প্ৰকাশিত তাৰিখঃ ১১ আগষ্ট, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
৯ আগষ্ট দিনটোক সমগ্ৰ বিশ্বই উদযাপন কৰি আহিছে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস। উল্লেখ্য যে এই খিলঞ্জীয়া দিৱসক আন্তঃৰাষ্ট্ৰীয় ভূমিপুত্ৰ অথবা জনজাতীয় দিৱস ৰূপেও জনা যায়। আজি দক্ষিণ কামৰূপৰ ৰাভা হাছং পৰিষদীয় এলেকাৰ লোহাৰঘাটতো আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উদযাপন কৰা হয়। ছাত্ৰ সংগঠনটোৱে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ যুটীয়া উদ্যোগত এই দিৱস উদযাপন কৰে। কাৰ্যসূচী অনুসৰি পুৱা তিনিওটা সংগঠনৰ বিষয়ববীয়া, সদস্যই লোহাৰঘাটস্থিত কাৰ্যালয়ৰ পৰা মুদুকীলৈকে এক বাইক ৰেলী যাত্ৰা কৰি পুনৰ কাৰ্যালয়ত অন্ত পেলায়।
এই সন্দৰ্ভত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনালে কয়– ‘আজি আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস। খিলঞ্জীয়া জনজাতীয়লোক হিচাপে এই দিৱস আমিও উদযাপন কৰিছো। এই দিৱস উপলক্ষে চৰকাৰৰ প্ৰতি অনুৰোধ থাকিব– আমাৰ জনজাতীয়লোক সকলৰ ভূমি, স্থাস্থ্য, শিক্ষা আদি কৰি বিভিন্ন সমস্যা আছে। লগতে আমি ৰাভা হাছং স্বায়ত্তশাসিত এলেকাত ভাৰতীয় সংবিধানৰ আধাৰত ষষ্ঠ অনুসূচী অন্তৰ্ভূক্তিৰ দাবীও কৰি আহিছো। গতিকে চৰকাৰে আমাৰ এই সমস্যা সমূহ পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’
আনহাতে, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বাগান কলঘৰস্থিত কাৰ্যালয়ত উদযাপন কৰে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস। এই উপলক্ষে অনুষ্ঠিত সভাত আদিবাসী মুক্তিযোদ্ধা বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে।
এই সন্দৰ্ভত কামৰূপ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি মাণিক উৰাঙে কয়– ‘আমি এই অঞ্চলত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে মিলাপ্ৰীতেৰে বসবাস কৰি আহিছো। আমি যে এই অঞ্চলত মিলাপ্ৰীতেৰ বসবাস কৰি আহিছো কেই কথাকেই আজি আমি বিশ্বাসীক জনাব খুজিছো। লগতে জনজাতীয় অঞ্চলটোৰ যি সমস্যা সেয়া সমাধানৰ বাবেও চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছো।’
এই সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া দেৱজিৎ নাফা, কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক অশোক নংবাগ, বাৰছু’ৰ সভাপতি সুভাষ চিনাল লগতে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃবৃন্দ বিশ্বজিৎ উৰাং, জয়ন্ত তাঁতী, বুদ্ধেশ্বৰ উৰাং আদি কৰি বহু সংখ্যক লোক উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ