প্ৰকাশিত তাৰিখঃ ৫ মে’, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
৭ মে’ত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। শাসকীয় দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰীকে ধৰি সাংসদ, মন্ত্ৰী, বিধায়ক, বিভিন্ন পৰ্যায়ৰ নেতা নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে। ২ মে’ত অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ দপ্তৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ লোহাৰঘাটত অনুস্থিত এক প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে।
উপস্থিতি কালত মন্ত্ৰীগৰাকীয়ে কয়– পলাশবাৰীখন দিল্লীৰ গুড়গাঁৱৰ লেখীয়াকৈ নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল সপোন আছে। য’ত অসমৰ প্ৰতিটো বিধান সভা সমষ্টিত এটাকৈ ছেমি কণ্ডাক্টৰ লেখীয়া বৃহৎ কোম্পানী স্থাপন কৰিব। এই কোম্পানীবোৰ সম্পূৰ্ণ হৈ উঠিলে প্ৰতিটোত ২৯ হেজাৰ লোকে সংস্থাপন লাভ কৰিব। তেনেক্ষেত্ৰত অসমৰ ল’ৰা–ছোৱালীয়ে কাম বিচাৰি দিল্লী, বেংগালুৰু অথবা কেৰেলালৈ যাব নালাগে। বিপৰীতে অসমৰ যুৱক–যুৱতী সকলে আমেৰিকা, ছিংগাপুৰ আদিৰ চাকৰি এৰি আহি ৰাজ্যখনতে সংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব। কংগ্ৰেছৰ দিনত মানুহে চাকৰি কিনি ল’ব লাগিছিল কিন্তু আমাৰ চৰকাৰৰ দিনত সেইটো অৱস্থা হোৱা নাই। কংগ্ৰেছে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰা নাছিল, সেই ব্যৱস্থা আমি কৰিছো। য’ত এজন ব্যক্তিয়ে পাঁচ লাখলৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। অহা বছৰলৈ ছাত্ৰ–ছাত্ৰীৰ অধ্যয়ন জলপানিৰ ব্যৱস্থা বৃদ্ধি পাব। ইপিনে কেইমাহ মানৰ পিছত মুখ্যমন্ত্ৰী যোজনাৰ পৰা নিবনুৱা সকলেও দুই লাখকৈ টকা লাভ কৰিব আৰু গাহৰি, মুৰ্গী, ছাগলী পালনেৰে তেওঁলোকে স্বাৱলম্বীৰ দিশত আগবাঢ়িব পাৰিব। মিছিঙৰ গণশক্তি, বড়োসকলৰ ইউ পি পি এল আৰু ৰাভাসসকলৰ যৌথ মঞ্চক সামৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভূমিপুত্ৰ জনজাতি সকলক একত্ৰিত কৰি ধৰি ৰাখিছে। আমাৰ চৰকাৰ থকালৈকে থলুৱা জনজাতিলোক সকলক কোনেও উচ্ছেদ কৰিব নোৱাৰে।
উল্লেখ্য যে জ্যোতিষ ৰাভাই আঁত ধৰা নিৰ্বাচনী সভাখনত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা প্ৰভাৰী অনিৰ্বাণ গোস্বামী, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্য, ৯নং বৰদুৱাৰ জিলা পৰিষদৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি তথা চানডুবি সমষ্টিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভা, শিলপোতা সমষ্টিৰ পাৰিষদ কমলেশ্বৰ ৰাভা, কুলচী সমষ্টিৰ পাৰিষদ ৰশ্মিবালা ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া দেৱজিৎ নাফা, নিৰ্বাচনী পৰ্যবেক্ষক অশোক নংবাক, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনাল, সম্পাদক সত্যজিৎ ৰাভা, ৯নং বৰদুৱাৰ জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আৰু এন ডি এ সমৰ্থিত প্ৰাৰ্থী তনুজা ৰাভা লগতে মনোনীত প্ৰাৰ্থী ক্ৰমে– বিৰোগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা দিপালী ৰাভা, সতপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দণ্ডি ৰাম ৰাভা, দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰুকুন ৰাভাই উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
