Wednesday, December 4, 2024
HomeNEWSৰাণীৰ বেলগুৰীত বনৰীয়া হাতীৰ আক্ৰমণঃ প্ৰফুল্ল ৰাভা নামৰ এগৰাকী খেতিয়কৰ মৃত্যু

ৰাণীৰ বেলগুৰীত বনৰীয়া হাতীৰ আক্ৰমণঃ প্ৰফুল্ল ৰাভা নামৰ এগৰাকী খেতিয়কৰ মৃত্যু

প্ৰকাশিত তাৰিখঃ ২ ডিচেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। বনৰীয়া হাতীৰ তাণ্ডৱে চূড়ান্ত পৰ্যায় পোৱা বাবে অঞ্চলটোত হাতী–মানুহৰ সংঘাত দিনকদিনে বৃদ্ধি পাব ধৰিছে। ২৮ নৱেম্বৰত ৰাণীৰ মাহেন্দ্ৰী ৰিজাৰ্ভৰ কাষৰ এখন খেতিপথাৰত ধান কাটিবলৈ যোৱা মেহেৰ আলী নামৰ শ্ৰমিক এজনৰ হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল। সেই ঘটনাৰ দৃশ্য মাৰ যোৱাই নাই। তেনে মুহুৰ্ততে ১ ডিচেম্বৰৰ দুপৰীয়া বেলগুৰী গাঁৱৰ প্ৰফুল্ল ৰাভা নামৰ ৪৪ বছৰীয়া খেতিয়ক এগৰাকী হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ কাৱাসিং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া বেলগুৰী গাঁৱৰ খেতিয়ক প্ৰফুল্ল ৰাভাই দুপৰীয়া বনাঞ্চলৰ নিচেই ওচৰত থকা খেতিপথাৰখনত ধান কাটিবলৈ গৈছিল। প্ৰফুল্লই গৈ থকা মুহুৰ্তত এটি বনৰীয়া হাতীৰ সৈতে মুখামুখি হয়। প্ৰফুল্লই মুহুৰ্ততে মুখামুখি হোৱা ঘটনাৰ তৎ ধৰিব পৰা নাছিল। যদিও এটা সময়ত প্ৰফুল্লই ওভতি দৌৰ মাৰিছিল। কিন্তু হাতীটোৱে প্ৰফুল্লক পিচফালৰপৰা শুৰদালেৰে পাকমাৰি ধৰি জোৰকৈ দলি মাৰি দিয়ে। ইয়াৰ ফলত প্ৰফুল্লই কঁকাল, পিঠি আৰু শৰীৰৰ অন্যান্য অংশত বেয়া ধৰণে আঘাত পায়।

ইপিনে– হাতীটোৱে প্ৰফুল্লক আক্ৰমণ কৰা দেখি ওচৰত থকা লোক সকলে চিঞৰ–বাখৰ কৰাত হাতীটো বনাঞ্চললৈ গুচি যায়। গাঁৱৰলোক সকলে খেতিয়কগৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে ৰাণী সামূহিক চিকিৎসালয়লৈ লৈ যায়। কিন্তু প্ৰফুল্লৰ আঘাত গুৰুতৰ হোৱা বাবে ৰাণীৰ চিকিৎসালয় কৰ্তৃপক্ষই জি এম চি এইচলৈ প্ৰেৰণ কৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিছতে খেতিয়ক প্ৰফুল্ল ৰাভাৰ মৃত্যু ঘটে। প্ৰফুল্ল ৰাভাৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোঁকৰ ছাঁ পেলায়।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward