দোলনৰ অভাৱত সকলোধৰণৰ আৱৰ্জনাৰে বৰ্তমানৰ অসম ভৰপূৰ। একেদৰে বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় নালন্দাৰ পূণ্যভূমি ভাৰতবৰ্ষ আজি লাখ লাখ জ্ঞানশূন্য লোকৰ বাসভূমি।

আমি বাস কৰা যুগটো প্ৰকৃততে বিপ্লৱৰ যুগ অথবা বিপ্লৱোত্তৰ সমাজৰ যুগ। কুৰি শতিকাৰ অন্তিম দশকটো আমেৰিকান সাম্ৰাজ্যবাদৰ চকীদাৰ চি আই এৰ প্ৰধান শত্ৰু ছ’ভিয়েট মহাসংঘৰ মহাপতনৰ সময়। তাৰ পিছত মানৱৰ মহাসুখৰ ঠাইত ভ্ৰষ্টাচাৰ কিয়? নে পৰম শত্ৰু সমাজতন্ত্ৰৰ চৰম পতনৰ পিছত কল্যাণকামী অৰ্থনীতিৰ স্থান নাই?

বৰ্তমানৰ নয়া উদাৰনৈতিক অৰ্থনীতি, উগ্ৰ জাতীয়তাবাদ, ফেচীবাদৰ চক্ৰবেহুত সমগ্ৰ পৃথিৱীৰ জনতা কল্যাণকামী অৰ্থনীতি (Welfare Economy) শড়শয্যাত মুমুৰ্ষ অৱস্থাত। সেইবাবে সন্তানসকলে শুই থাকিলেই নহ’ব। নহ’লে সমগ্ৰ পৃথিৱী হ’ব ইজৰাইলী মৰুভূমি।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward