প্ৰকাশিত তাৰিখঃ ১০ মে’ ২০২১
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –
দক্ষিণ কামৰূপৰ ঐতিহাসিক কুলশীৰ অঞ্চলৰ এটি নদী– কলহী। জৈৱ–বৈচিত্ৰৰে পৰিপূৰ্ণ এই অঞ্চলতে বৃটিছসকলে সংৰক্ষিত বনাঞ্চল গঢ়ি তুলিছিল, কলহী নদীৰ পাৰত পৰিদৰ্শন বাংলা (আই বি) স্থাপন কৰিছিল। এই কলহীৰ পাৰতে বৃটিছে গঢ়ি তুলিছিল চেগুন গছৰ বৃহৎ বাগান। যিখন বাগান অসমৰ দ্বিতীয় সংখ্যক। তদুপৰি অসমীয়া চলচ্ছিত্ৰ জগতৰ ভোটাতৰা জাহ্নু বৰুৱাই ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ‘সাগৰলৈ বহু দূৰ’ চিনেমাখনো এই কুলশী নদীতে ছুটিং কৰিছিল। মেঘালয়ৰ পাহাৰৰ সৰু–বৰ জুৰি–নিজৰাৰ সমষ্টিয়ে একো একোখন নদীৰ সৃষ্টি কৰে। পাহাৰত সৃষ্টি হোৱা সেই নদীসমূহ ভৈয়ামলৈ নামি আহে। কলহী নদীৰো উৎপত্তিস্থল আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত। সেই নদীয়ে ৰাজ্যখনৰ খাছি পাহাৰৰ পৰা বৈ আহোতে কাঞ্চি, কা–খ্ৰিং আদি নাম লৈ আহি শ্ৰীনদীত মিলিছে। শ্ৰীনদী বৈ আহি অসম–মেঘালয়ৰ সীমান্তৰ উকিয়ামত দ্ৰোণ তাৰপাছত ঘোগা নাম লৈ চানডুবি বিলৰ কাষেৰে বৈ আহি কলহী নাম লৈছে। কলহী নদীখনে কুলশী বজাৰৰ দলংখনৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত দুভাগ হৈছে। কলহী নামেৰে সোঁফালে বৈ যোৱা মূল নদীখন ছয়গাঁও হৈ ব্ৰহ্মপুত্ৰত মিলিছে আৰু বাওঁফালে বৈ অহা কুলশী নাম লোৱা নদীখনেও কুকুৰমাৰা হৈ ব্ৰহ্মপুত্ৰত মিলিছে। নদীখন দুভাগত বিভক্ত হোৱা বাবে নামো বেলেগ বেলেগ হ’ল। কলহীয়ে কুলশীৰ মাজেৰে বৈ যোৱাৰ কাৰণে নদীখনক কুলশী বুলি কোৱা হয়। কোনো কোনোৱে ছয়গাঁৱৰ ফালে বৈ যোৱা নদীখনক পুৰণি কলহী আৰু কুকুৰমাৰাৰ ফালে বৈ অহাখনক নতুন কলহী বুলিও কয়।
আজিৰপৰা বহু বছৰ আগতে কুলশী নলবাৰী অঞ্চলৰ এজন জ্যেষ্ঠলোকে তেখেতৰ দেউতাকৰ মুখৰপৰা শুনা বিভিন্ন কথা কৈছিল। আগতে কলহী নদীক নীলা নদী বুলিহে কৈছিল। সম্ভৱত নদীখন নীলা পানীৰে বৈ অহাবাবে নীলা নদী বুলিছিল। তাৰপাছত নদীখনৰ নাম সলনি হৈ কলহী নাম ল’লে। বাৰিষাকালত কলহৰ কানেদি ঢালি দিয়াৰ দৰে পানী বৈ আহে বাবে স্থানীয়লোকসকলে কলহী নাম দিছিল। এইকথা অসম চৰকাৰৰ প্ৰশাসনীয় বিষয়া দিনমণি দাসদেৱেও বিভিন্ন সূত্ৰত প্ৰকাশ কৰি আহিছে। তদুপৰি কুলশীৰ উক্ত লোকজনে প্ৰকাশ কৰামতে– কুলশী কুকুৰমাৰা নদীখন হেনো প্ৰকৃতিৰ সৃষ্টি নহয়, মানুহে খন্দাহে। অঞ্চলটোৰ বিস্তীৰ্ণ খেতিপথাৰত পানী যোগানৰ বাবে সমগ্ৰ ৰাইজ লগলাগি এই নদীখন খান্দিছিল। প্ৰথম অৱস্থাত দহ ফুটমানৰ ডং এটা খান্দি কলহীৰপৰা পানী বোৱাই নিছিল। কালক্ৰমত এই ডংটোৱে এতিয়া বৃহৎ নদীৰ ৰূপ ল’লে।
যিয়েই নহওক, এই নদীখনক কেন্দ্ৰকৰি অঞ্চলটোত গঢ়ি উঠিছে গ্ৰাম্য অৰ্থনীতি। কলহীৰ বালি অতি মূল্যবান। ৰাজ্যখনৰ নিৰ্মাণকাৰ্যত কলহীৰ বালিৰ এটা সুকীয়া নাম আছে। নদীখনৰ বালি উঠাই অঞ্চলটোৰ বহু দুখীয়া পৰিয়াল পেট প্ৰৱৰ্তাই আছে। যুৱ চামৰ একাংশ বালি ব্যৱসায়ত জড়িত হৈ পৰিছে। বালি কঢ়িওৱা ট্ৰাকৰ লগতে সৰু সৰু গাড়ীও ট্ৰাক কিনিছে। বালি ব্যৱসায়ক কেন্দ্ৰকৰি গাড়ীৰ মালিক, কৰ্মচাৰী উভয়ৰে পৰিয়াল চলি আছে। ইপিনে, চৰকাৰেও কম–বেছি পৰিমাণে বালিৰ পৰা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে সুকীয়া নাম আছে নদীখনত পোৱা বিভিন্ন মাছৰো। নদীখনত পঞ্চাশবিধৰো অধিক মাছ পোৱা যায়। নদীখনত পোৱা এই মাছ বিক্ৰী কৰিও একাংশই জীৱিকা মুকলি কৰিছিল। নদীখনৰ বালিৰ যেনেকৈ সুকীয়া নাম আছে ঠিক তেনেকৈ তাত পোৱা জীয়া–শুকান মাছৰ ক্ষেত্ৰতো এক সুকীয়া সমাদৰ আছে। তদুপৰি জনজাতীয় লোকসকলে নৈখনৰ মাছ শুকুৱাই কচুৰ সৈতে তৈয়াৰ কৰা সিন্দল (সিদল) যিয়ে এবাৰ সোঁৱাদ ল’বলৈ সক্ষম হৈছে সি জীৱনত পাহৰিব নোৱাৰে। নদীখনৰ পলসে উৰ্বৰতা বৃদ্ধিকৰা খেতিপথাৰসমূহত খেতিয়কে সোণালি সপোন ৰচে। ধানৰ লগতে ৰবি, খাৰিফ সকলো শস্যকে কৰি আহিছে। বস্তিবোৰত ক’ল, পান–তামোল, জালুক, নাৰিকল আদি খেতিত নদীখনে অৰিহনা যোগাইছে। এইখেতিবোৰকে ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰি বহু পৰিয়াল অৰ্থনৈতিকভাৱেও সৱল হৈ পৰিছে।
পিছে, জীৱন–জীৱিকাৰ প্ৰধানস্থলী কলহী নদীখনৰ বক্ষ আজি শুকাই যাব ধৰিছে। এইবাৰ নহয়, একেৰাহে তিনি বছৰ ধৰি পৰা নদীখনৰ এই অৱস্থা দেখি আহিছে ৰাইজে। এবছৰ যদি কলহীখন শুকাই তেনেহ’লে অন্য বছৰ কুলশী নদীখন শুকাই। এইবাৰ কুলশী–কুকুৰমাৰা নদীখন শুকাইছে। কিন্তু ছয়গাঁও হৈ যোৱা কলহীখনত পানী বৈ আছে। অৱশ্যে, কুলশী নদীখনৰ বুকু জীপাল কৰি তুলিবলৈ কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়া গৰাকীয়ে অহৰহ চেষ্টা কৰিছে। বজাৰৰ দলংখনৰ আগত প্ৰায় দুশ মিটাৰ দূৰত্ব খাল খান্দি পানী বোৱাই আনিবলৈ চেষ্টা কৰিছে। এই কামত স্থানীয় ৰাইজেও সহযোগ কৰা বুলি বনবিষয়াগৰাকীয়ে প্ৰকাশ কৰে। বনবিষয়াগৰাকীৰ উক্ত কাৰ্যই কিমানদূৰ সফলতা লাভকৰে সেয়া অন্য কথা কিন্তু তেখেতে নদীখনৰ বুকু জীপাল কৰিবলৈ চেষ্টা নকৰাকৈ থকা নাই।
আনহাতে, লোহাৰঘাট অঞ্চলৰ অন্য এখন নদী বাথাই। অঞ্চলটোত বাথাই নদীক ‘বাথা’ বুলিয়েই জনাজাত। এই নদীখনৰো উৎপত্তিস্থল মেঘালয় ৰাজ্যৰ ৰি–ভয় আৰু পশ্চিম খাছি পাহাৰ জিলা। ৰি–ভয় জিলাৰ পশ্চিম প্ৰান্তৰপৰা বৈ আহিছে খেনাকুন্দি আৰু পশ্চিম খাছি পাহাৰ জিলাৰ পৰা বৈ আহি ৰি–ভয় জিলাৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিছে গাৰোকুন্দি নদী। খেনাকুন্দি জিমিৰিগাঁও, বাখালাপাৰা, কুণ্ডিলমুখ হৈ আৰু গাৰোকুন্দি মেঘালয়ৰ ৱাৰমাচাও, মাউডেম, বেলাহাৰী হৈ অসমৰ লংচাই গাঁওখনত মিলিছে। দুয়োটা নদী আন্তঃৰাজ্যিক সীমান্তৰ লংচাই গাঁওখনৰ যিঠাইত মিলিত হৈছে তাৰপাছৰপৰাই বাথা নদীৰ আৰম্ভ হৈছে। ইপিনে, ৰি–ভয় জিলাৰ মধ্যপ্ৰান্তৰ উমলিঙৰ পৰা জুৰি–নিজৰা ৰূপে অসমলৈ বৈ আহিছে অন্য এখন নদী। এই নদীখনক অসমৰ বশিষ্ঠ নদীৰ শাখা এটাইয়ো লগ দিয়ে। দুয়ো নদী লগলাগি পাহাৰে পাহাৰে বৈ আহি ‘উবতি’ নাম লৈ পশ্চিম গুৱাহাটীৰ উমচুৰ গাঁওখনত প্ৰৱেশ কৰিছে। নগাঁও, শালসেৰ, মাটাইখাৰ হৈ বৈ অহা উবতি নদীখনে গাড়ীলিক নামৰ ঠাইখনৰ কিছুদূৰ আগত বাথাৰ সৈতে মিলিত হৈছে। বাথা আৰু উবতি নদীৰ সংযোগস্থলক স্থানীয় লোকসকলে ‘বান্দৰ হাগা’ বুলি কয়। প্ৰায় ৫৫কিলোমিটাৰ দৈৰ্ঘ্যৰ বাথা নদী বিভিন্ন গাঁও, কৃষিভূমি অতিক্ৰম কৰি কামৰূপ জিলাৰ কুকুৰমাৰাত কুলশী নদীৰ সৈতে মিলিত হৈছে।
কলহীৰ দৰে বাথা নদীও অঞ্চলটোৰ বৃহৎ সংখ্যকলোকক জীৱন–জীৱিকা প্ৰদান কৰি আহিছে। কিন্তু অতি দূৰ্ভাগ্যজনকভাৱে আজি বাথা নদীৰ চৰিত্ৰও সলনি হ’ব ধৰিছে। লাহে লাহে এই সমস্যাই ভয়ংকৰ ৰূপ ল’ব ধৰিছে। প্ৰায় ২০১৫ চনৰ কথা। লোহাৰঘাট অঞ্চলৰ এজন যুৱক প্ৰদীপ ৰাভা। শ শ লোকে স্থানীয় বাথা নদীত বালি উঠাই জীৱিকা নিৰ্বাহ কৰাৰ দৰে প্ৰদীপ ৰাভাইয়ো বালি উঠোৱা কাম কৰিছিল। অন্যান্য দিনৰ দৰে এদিন বালি উঠাবলৈ প্ৰদীপে নৈখনত নামিছিল। নমাৰ সয়ত একাঠু পানী থকা ঠাইখিনিত থিয় হৈ বালিৰ বিচাৰ–খোচাৰ কৰি থকা সময়তে হঠাৎ প্ৰদীপ গ’ললৈকে ডুব যায়। তাৰপাছত সমগ্ৰ মানুহজন বালিত ডুব গৈছিল। এনেদৰে জীৱন্তে সমাধিস্থ হৈ প্ৰদীপে মৃত্যু বৰণ কৰিছিল।
ইয়াৰ মূল কাৰণ কি বুলিলে– ৰাইজে বিজ্ঞানসন্মত পদ্ধতিক দলিয়াই জধে–মধে বালি উঠোৱা কাৰ্যকে দোষাৰোপ কৰে। বিশ বছৰ আগতে নদী দুখনৰপৰা বালি তুলিবলৈ হাত নাওঁ, কলগছৰ ভূৰ আদি ব্যৱহাৰ কৰিছিল। এই নাঁও–ভূৰৰ সহায়ত নদীৰ পৰা বালি তুলি পাৰত মজুত কৰিছিল। সেই পদ্ধতিৰে গোটেই দিনটোত চাৰিজন মানুহে কোনোমতে এক ট্ৰাক বালি তুলিব পাৰে। তথাপি মানুহৰ দিন হাজিৰা মিলিছিল। বহুসংখ্যক দুখীয়ালোক বালি তুলিয়েই জীৱিকা নিৰ্বাহ কৰিব পাৰিছিল। কিন্তু বেলচা–বাল্টি, হাত নাওঁ–কলগছৰ ভূৰ এইবোৰ সঁজুলি আজি অতীত হ’ল। আজি কেইবছৰ মানৰপৰা নদী দুখনত হাতেৰে বালি উঠোৱাৰ পৰিৱৰ্তে পানীতোলা মেচিনকে বালি উঠোৱা কাৰ্যত ব্যৱহাৰ কৰিবলৈ লৈছে। চাৰিজন মানুহে এক ট্ৰাক বালি উঠোৱা কাৰ্যও সহজ নাছিল। এতিয়া মেচিনৰ সহায়ত এক ঘণ্টাৰ ভিতৰত একট্ৰাক বালি উঠাব পাৰে। সাধাৰণভাৱে বালি উঠাই যিসকল লোক পেট প্ৰৱৰ্তাই আছিল তেওঁলোকৰ জীৱিকা বন্ধ হৈ পৰিল। মানে– উৎকৃষ্ট বালি থকা স্থান সমূহ মেচিনে দখল কৰাৰ লগেলগে সাধাৰণ মানুহখিনিয়ে কোনোফালে সুবিধা নোপোৱা হ’ল। গতিকে সেইচামলোকৰ মাজত সংকট আৰম্ভ হোৱাৰ বিপৰীতে মুষ্টিমেয় এচামৰ হাতত বৃহৎ পৰিমাণৰ ধন জমা হ’ল। মেচিনৰ তীব্ৰ গতিয়ে বালিৰ লেয়াৰ বহু দূৰলৈ ফোঁপোলা কৰি পেলায়। ইয়াৰ ফলতেই নদীৰ পাৰ খহিবলৈ আৰম্ভ কৰিছে। য’ত পাৰ খহি বহু ঠাইত নদীৰ গতি সলনি হৈ গৈছে। অৱশ্যে, বালি উঠোৱা মেচিনে সাধাৰণ মানুহৰ জীৱিকাৰ ওপৰতেই সংকট নমাই অনা নাই, অশনি সংকট নমাই আনিছে প্ৰকৃতিৰ ওপৰতো।
এই মুহুৰ্তত– নদী দুখনত বৈধ আৰু অবৈধ কিমানটা বালি মহল আছে সেয়া জানিবপৰা নাযায়। ৰাইজে কোৱামতে– বৈধতকৈ অবৈধ বালি মহলৰ সংখ্যা হেনো অধিক। হ’বও পাৰে। কিয়নো আজিৰপৰা দুবছৰ আগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত অবৈধ বালি মহলৰ বিৰুদ্ধে এক অভিযান চলাইছিল। এমাহৰ ভিতৰত অবৈধ বালি মহলবোৰৰ নথি–পত্ৰ বৈধ কৰি নল’লে ব্যৱসায় বন্ধ কৰি দিয়াৰ হুংকাৰ দিছিল। মুখ্যকাৰ্যবাহীগৰাকীৰ এই অভিযানৰ ফলত কিমানটা অবৈধ বালি মহলৰ নথি–পত্ৰ বৈধকৰণ কৰিলে এইমুহুৰ্তত সেইবোৰৰ সঠিক তথ্য জনা নাযায়।
আজি কেইবছৰমান আগৰ কথা। লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনপালক এগৰাকীয়ে ব্যক্ত কৰিছিল– বাথা নদীত অবৈধ বালি তোলা মেচিন জব্দ কৰি হেনো তেওঁলোক ভাগৰি পৰিছে। আজি এঠাইত চাৰিটা মেচিন জব্দ কৰিলে কালি আনঠাইত ছয়টা মেচিন ব্যৱহাৰ কৰে। যিহেতু মেচিনবোৰ চাৰি–পাঁচ হেজাৰ টকাত কিনিব পোৱা যায়। সেয়ে মেচিন কিনাৰ কাৰণে বেপাৰীসকলেও বৰ বেছি চিন্তা নকৰে। কিয়নো– এটা মেচিন কিনোতে যিমান খৰচ হয় সেয়া এক ট্ৰাক বালি বিক্ৰি কৰিলে তাতকৈ বেছি লাভ হয়। গতিকে মেচিন জব্দ কৰিলেও পুনৰ কিনি আনে। ইপিনে, অঞ্চলটোত চলিথকা অবৈধ কাঠফলা কলৰ ক্ষেত্ৰতো একে অৱস্থা। অৱশ্যে, মেচিনেৰে অ–বিজ্ঞানসন্মতভাৱে বালি উঠোৱা কাৰ্যৰ প্ৰতিবাদত অঞ্চল বিশেষে ৰাইজ ওলাই আহে। ৰাইজৰ প্ৰতিবাদত বেপাৰীসকলে বহু ঠাইত মেচিনেৰে বালি উঠোৱা কাৰ্য বন্ধ কৰিব লগাও হৈছে।
বৰ্তমান বালি ব্যৱসায় অবৈধভাৱে চলি থকাৰ কাৰণে চৰকাৰ–জনসাধাৰণ উভয়ৰে লাভ হোৱা নাই। লাভ হৈছে এচামৰ, যিয়ে– প্ৰকৃতি ধ্বংস কৰি ধনী হ’ব খোজে। লাভ হৈছে সেইচামলোকৰ, যিয়ে– প্ৰকৃতি ধ্বংসৰে ধনী হোৱা প্ৰতিযোগিতাত দৌৰাৰ বাবে হেতাওপৰা লাগে। প্ৰায় পোন্ধৰ শতাংশ তেনেলোকৰ ভোগ–লালসাৰ বাবে পঁচাশী শতাংশলোকে সংকটৰ সন্মুখীন হোৱা কাৰ্য নিশ্চয় সমৰ্থনযোগ্য নহয়। ভাল–বেয়া সকলো সমস্যা সমাধানৰ সূত্ৰ চৰকাৰৰ হাততেই আছে। গতিকে চৰকাৰে মন কৰিলে নিশ্চয় এই সমস্যাবোৰৰ সমাধান কৰিব পাৰে। সেয়ে বাথা আৰু কলহী নদীৰ ৰূপ সলনি হ’বলৈ নিদিব। মানে– যিসমূহ অবৈধ কাৰকৰ বাবে নদী দুখনৰ চৰিত্ৰ সলনি হ’বলৈ ধৰিছে, সেই কাৰকসমূহ চৰকাৰে চিনাক্ত কৰি বন্ধ কৰিব লাগে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News