Tuesday, March 31, 2026
HomeARTICLEকুলশী নদীবান্ধ প্ৰকল্প বাতিলৰ দাবীত গৰজি উঠিল ৰাইজঃ উকিয়ামত বিশাল ৰাজহুৱা সভা

কুলশী নদীবান্ধ প্ৰকল্প বাতিলৰ দাবীত গৰজি উঠিল ৰাইজঃ উকিয়ামত বিশাল ৰাজহুৱা সভা

প্ৰকাশিত তাৰিখঃ ৩০ মাৰ্চ, ২০২৬

চানডুবি নিউজ ৰিপৰ্ট –

উকিয়ামৰ কুলশী নদীত ৫৫মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ অসম চৰকাৰে এইপৰ্যন্ত আনুষ্ঠানিকভাৱে বাতিল কৰা নাই। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত গৰজি উঠিল ৰাইজ। তাৰ প্ৰাতিবাদত ২৭ মাৰ্চত উকিয়াম এম ই স্কুল খেলপথাৰত এক বিশাল ৰাজহুৱা সভাৰ আয়োজন কৰে। কামৰূপ জিলা গাৰো জাতীয় পৰিষদ, নিখিল ৰাভা জাতীয় পৰিষদ, কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চ আৰু বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ যুটীয়া উদ্যোগত এই সভাৰ আয়োজন কৰা হয়। বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ মুখ্য সমন্বয়ক গোবিন্দ ৰাভা আৰু কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ সভাপতি চবিন ৰাভাৰ যুটীয়া পৰিচালনাত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিৱেশ কৰ্মী পক্ষীৰাজ ৰাভাই।

সভাৰ আৰম্ভণিত গাৰো আৰু খাছি মহিলা সংগঠনৰ কেইবাগৰাকীও বিষয়ববীয়াই নিজৰ নিজৰ ভাষাত ভাষণ প্ৰদান কৰে। সভাত অংশ গ্ৰহণ কৰি কামৰূপ জিলা ৰাভা জাতীয় পৰিষদৰ সভাপতি ভীষ্মদেৱ ৰাভাই কয়– কুলশী নদীত বান্ধ নিৰ্মাণ কৰিলে আমি কিমান ভয়ংকৰ ক্ষতিৰ সন্মুখীন হ’ব লাগিব সেই সন্দৰ্ভত আমি বহুদিন ধৰি ৰাজহুৱা সভা পাতি আহিছো। চৰকাৰৰ এই সিদ্ধান্তক বাৰে বাৰে প্ৰতিবাদ কৰি আহিছো, কিন্তু নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্ত এইমুহুৰ্তলৈকে বাতিল কৰা নাই। ইয়াৰ বিপৰীতে নদীবান্ধ অতিগোপনে নিৰ্মাণ কৰি তোলাৰ বাবেহে জো–জা চলাই আহিছে। চৰকাৰে ৰাস্তা–ঘাটৰ বহু উন্নয়ন কৰিছে, সেয়া স্বীকাৰ কৰিছো। কিন্তু আমাৰ জনজাতিলোক সকলৰ কথা চিন্তা কৰা নাই। উকিয়ামৰ কুলশী নদীত জলবিদ্যুৎ প্ৰকল্প অথবা বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ সমূহেই উৎকৃষ্ট উদাহৰণ। আমাৰ এটাই সিদ্ধান্ত– আমাক ধ্বংস কৰিব পৰা কুলশী নদীবান্ধ প্ৰকল্প অথবা বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে বাতিল কৰিলেহে আমিও চৰকাৰখনৰ প্ৰতি সহযোগ আগবঢ়াম।

গাৰো মহিলা পৰিষদৰ সভানেত্ৰী ল’প্ৰেষ্টি চাংমাই কয়– অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ কথা এবাৰো নাভাবিলে। আনকি মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়েও নাভাবিলে। সেয়ে আমাক মাৰি কুলশী নদীত বান্ধ নিৰ্মাণ কৰিব ওলাইছে। এইক্ষেত্ৰত আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়েও এবাৰো মাত নামাতিলে।

সভাত পৰিৱেশ কৰ্মী বিদিশা চৌধুৰীয়ে নদী বান্ধ সন্দৰ্ভত হ’ব পৰা ক্ষয়–ক্ষতিৰ ছবি প্ৰজেক্টৰৰ সহায়ত ৰাইজক প্ৰদৰ্শন কৰে।

সভাত অংশ গ্ৰহণ কৰি সদৌ অসম ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক সুব্ৰত তালুকদাৰে কয়– কুলশী নদীবান্ধ অথবা বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ চৰকাৰে বাতিল কৰিবই লাগিব। লগতে পৰিৱেশ ধ্বংসকাৰী উন্নয়নও বন্ধ কৰিব লাগিব। ৰাইজক ধ্বংস কৰি উন্নয়ন সাধিব খোজা চৰকাৰ এখনক ভোট দিব নালাগে। তাৰ সলনি ৰাইজৰ উন্নয়নৰ হ’কে কাম কৰিব বিচৰা অন্যান্য দলকহে ভোট দিবলৈহে আহ্বান জনায় সংগঠনটোৰ বিষয়ববীয়াগৰাকীয়ে।

সভাত নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি জয়ন্ত গগৈ, কামৰূপ জিলা গাৰো জাতীয় পৰিষদৰ সভাপতি চেংজান চাংমা, দৰাবিল সংৰক্ষণ সমিতিৰ উপ–সভাপতি দেৱজিৎ চৌধুৰী, মেঘালয়ৰ কেৰচাই খাছি ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া পিষ্টন শ্বিয়েম, বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উপদেষ্টা আদিত্য ৰাভা আদি কৰি অসম–মেঘালয়ৰ কেইবাটাও সংগঠনৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward