প্ৰকাশিত তাৰিখঃ ২৫ অক্টোবৰ, ২০২১
চি এন ডেস্ক–
গোবিন্দ কলিতাই চাকৰিকালৰ অৱসৰ গ্ৰহণ কৰিব এই মাহৰ শেষৰ দিনটোত। কলিতা বন বিভাগৰ খণ্ড বন বিষয়া। অসম–মেঘালয় সীমান্তৰ খণ্ড বন কাৰ্যালয় শুকুৰবৰীয়াতেই তেখেতৰ চাকৰিকাল শেষ হ’ব।
কাৰ্যালয়টোত বহু বিষয়া–কৰ্মচাৰী আহিল আৰু গ’ল। এই খবৰ ৰাইজেও নাৰাখে আৰু বিভাগটোৰ কৰ্মচাৰী সকলেও ৰাইজক জনোৱাৰ প্ৰয়োজনবোধ নকৰে। কিন্তু গোবিন্দ কলিতাৰ ক্ষেত্ৰত যেন কথাটো অলপ বেলেগ। কাৰণ তেখেতে চৰকাৰী দায়িত্বও পালন কৰিছে ইপিনে চুবুৰীয়া ৰাইজৰ লগতো সু–সম্পৰ্ক ৰক্ষা কৰি চলিছে। তেখেতে প্ৰকৃতিও ভাল পায় আৰু ৰাইজকো ভাল পায়। বিষয়াজনক ৰাইজে অন্তৰত আদৰি লোৱাৰ কাৰণ এইটোৱেই।
২৫ অক্টোবৰত তেখেতে এখন বিদায় সভা আয়োজন কৰিছে। নিজ কাৰ্যালয়ত আয়োজন কৰা এই সভাতে তেখেতে চুবুৰীয়া জয়পুৰ গাঁৱৰ ৰাইজ তথা বন্ধু–বান্ধৱৰপৰা বিদায় গ্ৰহণ কৰিছে। অৱশ্যে, বিভাগীয়ভাৱে এই মুহুৰ্তলৈকে তেখেতক বিদায় জনোৱা নাই।
জয়পুৰ বন গাঁৱৰ গাঁওবুঢ়া অনিল ৰাভাই সভাপতিত্ব কৰা সভাখনৰ উদেশ্য ব্যাখ্যা কৰে খণ্ড বন বিষয়াগৰাকীয়ে। অনুষ্ঠানটোত আঁতধৰে জয়পুৰ নৱ যুৱক সংঘৰ সভাপতি সীমান্ত ৰাভাই। গাঁওখনৰ প্ৰাক্তন সভাপতি লবেন ৰাভাই বন বিষয়াগৰাকী প্ৰকৃতি আৰু ৰাইজৰ সৈতে থকা সহযোগৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰে। ৰাণী বনাঞ্চলিক কাৰ্যালয়ত নতুনকৈ যোগদান কৰা বন বিষয়া জয়ন্ত গোস্বামীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি শুকুৰবৰীয়াৰ দৰে অতি স্পৰ্শকাতৰ অঞ্চলটিত দক্ষতাৰে তিনিবাৰকৈ সেৱা আগবঢ়োৱা কলিতাক উচ্চ প্ৰশংসা কৰে। খণ্ড বন বিষয়া গোবিন্দ কলিতাই চাকৰিকালত আগবঢ়োৱা অৱদানৰ কথা সদায় মনত থাকিব বুলিও বন বিষয়াগৰাকীয়ে দোহাৰে। অনুষ্ঠানটো অতি আৱেগপূৰ্ণ যদিও ৰাইজ–শুভাকাংশীৰ অনুৰোধত খগেন মহন্তৰ গীত গাই ভালপোৱা কলিতাই পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি গীতটো পৰিবেশন কৰে।
অনুষ্ঠাটোত অসম ৰাজ্যিক চিৰিয়াখানাৰ উপ–বনাঞ্চলিক বিষয়া নাৰায়ণ শইকীয়া, ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ উপ–বনাঞ্চলিক বিষয়া খলিলুৰ ৰহমান, ফৰেষ্টাৰ সতীশ মালী, কলিতাৰ সহধৰ্মিনী তথা ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰতিভা ডেকাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ আগবঢ়ায়।
অনুষ্ঠাটোত উপস্থিত থকা বিশিষ্ট্য ব্যক্তিসকলক আৰু বিদায়ী বিষয়া গৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় জয়পুৰ বন গাঁৱৰ ৰাইজ আৰু নৱ যুৱক সংঘই।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News