Wednesday, October 23, 2024
HomeARTICLEগণতন্ত্ৰৰ চনদ

গণতন্ত্ৰৰ চনদ

প্ৰকাশিত তাৰিখঃ ১ জুলাই, ২০২৪

কল্প ৰঞ্জন গগৈ –

কেইজনমান দুষ্ট, অভং–অঁকৰা, বিদ্ৰোহী বেৰণ (Rebel Barons) সংগঠিত হৈ ১২১৫ চনত মেগনা কাৰ্টা (Magna Carta) নামৰ মুক্তিৰ চনদখন তাৰ ৰজাক চহী কৰিবলৈ বাধ্য কৰিছিল (A group of Rebel Barons forced King John to sign Magna Carta, a chapter of liberties) ইংলেণ্ডত। হয়, ১৭৫৭ চনৰ পৰা ১৯৪৭ চনলৈ আমাক শাসন কৰা সাম্ৰাজ্যবাদী ইংলেণ্ড। বিদ্ৰোহী ডাঙৰীয়া (Barons) কেইজনক একত্ৰিত কৰিছিল সত্ৰাধিকাৰ ষ্টিফেন লেংটনে (Archbishop Stephen Langtan)। আজি দেখা বাইবেলখনৰ অধ্যায়বোৰ তেঁৱেই সজাইছিল।

ইংৰাজ আইনৰ প্ৰথম নথি হোৱা স্বত্বেও ১৬ শতিকাতহে তাক ইংৰাজীলৈ অনুবাদ কৰা হৈছিল। কাৰণ সেই সময়ত আদালতৰ ভাষা আছিল ফৰাচী। কিন্তু সকলোতকৈ আচৰিত কথা তাৰ পৰা তিনি শতিকাৰ পিছত জন্মা উইলিয়াম শ্বেইক্সপীয়েৰৰ ৰচনা মেগনা কাৰ্টাৰ স্থান নাই। যিকি নহওক পৃথিৱীৰ বুৰঞ্জীত এই চনদখন গণতন্ত্ৰৰ প্ৰথম দলিল ৰূপে পায়েই থাকিব। সেই দিনৰেপৰা আৰম্ভ হৈছিল সংসদৰ (Parliament) গুৰুত্ব।

মেগনা কাৰ্টাৰ পৰা পাঁচটা শতিকাৰ পিছত ১৭৮৭ চনত গৃহীত হৈছিল মাৰ্কিন যুক্তৰাজ্যৰ সংবিধান। ১৭৮৯ চনৰ ফৰাচী বিপ্লৱে গণতন্ত্ৰৰ বাবে আৰু এক নতুন বতৰা আনিলে। ইয়াৰ ওপৰত আৰু বিশ্ব ইতিহাসৰ গতি পৰ্যবেক্ষণ কৰি জাৰ্মান মণিষী কাৰ্লমাৰ্ক্সে (১৮১৩–১৮৮৩) ৰচনা কৰিলে ভৱিষ্যতৰ পৃথিৱীৰ এক আধুনিক ইস্তাহাৰ। এই তত্বক বিকশাই তুলিলে ভ্লাদিমীৰ লেলিলে। মহান ৰুছ বিপ্লৱৰ সহায়ত ১৯১৭ চনত  ভেটি স্থাপন কৰিলে সমাজতান্ত্ৰিক ছোভিয়েট মহাসংঘ। ১৯২২ চনত এই সংঘ গঠনৰ পিছতে ১৯২৪ চনত লেলিনৰ মৃত্যু। মাৰ্ক্সৰ মতে সমাজতন্ত্ৰৰ স্তৰলৈ যাবলৈ পৰিপক্ক পুঁজিবাদ ৰচনা নোহোৱালৈকে লেলিনে মাৰ্ক্সৰ তত্বক বিকশাই তুলি নিজৰ দেশত প্ৰয়োগ কৰি এখন নতুন দেশৰ ভেটি তৈয়াৰ কৰিলে। আনুষ্ঠানিকভাৱে এই মহাসংঘ ১৯৮৯–৯১ চনৰ ভিতৰত ভাঙি মহাগণতন্ত্ৰলৈ ৰুছ দেশ গতি কৰিলে।

মাৰ্ক্স–লেলিনৰ তত্বক বিকশাই তুলি মহাচীনৰ মাও চে তুঙে এখন তেনেই পিছপৰা দেশত বিপ্লৱ সমাধা কৰিলে। ছোভিয়েট মহাসংঘৰ লগতে আন ইউৰোপীয় দেশবোৰত যে পুঁজিবাদ পুনৰ সংস্থাপিত হৈছে এই কথা মাওয়ে ষাঠি দশকৰ আন্তৰ্জাতিক মহাবিতৰ্কত তুলি ধৰিছিল।

১৯৯১ চনত ছোভিয়েট মহাসংঘৰ পৰা ইয়াৰ অংশীদাৰ দেশবোৰ আঁতৰি যায়। এনেকৈয়ে ‘ৰুছ সমাজতন্ত্ৰৰ(?)’ মহাপতন ঘটিল আৰু গণতন্ত্ৰলৈ গতি কৰা দেশবোৰৰ অৱস্থা কি হ’ল তাক সকলোৱে দেখিলে। এৰা, আমি সমাজবাদৰ পতন দেখিলো এবাৰ। কিন্তু পুঁজিবাদৰ বাধাহীন বিকাশ কি যুদ্ধতেই শেষ হ’ব নেকি?

মাও চে তুঙৰ চিন্তাধাৰাৰ পৰা বিচ্যুত হৈ আজিৰ মহাচীনৰ অৱস্থা কি? ভ্লাদিমীৰ লেলিনৰ স্থান ১৯১৯ চনৰ পৰা ল’লে ভ্লাদিমীৰ পুটিনে, আজি পৰ্যন্ত। গণতন্ত্ৰলৈ গতি কৰোতে যুদ্ধ লাগিবই। সেয়ে আজি যুদ্ধৰ দামামা। এফালে গণতান্ত্ৰিক নাটো (NATO) বাহিনী, আনফালে পুটিন। ভাৰতে কোনফালে যাব? কেৱল মনত ৰাখিব মাৰ্কিন যুক্তৰাজ্যৰ সমৰ্থনত পশ্চিম পাকিস্তানে পূৱ পাকিস্তানৰ জনতাৰ ওপৰত আজিৰ পৰা ৫০ আগতে কৰা হত্যালীলাৰ পৰা ইন্দিৰা গান্ধীৰ ভাৰতে ৰুছ দেশৰ সমৰ্থনত ১৮ দিনৰ যুদ্ধৰ ফলস্বৰূপে ১৯৭১ চনত স্বাধীন বাংলাদেশৰ জন্ম দিলে। আমাৰ ভূপেনদাই গাইছিল– ‘জয় জয় নৱজাত বাংলাদেশ, জয় জয় মুক্তি বাহিনী, ভাৰতীয় সৈন্যৰ মতে ৰচিলা ঐক্যৰ কাহিনী।’

আজিৰ ভাৰতে প্ৰমাণ কৰিব লাগিব যে ই কেৱল মানচিত্ৰত নহয় ই সজীৱ মাটি–মানুহ গঢ়া মাটিৰ দেশ। প্ৰতিজজন ভাৰতীয়ই এবাৰ পাঠ কৰক স্বামী বিবেকানন্দই ১৮৯৩ চনৰ ১১ চেপ্টেম্বৰৰপৰা ২৭ চেপ্টেম্বৰলৈ দিয়া ভাষণাৱলী– আমেৰিকাৰ চিকাগোত। সেই সময়ত বিবেকানন্দৰ বয়স মাথো ৩০ বছৰ। আৰু তাৰ পৰাই ঠিক কৰক দেশৰ নতুন পুৰুষে কেনেধৰণৰ যুক্তিৰে অসম তথা ভাৰতবৰ্ষ গঢ়া হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward