Monday, June 23, 2025
HomeNEWSৰাণীত কোঁচ–ৰাজবংশী সুৰক্ষা সমিতি গঠন

ৰাণীত কোঁচ–ৰাজবংশী সুৰক্ষা সমিতি গঠন

প্ৰকাশিত তাৰিখঃ ২৩ জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত আজি কোচ–ৰাজবংশী সুৰক্ষা পৰিষদ গঠন কৰা হয়। এই উপলক্ষে ২২জুনত ৰাণী হাইস্কুলত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। পৰাগজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিকলোক উপস্থিত থাকি কোঁচ-ৰাজবংশী সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰা এটা স্বতন্ত্ৰ সংগঠনৰ প্ৰয়োজনীয়তা সম্পৰ্কত মতপোষণ কৰে।

উক্ত সভাত পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু সদৌ অসম কোঁচ–ৰাজবংশী ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰত্নেশ্বৰ পাটোৱাৰীৰ উপস্থিতিত ‘বৃহত্তৰ ৰাণী কোঁচ–ৰাজবংশী সুৰক্ষা সমিতি’ নামৰ এটি নতুন সংগঠন জন্ম লাভ কৰে।

সভাই চক্ৰধৰ ঠাকুৰীয়াক, সূ্ৰ্য কুমাৰ দাসক কাৰ্যকৰী সভাপতি, শৰৎ ঠাকুৰীয়া, ৰজনী ঠাকুৰীয়া আৰু নিৰ্মল তালুকদাৰক উপ-সভাপতি, পৰাগজ্যোতি দাসক সাধাৰণ সম্পাদক, প্ৰণৱ দাস, আনন্দ দাস আৰু ৰজনী কান্ত দাস সহকাৰী সাধাৰণ সম্পাদক, মণ্টু ডেকা কোষাধ্যক্ষ, ধৰ্মেন্দ্ৰ দাস আৰু ৰাতুল ঠাকুৰীয়াক প্ৰচাৰ সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হয়।

নৱনিৰ্বাচিত কমিটিখনে অঞ্চলটোৰ কোঁচ–ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যা আৰু অধিকাৰ সমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

উল্লেখ্য যে কামৰূপ জিলাৰ ভিতৰত ঐতিহাসিক ৰাণী অঞ্চলতেই প্ৰায় ৬হাজাৰতকৈ অধিক কোচ–ৰাজবংশী জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward