Wednesday, October 16, 2024
HomeNEWSদক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

প্ৰকাশিত তাৰিখঃ ২৩ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম সত্ৰ মহাসভাৰ অন্তৰ্গত অন্যতম সক্ৰিয় সাংগঠনিক জিলা দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক সভা এখন ২২চেপ্তেম্বৰত বৰিহাট ৰাজহুৱা কীৰ্তন ঘৰত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জিলা সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই। সম্পাদক গোলক দাসে উদ্দেশ্য বাখ্যা কৰা সভাখনত ভূমি, পূঁজি, সাংগঠনিক দিশ আদিৰ ওপৰত বিষদভভাৱে আলোচনা কৰা হয়।

ইয়াৰোপৰি অহা ১৫নৱেম্বৰত দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাই কেন্দ্ৰীয়ভাৱে ছয়গাও ধোবাৰগাঁৱৰ শ্ৰীশ্ৰীবাসুদেৱ সত্ৰত অনুষ্ঠিত হ’ব ২০২৪বৰ্ষৰ সত্ৰীয়া সংস্কৃতি দিৱস। উক্ত দিনা জিলাৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়া আৰু ইয়াৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সত্ৰ মহাসভাকে ধৰি সত্ৰাধিকাৰ, আজীৱন সভ্যৰ উপস্থিতি আৰু সহায়–সহযোগিতা কামনা কৰিছে সম্পাদক গোলক চন্দ্ৰ দাসে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward