প্ৰকাশিত তাৰিখঃ ১৬ জুন, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
আমি বিধান সভা নিৰ্বাচনত বিজেপি দলকে ভোট দিছিলো। আমি ৰাভা হাছং নিৰ্বাচনতো বিজেপি দলকে ভোট দিছিল। আনকি পঞ্চায়ত নিৰ্বাচনতো বিজেপি দলকে ভোটি দিছিলো। কিন্তু আমি আমাৰ ভেটিটোৰ অধিকাৰ বিচাৰি আন্দোলন চলাই থকা বাবে আমাক আজি কংগ্ৰেছীৰ লেবেল মাৰি দিয়া হ’ল। আমি চলাই থকা আন্দোলনখন কংগ্ৰেছীৰ আন্দোলন হৈ পৰিল– এইদৰে ক্ষোভ উজাৰিলে বৰদুৱাৰ বাগানবাসী ৰাইজে।
উল্লেখ্য যে, ৯ জুনত বিধান সভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ সন্দৰ্ভত ঘোষণা আৰু ৬ জুনত নগৰ উন্নয়ন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎ সন্দৰ্ভত ১২ জুনত ৰাজহুৱা মন্থন সভা আৰু ৰাজহুৱা সংবাদ মেল অনুষ্ঠিত হয়। বাগান জাৰাপাটা খেলপথাৰত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে বৰদুৱাৰ–বাগান ভূমি পট্টন দাবী সমিতিৰ মুখ্য সমন্বয়ক গোবিন্দ ৰাভাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে ৩নং বাগান ভূমি পট্টন দাবী সমিতিৰ সভাপতি আদিত্য নাগে।
জ্যোতিষ ৰাভাই আঁত ধৰা সভাখনত সভাপতিৰ আসনৰ পৰাই গোবিন্দ ৰাভাই কয়– অসমৰ মুখ্যমন্ত্ৰীয়ে বিধান সভাৰ মজিয়াত বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ সম্পৰ্কত দিয়া বক্তব্য, একে তাৰিখতে ৰাভা হাছঙৰ মুৰব্বী টংকেশ্বৰ ৰাভাই কলঘৰ সভাগৃহত দিয়া বক্তব্য, আনহাতে নগৰ উন্নয়ন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সচিবালয়ৰ কনফাৰেন্স হলৰ বৈঠকত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ আগত দিয়া বক্তব্যৰ ফলশ্ৰুতিত উচ্ছেদ শংকিত বৰদুৱাৰ বাগানবাসী ৰাইজ বিভ্ৰান্ত, শংকিত আৰু দ্বিধাগ্ৰস্ত। বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ সলাই পলাশবাৰী টাউনশ্বিপ কৰা কথাটোত আমি আশ্বস্ত নহয়। অসমৰ ৰাজহ আৰু ৰায়তী আইনৰ অধীনত বৰদুৱাৰবাসীয়ে ভূমি পট্টা লাভ নকৰা পৰ্যন্ত আমাৰ আন্দোলন চলি থাকিব বুলি ব্যক্ত কৰে।
আজিৰ সভাত অংশ গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কুমাৰ কলিতাই কয়– ছেটেলাইট টাউনৰ প্ৰকৃত সজ্ঞা কি? দিল্লীৰ গুৰগাঁও যেতিয়া ছেটেলাইট টাউন নিৰ্মাণ হৈছিল তাৰপিছত স্থানীয় থলুৱা লোকসকল আঁতৰি যাবলগা হৈছিল। আমাৰ ৰাজ্যৰ ৰাজধানী যেতিয়া দিছপুৰলৈ আহিল, তেতিয়া তাত থকা বড়ো, কাৰ্বি, ৰাভা আদি জনগোষ্ঠীৰ মানুহবোৰ লাহে লাহে নোহোৱা হৈ পৰিল। অৰ্থাৎ উন্নয়ন হ’লে যদি থলুৱা মানুহবোৰ আঁতৰি যাব লগা হয় তেনেহ’লে তেনে উন্নয়নৰ কি প্ৰয়োজন? আজি বৰদুৱাৰখন যদি ছেটেলাইট টাউন হৈ যায় তেনেহ’লে ইয়াৰ স্থানীয় মানুহবোৰ এদিন লাহে লাহে আঁতৰি যাবলৈ বাধ্য হ’ব। তেনেক্ষেত্ৰত বৰদুৱাৰত ছেটেলাইট টাউন এখনৰ প্ৰয়োজন আছেনে? তেওঁ কয়– বৰদুৱাৰ চাহ বাগিচাৰ ভূমিৰ লীজ ম্যাদ ২০২২ চনতে উকলি গৈছে। লীজ ম্যাদ উকলি যোৱা ভূমি মালিকে বিক্ৰী কৰিব নোৱাৰে। সম্পতিৰ এটা অংশ ক্ষতি পুৰণ হিচাপে চৰকাৰৰ পৰা লাভ কৰিব পাৰে। তেনেক্ষেত্ৰত চৰকাৰে কেনেকৈ চাহ বাগিচাৰ মালিকৰ পৰা মাটি ক্ৰয় কৰিব পাৰে? চৰকাৰৰ যদি সদিচ্ছা আছে তেনেহ’লে অসম ভূমি ৰাজহ আইন, ৰায়তী আইনৰ জৰিয়তে জনজাতীয় ৰাইজক মাটিৰ পট্টা প্ৰদান কৰক।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন এজন অধিবক্তা কৃষ্ঞ গগৈয়ে কয়– বৰদুৱাৰ বাগান ৰাজহ গাঁও যদিও ই গ্ৰাণ্টহে। এই গ্ৰাণ্টবোৰত বিশেষ চাহ খেতিৰ বাবে অনুমতি প্ৰদান কৰা হয়। অকল চাহগছ, চাহপুলিৰ নাৰ্চাৰী, বস্তি এলেকাহে চাহ বাগিচা কৰ্তৃপক্ষৰ ভূমি। বাকী অংশ ভূমি চিলিং আইনৰ অধিনলৈ গুচি যাব। চিলিং আইনখন আজিও প্ৰযোজ্য। গতিকে বৰদুৱাৰবাসীয়ে এই আইনৰ অধীনতে ভূমি লাভ কৰিব লাগে। আনহাতে অধিবক্তা গৰাকীয় কয় যে– কথা কোৱা, মত বিনিময় কৰা, ৰাজহুৱা সভা পতা এইবোৰ সংবিধানে প্ৰদান কৰা নাগৰিকৰ মৌলিক অধিকাৰ। এই অধিকাৰত হস্তক্ষেপ কৰিব পৰা কাৰো অধিকাৰ নাই। যদিহে চৰকাৰে বে আইনী বুলি ঘোষণা নকৰে।
উল্লেখনীয় যে, বৰদুৱাৰ–বাগান ভূমি পট্টন দাবী সমিতিৰ মূল দাবীকেইটা হ’ল– বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ বা ট্ৰাইবেল টাউনশ্বিপ প্ৰকল্পৰ নিৰ্মাণৰ প্ৰস্তাৱ কোনো কাৰণতে মানি লোৱা নহ’ব। ১৯৭১ চনৰ ৰায়তী আইনৰ আওতাত জনজাতি, আদিবাসী খিলঞ্জীয়াৰ সাংবিধানিক প্ৰাপ্য অধিকাৰৰ ভিত্তিত পাবই লাগিব। ২০২৬ চনৰ আগতে বৰদুৱাৰ বাগান পতিত ভূমিত বাস কৰি থকা ভোগদখলকাৰীৰ প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰিব লাগিব। উদ্যোগীক এলেকাক বাদ দি ঐতিহাসিক চানডুবি বিলৰ পৰ্যটনৰ পৰিসীমা ধ্বংস কৰি সেউজ পৰিৱেশ বিনষ্ট কৰা উদ্যোগ স্থাপনৰ সিদ্ধান্ত মানি লোৱা নহ’ব। মাটিৰ পট্টা নোপোৱালৈকে ভূমি পট্টন দাবী সমিতিয়ে ধাৰাবাহিকভাৱে আন্দোলন চলাই যাব।
শিৰোৰামৰ ফটোঃ চানডুবি নিউজ