Monday, July 28, 2025
HomeARTICLEগতিহীন গণতন্ত্ৰ

গতিহীন গণতন্ত্ৰ

প্ৰকাশিত তাৰিখঃ ৭ জুলাই, ২০২৫

কল্প ৰঞ্জন গগৈ –

আমাৰ দেশখনৰ স্বাধীনতাৰ ৰজতজয়ন্তীৰ বাণী লালকিল্লাৰ পৰা দিছিল প্ৰধানমন্ত্ৰী ইন্দিৰাজীয়ে। ইতিমধ্যে ১৯৭১ চনত পাকিস্তানৰ পৰা জন্ম হ’ল বংগবন্ধুৰ বাংলাদেশ। ৰাজ্য সভাত অটলবিহাৰী বাজপেয়ীয়ে নাম দিছিল মা দুৰ্গা। মেক্সিম গৰ্কীৰ ‘মা’ৰ যেন নতুন সংস্কৰণ। বিশ্বশ্ৰী ৰিচাৰ্ড নিক্সনৰ মাৰ্কিন দেশৰ ধমকিৰ প্ৰতি কেৰেপ নকৰি বাংলাদেশৰ জন্ম। গণশিল্পী ভূপেন হাজৰিকাই গালে– ‘জয় জয় নৱজাত বাংলাদেশ . . . ভাৰতীয় সৈন্যৰ মতে ৰচিলা ঐক্যৰ কাহিনী’।

স্বাধীনতাৰ ৰজতজয়ন্তী উদযাপনৰ ভাষণত ইন্দিৰাজীয়ে কৈছিল– গণতন্ত্ৰৰ শিপা আৰু অধিক গভীৰতালৈ গতি কৰিছে। মুক্তিযোদ্ধাৰ দলৰ বৃদ্ধসকলক প্ৰত্যাহ্বান জনাই এক নতুন দল গঠন কৰাব। আমাৰ ৰাইজে বিপুল সংখ্যাৰে আদৰণি জনাই দেশৰ নেতাৰ আসনত প্ৰতিষ্ঠা কৰিছিল।

১৯৭৫ চনৰ ২৫ জুনলৈ তেতিয়াও তিনি বছৰ বাকী। সেয়ে ১৯৭১ চনৰ বাংলাদেশক মুক্ত সন্তান হিচাপে জন্ম দিয়া কাৰ্যক আমাৰ দৰে দুৰ্বল দেশৰ জনগণৰ বাবে আছিল এক অভূতপুৰ্ব সফলতা।

এই সফলতাকে তুলি ধৰিছিল লালকিল্লাত। যেন সমাজতন্ত্ৰলৈ ভাৰতবৰ্ষৰ গতি অনিৰুদ্ধ। ১৯৭১ চনৰ নিৰ্বাচনৰ শ্ল’গান ‘গৰিবি হাটাও’ মানুহৰ মুখে মুখে। এনে পৰিস্থিতিত গণতন্ত্ৰৰ যাত্ৰা দৃঢ়তৰ আৰু বেগৱান হ’বলৈ বাধ্য হ’ব পাৰে বুলিও মানুহৰ দৃঢ় ধাৰণা হৈছিল।

কিন্তু ইতিহাসৰ গতি এঁকা–বেঁকা। ভাৰতবৰ্ষৰ ভৱিষ্যতৰ ইতিহাসৰ গতিলয় তাৰ পৰাই আনফালে গতি কৰিলে। ভাৰতবৰ্ষৰ জনগণে লক্ষ্য কৰিলে তেওঁলোকৰ মৰমৰ কংগ্ৰেছ দল দূৰ্নীতিৰে ভৰি পৰিল। ক্ষমতাৰ শীৰ্ষত দেখা গ’ল অপূৰ্ব দূৰ্নীতি। দৃঢ় আৰু বেগৱান গণতন্ত্ৰৰ কথা কওঁতা নিশ্চয় ইব্লিচ্‌ চয়তানে মিচিক–মাচাক হাঁহিছিল। কাৰণ ভাৰত ৰাষ্ট্ৰ নামৰ বিশ্বৰ অংশ তেতিয়াও এক উত্তৰনশীল পৰ্যায়ত আছিল– পুৰণি ৰাজতন্ত্ৰ আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ দখলত থকা। এই পুৰণি লেতেৰাৰ পৰা মুক্ত কৰিবলৈ দেশৰ মুধচত থকাসকলৰ গাত কোনোধৰণৰ শক্তি নাছিল। দেশৰ গৰিষ্ঠ সংখ্যক জনতা কৃষক আৰু শ্ৰমিকৰ মুক্তিৰ বাবে কোনো ধৰণৰ বৈপ্লৱিক সূচীও নাছিল– নেতাও নাছিল।

পুৰণি দিনৰ স্বৈৰতন্ত্ৰই গা কৰি উঠি দেশৰ সংবিধানখনকে হত্যা কৰিবলৈ উঠিপৰি লাগিল আৰু এনেকৈয়ে ১৯৭৫ চনৰ ২৫ জুনৰ পৰা আৰম্ভ হ’ল ক’লা দিন। বিৰুদ্ধ ভাষণক নিক্ষেপ কৰা হ’ল ব্ৰিটিছে এৰি থৈ যোৱা কাৰাগাৰলৈ।

এনেকৈয়ে ভাৰতবৰ্ষৰ ইতিহাসে এক নতুন পথলৈ গতি কৰিলে আৰু আজি এই গতিক নতুন গতি দিবলৈ দেশৰ ১৪২ কোটি জনতাই সংঘবদ্ধভাৱে আগবাঢ়িব লাগিব– বৈজ্ঞানিক সমাজবাদী পথেৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward