Wednesday, November 19, 2025
HomeARTICLEকলহী নদীৰ বাঁহৰ দলংখনেৰে বহিঃবিশ্বৰে সম্পৰ্ক ৰক্ষাৰ চেষ্টা লাংখাৰবাসীৰ

কলহী নদীৰ বাঁহৰ দলংখনেৰে বহিঃবিশ্বৰে সম্পৰ্ক ৰক্ষাৰ চেষ্টা লাংখাৰবাসীৰ

প্ৰকাশিত তাৰিখঃ ১৭ নৱেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম–মেঘালয় সীমাৰ এক বৃহৎ এলেকাৰ বাসিন্দাসকলৰ বহিঃবিশ্বৰ সৈতে যোগাযোগ চলে ৬০০ফুট দৈৰ্ঘ্যৰ এখন বাঁহৰ দলঙেৰে। অঞ্চলবাসীয়ে এইখন বাঁহৰ দলঙেৰে বিশ্বযাত্ৰাৰ সপোন দেখে। উল্লেখ্য যে লাংখাৰ গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি প্ৰতি বছৰে ৫ফুট বহল আৰু ৬০০ফুট দীঘল বাঁহৰ দলং এখন কলহী নদীৰ বুকুত সাজি লয়। দলংখন সাজি লওঁতে ৩৭যোৰ খুঁটা আৰু ৬হেজাৰ ডাল বাঁহ আৰু ২০ হেজাৰ টকাৰ নাইলন ৰচিৰ প্ৰয়োজন হয়। কিন্তু ৰাইজে কঠোৰ পৰিশ্ৰমেৰে সাজি উলিওৱা দলংখনৰ কাৰ্যকাল মাত্ৰ চাৰি–পাঁচ মাহৰ বাবেহে। কিয়নো বাৰিষাকাল আৰম্ভণিতে মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা প্ৰৱল ধলপানীয়ে দলংখন উটুৱাই লৈ যায়। তাৰ পিছৰ পৰা নদীখনত ৰাইজে নিজাকৈ হাত নাঁওৰ ব্যৱস্থা কৰি ল’বলগীয়া হয়।

উল্লেখযোগ্য যে জনজাতি বসতিপ্ৰধান লাংখাৰ গাঁওখন ঐতিহাসিক চানডুবি বিলৰ পৰা ৫ কিলোমিটাৰ দূৰৈত অৱস্থিত। লাংখাৰ প্ৰশাসনিকভাৱে ছয়গাঁও সমষ্টিৰ যদিও, চৰকাৰৰ সমষ্টি পুনঃনিৰ্দ্ধাৰণ নীতি অনুসৰি গাঁওখনক ছয়গাঁও–বকো সমষ্টিৰ সৈতে সংযুক্ত কৰিছে। ৩০০ পৰিয়াল বসবাস কৰা গাঁওখনক ১৯৯২ চনত কলহী নদীৰ প্ৰৱল বানে দুভাগ কৰি দিছিল। ইপিনে গাঁওখনৰ মধ্য অংশত কলহী নদীৰ বুকু দিনক দিনে বহল হৈ গৈ আজি ৬০০ফুটৰ ঘৰত প্ৰৱেশ কৰিছে। কিন্তু যোগাযোগৰ বাবে নদীখনৰ বুকুত এইপৰ্যন্ত স্থায়ী দলঙৰ ব্যৱস্থা নাই। প্ৰতিটো বছৰৰ নৱেম্বৰ মাহত ৰাইজে সমূহীয়াভাৱে শ্ৰমদান কৰি নদীখনৰ ওপৰত বাঁহৰ দলং এখন সাজি লয়। ৰাইজে স্থানীয় বিধায়কক গাঁওখনৰ উন্নয়ন সন্দৰ্ভত বছৰ বছৰ ধৰি আবেদন–নিবেদন কৰি আহিছিল। কিন্তু বিধায়কগৰাকীৰ পৰা কোনো সহাৰি লাভ কৰা নাছিল বুলি ৰাইজে দুখেৰে জনায়। নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে যি এবাৰ গাঁওখনলৈ আহে তাৰ পিছত আৰু পাঁচটা বছৰ বিধায়কগৰাকীৰ ছাঁ টোকে দেখিবলৈ পোৱা নাযায় বুলি ৰাইজে অভিযোগ কৰে। ইপিনে– নদীখনৰ ঘাটত পাৰাপাৰৰ বাবে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে এখন যন্ত্ৰচালিত নাঁও যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। যদিও– ৰাইজে এই মুহুৰ্তলৈকে পৰিষদৰ পৰা নাঁওখন লাভ কৰা নাই। স্থানীয় নিকায় গাঁও পঞ্চায়তকো এই সন্দৰ্ভত জনাইছিল। কিন্তু গাঁও পঞ্চায়তে নদীৰ ঘাটটো ডাক দি নিয়মীয়াকৈ নাও চলাচল কৰাৰ কথাহে কৈছিল। কিন্তু গাঁও পঞ্চায়তে আগবঢ়োৱা এই প্ৰস্তাৱটো ৰাইজৰ পচন্দ হোৱা নাছিল। সেয়ে নদীৰ ঘাটত ৰাইজে নিজাববীয়াকৈ নাঁৱৰ ব্যৱস্থা কৰি লৈছে। সেই অনুসৰি গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ এজন সদস্যই এটা দিন নদীৰ ঘাটত নাঁৱৰীয়া হিচাবে শ্ৰমদান কৰাৰ নিয়ম ৰাইজে বান্ধি লৈছে। 

উল্লেখযোগ্য যে অসম–মেঘালয়ৰ অন্তিম সীমা উকিয়ামৰ বৰঝাৰৰ পৰা এটি কেচা পথ বৰঘূলি–লাংখাৰ–ভেৰভেৰী গাঁৱৰ মাজেৰে আহি ৰাজাপাৰা–ৰাণীখামাৰ পথৰ লগত সংযোগ ঘটিছে। যোগাযোগৰ ক্ষেত্ৰত এই লুংলুঙীয়া পথটো ব্ৰিটিছসকলেও ব্যৱহাৰ কৰা বুলি গাঁওখনৰ জ্যেষ্ঠলোক সকলে কৈছিল। বৃহত্তৰ অঞ্চলটোৰ যোগাযোগৰ ক্ষেত্ৰত এই পথটো যথেষ্ট গুৰুত্বপূৰ্ণ। যদিও– কোনো এখন চৰকাৰে পথটোৰ পকীকৰণৰ ব্যৱস্থা নকৰিলে। আনকি কেঁচাপথটোৰ আহল–বহলকৈ মেৰামতিৰ ব্যৱস্থাও নকৰিলে। ইয়াৰ ফলত লুংলুঙীয়া পথেৰে ছাত্ৰ–ছাত্ৰীসকল ৬কিলোমিটাৰ অতিক্ৰমি বৰঝাৰত আৰু ৭কিলোমিটাৰৰ ৰাজাপাৰাত উচ্চ প্ৰাথমিক, ১১ কিলোমিটাৰ নিলগৰ মুদুকীত উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়।

উল্লেখনীয় যে দেশে স্বাধীনতা লাভ কৰা ৭৮টা বছৰ হ’ল। এইচোৱা সময়ত সমষ্টিটোত বহু বিধায়ক আহিল আৰু গ’ল। কোনো কোনো সময়ত সমষ্টিটোৰ বিধায়কগৰাকী মন্ত্ৰীৰ পদবীও লাভ কৰিছিল। অথচ বছৰ বছৰ ধৰি বাঁহৰ দলংখনেই যোগাযোগৰ একমাত্ৰ ভাৰসা হৈ থাকিল। আনকি গাঁওখনৰ ৭ কিলোমিটাৰ কেচা পথ পকীকৰণ আৰু প্ৰয়োজনীয় দুই–তিনিটা কালভাৰ্ট নিৰ্মাণৰ ব্যৱস্থাও আজিলৈকে হৈ নুঠিল। ইপিনে শাসকীয় চৰকাৰখনে ‘সবকা সাথ, সবকা বিকাশ’ নীতি সাৰোগত কৰি সমগ্ৰ দেশখনক ‘ডিজিটেল ইণ্ডিয়া’ৰে এটি ঘৰ ৰূপে গঢ়ি তুলিছে। কিন্তু সেই নীতি অনুসৰিও অসমৰ শেষ সীমান্তৰ গাঁও লাংখাৰৰ কোনো উন্নয়ন নঘটিল।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward