প্ৰকাশিত তাৰিখঃ ১৩ অক্টোবৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ চমুকৈ আই চি এ আৰৰ ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু ৰাণীৰ ৰাংচাৰী ফাৰমাৰ্চ প্ৰডিউচাৰ কোম্পানীৰ সহযোগত ৯ অক্টোবৰত ৰাজাপানীচান্দাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ‘ক্ষেত্ৰ সজাগতা শিৱিৰ, বৈজ্ঞানিকভাৱে গাহৰি পালন আৰু খাদ্য বিতৰণ কাৰ্যসূচী’ ৰূপায়ন কৰা হয়।
এই অনুষ্ঠানতে জনজাতি উপ–পৰিকল্পনা আঁচনিৰ অধীনত প্ৰায় পাঁচশগৰাকী হিতাধিকাৰীৰ প্ৰতিগৰাকীলৈ দুশ কিলোগ্ৰামকৈ উন্নতমানৰ গাহৰি খাদ্য বিনামূলীয়াকৈ বিতৰণ কৰা হয়।
ৰাংচাৰী ফাৰমাৰ্চ প্ৰডিউচাৰ কোম্পানীৰ সঞ্চালক অনন্ত কুমাৰ বড়োই আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া জাকিৰ হুছেইনে।
অনুষ্ঠানত উপস্থিত থকা ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড০ ৰফিকুল ইছলামে কয় যে– ‘বিজ্ঞান সন্মতভাৱে গাহৰি পালন কৰিলে ই অতিকৈ লাভজনক হয়। তাৰ কাৰণে পালকগাৰকী কৰ্মঠ হ’ব লাগিব। লগতে গাহৰিৰ বেমাৰ–আজাৰৰ ক্ষেত্ৰতো অধিক মনোযোগ দিব লাগিব। আজিকালি বৈজ্ঞানিকভাৱে কৃত্ৰিম পদ্ধতি ব্যৱহাৰ কৰি অধিক উৎপাদন পাব পাৰি। আমি হিতাধিকাৰীৰ ওচৰত চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সাহাৰ্য আগবঢ়াই আহিছো।’
অনুষ্ঠানত উপস্থিত থকা কেন্দ্ৰটোৰ আনগৰাকী প্ৰধান বিজ্ঞানী ড০ স্বৰাজ ৰাজখোৱাই কয়– ‘অসম তথা উত্তৰ–পূৰ্বাঞ্চলত প্ৰয়োজন হোৱা গাহৰি মাংস পুৰণ কৰি আহিছে ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্য সমূহে। ৰাজস্থান নিৰামিষভোজী ৰাজ্য। কিন্তু উত্তৰ–পূৰ্বাঞ্চলত গাহৰি মাংসৰ প্ৰয়োজন পূৰাবলৈ ৰাজস্থানে ব্যৱসায়িকভাৱে গাহৰি পালন কৰিছে। আমিও ব্যৱসায়িক দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি গাহৰি পালন কৰিব লাগিব।’
এই অনুষ্ঠানতে ৰাংচাৰী ফাৰমাৰ্চ প্ৰডিউচাৰ কোম্পানীৰ সদস্যই উৎপাদন কৰা জৈৱিক চাহৰ পৰা স্থানীয়ভাৱে তৈয়াৰয এটি ব্ৰেণ্ড ‘চানডুবি টী’ আনু্ষ্ঠানিকভাৱে মুকলি কৰে ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী সকলে।
ইপিনে– ভৱিষ্যতে চৰকাৰী সা–সুবিধা গ্ৰহণৰ অৰ্থে ৰাংচাৰী ফাৰমাৰ্চ প্ৰডিউচাৰ কোম্পানীৰ সদস্য ভুক্ত হ’বলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় সঞ্চালক অনন্ত কুমাৰ বড়োৱে।
অনুষ্ঠানটোত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ সুনীল কুমাৰ, ড০ প্ৰিয়াজয় কৌৰ, কাৰিকৰী বিষয়া ড০ গগণ ভূঞা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জয়ন্তী ৰাভা, প্ৰাক্তন সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা লগতে ৰাংচাৰী ফাৰমাৰ্চ প্ৰডিউচাৰ কোম্পানীৰ সঞ্চালক মণ্ডলী লগতে কোম্পানীটোৰ পাঁচ শতাধিক সাধাৰণ সদস্য উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ