Friday, November 22, 2024
HomeNEWSৰাণীত শিক্ষা সজাগতা আৰু কেৰিয়াৰ পৰামৰ্শ শিৱিৰ  

ৰাণীত শিক্ষা সজাগতা আৰু কেৰিয়াৰ পৰামৰ্শ শিৱিৰ  

প্ৰকাশিত তাৰিখঃ ২২ নৱেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ উপৰদানী হাইস্কুলত আজি শিক্ষা সজাগতা আৰু কেৰিয়াৰ পৰামৰ্শ শিৱিৰ আয়োজন কৰে। ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা এই শিৱিৰটোত বিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰীৰ মাজত শিক্ষা সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ আগবঢ়ায় ম’টিভেচনেল স্পীকাৰ তথা মাইণ্ড গেম– ২৪’ ৰ চি ই অ’ চি কে জগদীশে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি শৈক্ষিক পৰামৰ্শদাতা গৰাকীয়ে কয়– এতিয়া শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ যিসকল ছাত্ৰ–ছাত্ৰী হাইস্কুল পৰ্যায়ত পঢ়া–শুনা কৰি আছে, সেইসকলক কেৰিয়াৰ পৰামৰ্শৰ বাবে অতি জৰুৰী হৈ পৰিছে। কিয়নো ভৱিষ্যতে কি কেৰিয়াৰ গ্ৰহণ কৰিব সেয়া হাইস্কুল পৰ্যায়তে সিদ্ধান্ত ল’ব লাগিব। মানে– ছাত্ৰ–ছাত্ৰীসকলে ভৱিষ্যতৰ সপোন পুৰণ কৰিবলৈ হ’লে হাইস্কুল পৰ্যায়ৰ পৰাই প্ৰস্তুতি চলাব লাগিব।

ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জীতেন ৰাভা বাকছকে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিত উপৰদানী হাইস্কুলৰ প্ৰধান শিক্ষক লক্ষী গোস্বামীয়ে চমু বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ–ছাত্ৰীৰ মাজত অনুপ্ৰেৰণামূলক চেক বিতৰণ কৰে।

আনহাতে– ছাত্ৰ সংগঠনটোৰ সভাপতি জীতেন ৰাভা বাকছকেও শিক্ষাৰ্থীসকলক উদ্দেশ্যি চমুকৈ বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে– আমাৰ ইয়াৰ সৰু সৰু ল’ৰা–ছোৱালীসকলে যিদৰে অনবৰত ম’বাইলত ব্যস্ত থাকে সেইদৰে জাপান বা চীনৰ সৰু সৰু ল’ৰা–ছোৱালীসকলে ম’বাইলৰ লগত ব্যস্ত নাথাকে। তেওঁলোকক এইখিনি বয়সত পঢ়াশুনা, খেলা–ধূলা, নাচ–গানত ব্যস্ত ৰাখে। তেওঁ কয় প্ৰয়োজন নহ’লে ম’বাইলৰ পৰা দূৰত থকাৰ অভ্যাস এইখিনি সময়তে গঢ়ি তুলিব লাগে।

গুৱাহাটী মহানগৰীৰ উদ্যমী মহিলা লখিমী বৰুৱাই আজিৰ অনুষ্ঠানত উপস্থিত থকাৰ লগতে গছ পুলিও ৰোপন কৰে।

অনুষ্ঠানটোত ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বাবুল ৰাভা, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ ৰাভা লগতে সংগঠনকেইটাৰ অন্যান্য বিষয়ববীয়া, সদস্য সকলেও অংশ গ্ৰহণ কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward