Wednesday, October 23, 2024
HomeUncategorizedইতিহাসৰ আধাৰত চিন্তাসংঘৰ্ষ

ইতিহাসৰ আধাৰত চিন্তাসংঘৰ্ষ

প্ৰকাশিত তাৰিখঃ ১৭ জুন, ২০২৪

কল্প ৰঞ্জন গগৈ –

মহান দাৰ্শনিক কাৰ্লমাৰ্ক্সৰ (১৮১৩ – ১৮৮৩) মতে বুৰঞ্জী বা ইতিহাস হৈছে একমাত্ৰ বিজ্ঞান (History is the only Science)। সেয়ে ইতিহাসৰ জ্ঞান পদ্ধতিগত হ’ব লাগিব, সময়ৰ বিষয়টো সঠিকভাৱে, বস্তুনিষ্ঠভাৱে পৰীক্ষণ কৰিব লাগিব (Chronological analysis as well as concrete analysis of the concrete condition)। কাৰ্লমাৰ্ক্সৰ মতে ইতিহাসৰ পুনৰাবৃত্তি হয়– প্ৰথমে শোকগাঁথা (Tragedy) হিচাপে আৰু দ্বিতীয়বাৰ প্ৰহসন হিচাপে (as a farce)। ইতিহাসৰ মাজতেই থাকে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক পৰিস্থিতিবোৰৰ (Social, Political and Cultural Landscapes) বিতং বিৱৰণ। আজি দেশৰ পৰিস্থিতিৰ (Landscapes) বিষয়ে বুজিবলৈ হ’লে বৰ্তমাৰ বিভিন্ন ঘটনাৱলীবোৰৰ বিষয়ে প্ৰকৃত অনুশীলনৰ মাধ্যমেৰে সঠিক জ্ঞান আহৰণ কৰিব লাগিব। উদাৰপন্থী নহৈ ভুলটোক ভুল আৰু শুদ্ধক শুদ্ধ বুলিবলৈ সাহস লাগিব। আমাৰ পুলিন পুথাও সকলে কৈ গৈছে– জীয়াই থাকিবলৈ আৰু প্ৰকৃততে জীয়াই থাকিবলৈ তিনিটা বস্তুৰ প্ৰয়োজন– সাহস, সাহস আৰু সাহস। আজি বুৰঞ্জীৰ সঠিক জ্ঞানৰ অভাৱত আমাৰ প্ৰজাসকলৰ বীৰত্ব ব্যঞ্জক কথাবোৰ নজনা বাবে আমাৰ এচামে কান্দোনেৰে সকলোকে হতাশাৰ বলি কৰি তুলিছে। যদি পৰাজয়েই শেষ কথা বা বেলিমাৰেই শেষ কথা বুলি ভাৱো তেনেহ’লে পুৱা হ’ল কেনেকৈ?

মানৱ সভ্যতাৰ বিকাশৰ গতি সৰল ৰৈখিক নহয়। আধুনিক সমাজ বিজ্ঞানৰ মতে দ্বান্দিক (Dialectical) আৰু ঘটনাবোৰ আকাশৰ পৰা সৰি নপৰে। বুৰঞ্জী অধ্যয়ন মানে সমাজৰ সংক্ৰমণৰ লগতে ভাইৰাচবোৰৰ অনুসন্ধান।

বুৰঞ্জী অধ্যয়ন মানে মানুহৰ বিষয়ে বস্তুনিষ্ঠ অধ্যয়ন (Concrete analysis of man as an element and the study of his environment and proper understanding of the social landscape)।

ভাৰতবৰ্ষক দুশ বছৰ পদদলিত কৰি ৰখা আৰু বিভক্ত কৰি এৰি থৈ যোৱা ইংৰাজৰ লেণ্ডস্কেইপ– ভিতৰুৱা ও বাহ্যিক (Landscape– inner and outer) বুজিবলৈ চেষ্টা কৰা ভাল। ১৬ জুন ১২১৫ চনত ৰজা জ’ন (King John)এ চহী কৰা গণতন্ত্ৰৰ প্ৰথম চনদ মেগনা কাৰটাখন (Nognacarta) কি ভাষাত লিখা আছিল? সেইদিন ধৰি গণতন্ত্ৰৰ পোহৰ পৰা ইংলেণ্ডত সপ্তদশ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ জন্ম হৈছিল। তাৰ পিছত অষ্টাদশ শতিকাৰ পৰা ভাৰতত বেপাৰ আৰু বেদখল।

তাৰ পিছত আমাক বিভক্ত কৰি কুৰি শতিকাত স্বাধীনতা দি থৈ গুচি গ’ল। আৰু আজি একৈশ শতিকাত আমাৰ আৰু ইংৰাজৰ স্থিতি কি– তাক ৰাজনীতিবিদসকলে নতুন আইন ৰচনাৰ খাটিৰত জানিব লাগিব (Legislature is the group of persons who makes laws)। গ্ৰীক দাৰ্শনিকসকলে কৈ গৈছে– Politics after sixty only। জীৱনৰ ছটা দশক সম্পূৰ্ণ নোহোৱাকৈ ৰাজনীতি কৰা ঠিক নহয়। আমি কওঁ– নিৰ্বাচন ৰাজনীতিৰ এটা অংগহে। বিজ্ঞাপন পণ্য সমাগ্ৰীৰ বাবেহে– ৰাজনীতিৰ বাবে নহয়।

এখন পিছপৰা নিম্ন মধ্যবিত্ত স্তৰত থকা মানসিকতাৰ দেশত স্বাভাৱিকতে কোনোধৰণৰ সাম্ৰাজ্যবাদী দেশৰ আঁচনি বিফল হোৱাই স্বাভাৱিক। যিহেতু স্বাধীন জাতীয় পুঁজিবাদী বিকাশ ঘটাই নাই, পুৰণি সামন্তবাদী মানসিকতাৰ অন্ত পৰাই নাই আৰু সাম্ৰাজ্যবাদী শক্তিৰ প্ৰভাৱ অলপো কমা নাই। সেয়ে প্ৰকৃত মুক্তি যুদ্ধ– ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অবিহনে সমাজ চাকনৈয়াৰ পৰা মুক্ত হ’ব নোৱাৰে। আমাক লাগিব ইতিহাসৰ আধাৰত চিন্তাসংঘৰ্ষ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward