Saturday, February 22, 2025
HomeNEWSৰাণীৰ লাইভহুড আশ্ৰমত বছৰযোৰা কাঠফুলা খেতিৰ প্ৰশিক্ষণৰ সামৰণি

ৰাণীৰ লাইভহুড আশ্ৰমত বছৰযোৰা কাঠফুলা খেতিৰ প্ৰশিক্ষণৰ সামৰণি

প্ৰকাশিত তাৰিখঃ ২০ জানূৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ সজ্জনপাৰাস্থিত লাইফহুড আশ্ৰমত কালি বছৰযোৰা কাঠফুলা খেতিৰ প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰুৱাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ তত্বাৱধানত তথা নাবাৰ্ডৰ সহযোগত চলি থকা বছৰযোৰা কাঠফুলা খেতিৰ প্ৰশিক্ষণৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাণী অঞ্চলৰ কেইবাখনো গাঁৱৰপৰা নিৰ্বাচিত পঞ্চাশগৰাকী জনজাতীয় মহিলাক বিগত ২০২৩ চনৰ নৱেম্বৰৰপৰা ২০২৪ চনৰ অক্টোবৰ মাহলৈ মাছৰুমৰ বিষয়ে, বিজ্ঞান ভিত্তিক উৎপাদন, উৎপাদনৰ মানবৃদ্ধি, ব্যৱসায়ৰ উন্নয়ন, বজাৰ বৃদ্ধি আদি কৰি বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

প্ৰশিক্ষণৰ সময়চোৱাত নাবাৰ্ডৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলক প্ৰয়োজনীয় সঁজুলি, বীজ আদি যোগান ধৰা হয়। সামৰণি অনুষ্ঠানত নাবাৰ্ডৰ উপ–মহাপ্ৰবন্ধক ইভন টিমুংচঙ, বি এচ এফ’ৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উপ–মহাপৰিদৰ্শক কুলৱন শৰ্মা, নাবাৰ্ডৰ বিষয়া ৰাজেশ পাত্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মুখ্য বিজ্ঞানী ডঃ ধীৰেন্দ্ৰনাথ কলিতা, আই আই টি, গুৱাহাটীৰ অধ্যাপক গৌৰৱ ত্ৰিবেদী, অনামিকা যাদৱ, ৰাণীৰ বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মন, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সদৌ শেষত শলাগৰ শৰাই আগবঢ়াই জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward