Monday, July 14, 2025
HomeNEWSগো–ধনৰ আন্তঃৰাজ্যিক সৰবৰাহঃ ৰাণীত দুখন গাড়ী আটক স্থানীয় ৰাইজৰ

গো–ধনৰ আন্তঃৰাজ্যিক সৰবৰাহঃ ৰাণীত দুখন গাড়ী আটক স্থানীয় ৰাইজৰ

প্ৰকাশিত তাৰিখঃ ১৪ জুলাই, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

৩০ জুনৰ শেষ নিশা। সময় তেতিয়া প্ৰায় ৩.৩০ বাজিছে। বৃহত্তৰ ৰাণী অঞ্চলত নৈশ পহৰা দিয়া কেইজনমান যুৱক সেই সময়খিনিত ৰাণী–মাইৰাং পথত ৰৈ আছিল। সেইখিনি সময়তে তীব্ৰ গতিত গুৱাহাটীৰ ফালৰপৰা মেঘালয় অভিমুখে আহি আছিল তিনিখনকৈ বলেৰ’ পিকআপ গাড়ী।

উল্লেখ্য যে সেই তিনিখনৰ এখন গাড়ীয়ে নৈশ পহৰাৰ দায়িত্বত থকা যুৱক এজনক মহতিয়াই নিয়াৰ উপক্ৰম ঘটিছিল। পহৰাদাৰী যুৱকৰ দলটোৱে গাড়ীকেইখন ৰখাবৰ বাবে ইংগিত দিছিল। কিন্তু যুৱককেইজনৰ ইংগিত অমান্য কৰি বলেৰ’ গাড়ী কেইখন তীব্ৰ গতিত মেঘালয় অভিমুখে ৰাওনা হৈছিল। লগে লগে যুৱক কেইজনেও অন্য এখন গাড়ীৰে বলেৰ’ কেইখনৰ পিছে পিছে ৰাওনা হৈছিল। বহু চেষ্টাৰ বলত অসম–মেঘালয় সীমাৰ শুকুৰবৰীয়াত তিনিওখন গাড়ী ৰখাবলৈ সক্ষম হয়। অৱশ্যে সুযোগ বুজি এখন গাড়ী মেঘালয়ৰ দিশে উধাও হ’বলৈ সক্ষম হয়।

অৱশেষত পহৰাদাৰী দলটোৱে এ এছ ২৫ চি চি ৮৭৭১ আৰু এ এছ ২৫ চি চি ৬৩০৫ নম্বৰৰ গাড়ী দুখন আটক কৰি সেই নিশাই ৰাণী আৰক্ষী চকীত গোটাই দিছিল। উল্লেখ্য যে গাড়ী দুখনত মুঠ ১৬টা গৰু অতি নিষ্ঠুৰভাৱে কঢ়িয়াই আনিছিল।  

উল্লেখনীয় যে, বৃহত্তৰ ৰাণী অঞ্চলটোত আজি বহু বছৰ ধৰি চলি থকা গৰু–ছাগলী চোৰৰ উপদ্ৰৱে ৰাইজক ত্ৰাসিত কৰি তুলিছে। কিয়নো বিগত সময়চোৱাত অঞ্চলটোৰ কেইবাটাও কৃষক পৰিয়ালৰ পৰা গৰু চুৰি কৰি নিছিল। সেয়ে নহয় বাটে–ঘাটে ঘাঁহ খাই থকা ছাগলীবোৰকো চুৰি কৰি লৈ গৈছিল। চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত বৃহত্তৰ অঞ্চলটোৰ কৃষক পৰিয়াল আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হৈছিল।

ইপিনে কৃষক পৰিয়ালসকল নিজৰ পোহনীয়া গৰু, ছাগলীৰ সুৰক্ষাক লৈও যথেষ্ট চিন্তিত হৈ পৰিছিল। সেয়ে গৰু–ছাগলী চোৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলটোৰ যুৱকসকলে প্ৰতিটো নিশা পালপাতি পহৰা দিয়াৰ ব্যৱস্থা কৰিছিল। যুৱক সকলে অঞ্চলটোত নৈশ পহৰাৰ ব্যৱস্থা কৰা আজি বহু বছৰ হ’ল।

এক জটিল পৰ্যায় অতিক্ৰম কৰি ৩০ জুনত নৈশ পহৰাদাৰী যুৱক সকলে গৰু সৰবৰাহ কৰা গাড়ী দুখন আটক কৰিবলৈ সক্ষম হৈছিল। পহৰাদাৰী যুৱকৰ দলটোৱে উক্ত গাড়ী দুখন ৰাণী আৰক্ষী প্ৰশাসনক গোটাই দিছিল। কিন্তু সকলোকে আচৰিত কৰি ৰাণীৰ আৰক্ষীয়ে গৰু সৰবৰাহত জড়িত গাড়ী দুখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

ৰাণী আৰক্ষীৰ এনে পদক্ষেপত নৈশ পহৰাদাৰী যুৱকৰ দলটোৰ লগতে অঞ্চলবাসী ৰাইজ ক্ষোভিত হৈ পৰিছে। ইপিনে, বৈধ নথিপত্ৰ থকা বাবে গৰু সৰবৰাহত জড়িত গাড়ী দুখনৰ ওপৰত আইনী পদক্ষেপ গ্ৰহণ কৰিবপৰা নগ’ল বুলি ৰাণী আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে।

নাম প্ৰকাশত অনিচ্ছুক ৰাণীৰ এজন যুৱকে কয়– ‘গৰুবোৰৰ বৈধ নথিপত্ৰ আছে। তেনেক্ষেত্ৰত গৰু কঢ়িয়াই নিয়া গাড়ীকেইখন কিয় ধৰিছা? এইবুলি ৰাণীৰ পুলিচে আমাক ওলোটাই ধমকিহে দিছিল। গৰুৰ সৰবৰাহ বৈধ নে অবৈধ সেইবোৰ আমি স্পষ্ট ৰূপত জানিব পৰা উপায় নাই। কিন্তু আমি দেখি আহিছো– আমাৰ ৰাণীৰ মাজেৰে যোৱা ৰাণী–মাইৰাং পথেৰে মেঘালয়লৈ নিতৌ গৰু সৰবৰাহ হয়। য’ত এদিনত ৪০–৫০খন সৰু–বৰ গাড়ীত গৰু সৰবৰাহ হয়।’

ৰাণীৰ আন এজন যুৱকে কয়– ‘৩০ জুনৰ নিশা আমি দুখন গৰু সৰবৰাহ কৰা বলেৰ’ পিকআপ গাড়ী আটক কৰি ৰাণী আৰক্ষীৰ হাতত গোটাই দি পুৱা প্ৰায় ৪বজাত আৰক্ষী চকীৰ পৰা ওলাই আহিছিলো। দুয়োখন গাড়ীৰ ভিতৰত ১৬টা গৰু আছিল। পুৱাৰ ভাগত আমি পুনৰ খবৰ ল’বলৈ যাওঁতে ৰাণী আৰক্ষী চকীত গাড়ী এখনো দেখা নাপালো। মানে গৰুৰ বৈধ নথিপত্ৰ থকা বাবে আৰক্ষীয়ে এৰি দিছে। গৰু ক’ৰপৰা আহে, বৈধ নে অবৈধ সেইটো আমি নাজানো। যিহেতু গৰুবোৰ আমাৰ ৰাণীৰ মাজেৰেই সৰবৰাহ হয়, তেনেক্ষেত্ৰত ৰাণী আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি ভাবো। তদুপৰি গৰুৰ সৰবৰাহ কৰা গাড়ীবোৰ নিশা ১–২ বজাৰ পিচতহে কিয় চলাচল কৰিব লাগে? ৰাইজে কেনেকৈ জানিব চোৰাং গৰু নে, বৈধ নথিপত্ৰ থকা গৰু? যদি বৈধ নথিপত্ৰ আছে তেনেহ’লে গৰু কঢ়িয়াই নিয়া গাড়ীবোৰ দিনৰ পৰিৱৰ্তে ৰাতি চলাচল কিয়? আমাৰ মনত সন্দেহ উপজাৰ কাৰণটো হ’ল বিগত সময়ত এই অঞ্চলটোৰ পৰা বহু গৰু–ছাগলী চুৰি হৈ আছে। গতিকে গৰু কঢ়িয়াই নিয়া গাড়ীবোৰ যদি দিনৰ পৰিৱৰ্তে ৰাতি চলাচল কৰে তেনেহ’লে আমাৰ মনত স্বাভাৱিকতে সন্দেহ উপজিব। তদুপৰি গৰু কঢ়িয়াই নিয়া গাড়ীবোৰ ইমান বেগত চলাচল কৰে সন্মুখত যিকোনো বস্তু পৰিলেও ৰক্ষা কৰিবৰ উপায় নাই। ইপিনে প্ৰশাসনে কৈছে– বৈধ নথিপত্ৰৰ দ্বাৰা গৰুবোৰ আন্তঃৰাজ্যিক সীমান্তৰ পথেৰে সৰবৰাহ চলি আছে। ইপিনে গৰু সৰবৰাহত জড়িত গাড়ীবোৰ নিশা তীব্ৰ গতিত চলাচল কৰা কাৰ্যই মানুহৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। সেই কাৰ্যও উচিত হোৱা নাই।’

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward